মই অসমৰ বাহিৰত থাকো। আৰু মোৰ কৰ্মস্থলীৰ সহকৰ্মীসকল ভাৰতবৰ্ষৰ বিভিন্নপ্ৰান্তৰ। বিভিন্ন সময়ত আমি কথা-বতৰাৰ মাজত আমি আমাৰ জাতীয় গৌৰৱ, ঐতিহ্য, মানৱতা, স্বাভিমান আদিৰ বিষয়ে কথা-বতৰা পাতো । অসমীয়া ভাষাৰ কথা ক'বলৈ গ'লে মই মোৰ সহকৰ্মীসকলক মাধৱ কন্দলীয়ে ৰামায়ণখন প্ৰথম প্ৰান্তীয় তথা আঞ্চলিক ভাষালৈ অনুবাদ কৰিছিল বুলি গৌৰৱ কৰি মানৰ আক্ৰমণ, বঙালীসকলৰ প্ৰৰোচনাৰ বাবে আধুনিক অসমীয়া ভাষাতো অলপ থমকি ৰ'ব লগা হ'ল বুলি কওঃ। লগতে অসমীয়া মানুহৰ কথা ক'বলৈ গৈ শংকৰদেৱে বলী বিধান, মূৰ্তি পূজা, জাত-পাত বিচাৰ নকৰি মানুহক মানুহ হিচাপে বিচাৰ কৰি শংকৰদেৱে আজিৰ যি আধুনিক মানুহৰ চিন্তা সেই চিন্তা কৰিছিল চৰ্তুদশ-পঞ্চদশ শতিকাতে বুলি মই বুকু ফিন্দাই কওঁ। লাচিতে বৰফুকনে মোগলৰ দৰে কেন্দ্ৰীয় শক্তিক পৰাস্ত কৰিছিল, ভাৰতীয় চলচ্চিত্ৰৰ প্ৰাৰম্ভিক কালতে প্ৰমথেশ বৰুৱাই "দেৱদাস"ৰ দৰে ছবি পৰিচালনা কৰা আদি কথাবোৰো কথা প্ৰসংগত সহকৰ্মীসকলৰ আগত ক'ব লগা হয়। অসমীয়া মানুহৰ স্বাভিমানৰ কথা ক'বলৈ গৈ অমলপ্ৰভা দাসে ভাৰতবৰ্ষৰ দ্বিতীয় সৰ্বোচ সন্মান পদ্মবিভূষণ বঁটা ল'বলৈ অস্বীকাৰ কৰাৰ কথা কওঁ। লগতে মই কওঁ অসমত হিন্দু-মুছলিমৰ সম্পৰ্ক উত্তৰ-ভাৰতৰ বা ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ দৰে নহয় বুলি কওঁ। অসমত বহু মুছলমান ল'ৰা-ছোৱালীৰ নাম বাবা, আইজনী, মুনমী, ৰাহুল, বলিন, বাবুলৰ দৰে। আমাৰ জাতীয় উৎসৱত একেলগে বিহু গাওঁ, ভোজভাত খাওঁ, ভাওনা কৰো বুলিও সহকৰ্মীসকলৰ আগত কও। (কিন্তু বৰ্তমান সেই কথাটো ক'ব পৰাৰ পৰিস্থিতি কৰি ৰক্ষা নাই বৰ্তমানৰ অসমৰ বিজেপি চৰকাৰখনে। অসমৰ দুই এজনমান মন্ত্ৰী-বিধায়কেতো এতিয়া মুখ খুলিলেই সাম্প্ৰদায়িক ঘৃণাৰ বিষবাষ্প বিয়পোৱাৰ কথা কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও এইক্ষেত্ৰত আগৰণুৱা ৰূপে দেখা গৈছিল শেহতীয়া পাঁচ ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰ সভাসমূহৰ বক্তৃতাত।) এইফালৰ পৰা আমাৰ পূৰ্বপুৰুষসকলে অসমীয়া জাতটোক গৌৰৱ কৰিব পৰাকৈ মহীয়ান কৰি গৈছে।
কিন্তু বৰ্তমান সময়ৰ অসমীয়া মানুহখিনিৰ চিন্তা-চেতনা, কাৰুকাৰ্যসমূহৰ শেহতীয়া খতিয়ান মোৰ সহকৰ্মীসকলৰ লগত বিনিময় কৰিবলৈ মই সংকোচ কৰিবলৈ বাধ্য হওঁ। কাৰণ অসমীয়া মানুহৰ কাম-কাজ, চিন্তা-চেতনাবোৰৰ মাজত অসমীয়াত্ব, স্বকীয়তা, অসমীয়া মানুহৰ স্বাভিমান আদিবোৰ গৌৰৱ কৰি ক'ব পৰাকৈ বিষয়েই বিচাৰি নাপাওঁ। দুই নম্বৰী কৰি গাড়ী, ঘৰ ক্ৰয় কৰা, সন্তানক শিক্ষিত কৰি তোলাতকৈ যিকোনো প্ৰকাৰে মোটা অংকৰ ধন উপাৰ্জনৰ উপযোগী কৰি তোলাতেই আগ্ৰহী এতিয়া ব্যস্ত বেছিভাগ অসমীয়া মানুহ। ভুল দেখি নিজৰ মমায়েকৰ শিৰচ্ছেদ কৰা লাচিতৰ উত্তৰ পুৰুষ আমি পত্নীৰ ভূমি কেলেংকাৰী দেখিও নেদেখা ভাও ধৰো, দুখিয়াৰ বাবে হাজাৰ বিঘা মাটি বিলাই দিয়া বিষ্ণ ৰাভাৰ উত্তৰপুৰুষ হৈ আজি আমি নিজৰ নামত মাটি এডোখৰ কৰিবলৈ সকলো প্ৰকাৰ দুৰ্নীতিৰ আশ্ৰয় ল'বলৈ অলপো কুণ্ঠাবোধ নকৰো।
অসমীয়া মানুহখিনিক আমি দুটা ভাগত বিভক্ত কৰিব পাৰো। এখিনি মধ্যবিত্ত আৰু আনখিনি দুখিয়া আৰু নিম্নমধ্যবিত্ত। মধ্যবিত্তৰ অধিকাংশই চহৰীয়া বা চহৰৰ আশে-পাশে বাস কৰে। যিকোনো এটা জাতিৰ বৈশিষ্ট্য সাধাৰণতে এই মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনিয়েই বহন কৰে। আৰু এখন সমাজৰ সকলো কাম-কাজৰ নেতৃত্ব লয় এইশ্ৰেণীটোৰ লোকসকলেই। এতিয়া কথা হ'ল অসমৰ এই মানুহখিনিৰ মাজতেই অসমীয়াৰ স্বকীয়তাৰ আটাইতকৈ বেছি স্খলন দেখিবলৈ পোৱা গৈছে। যিয়ে এখন সমাজক নেতৃত্ব দিয়ে। তেওঁলোকৰ অধিকাংশৰ সন্তানেই মাতৃভাষা, জাতীয় উৎসব-পাৰ্বন, জাতীৰ কলা-সংস্কৃতিৰ বিশেষভাৱে নাজানে, এওঁলোকৰ সন্তানেই নামৰ আগত কাশ্যপ, ৰবাৰ্ট, এঞ্জেল আদিৰ লগতে উপাধিৰ ঠাইত উত্তৰ ভাৰতৰ কিছুমান গোত্ৰ সম্প্ৰতি ব্যৱহাৰ কৰিবলৈ ধৰিছে। ধন তেৰাছ, চাইবাবা, ষট পূজা বম ব'ল আদি অসমীয়া সমাজ জীৱনত কোনোকালে নথকা কিছুমান উৎসৱ-পাৰ্বনত অংশগ্ৰহণ কৰাৰ উচাহ দেখিবলৈ পোৱা গৈছে এই মধ্যবিত্ত মানুহখিনিৰ মাজত। এনে উৎসৱৰ পাৰ্বণৰ সময়ত আকৌ এদিনতে এখন বৃহৎ উৰণীয়া সেঁতু নিৰ্মাণৰ জোখাৰ মদ বিক্ৰি হৈছে। ইয়াৰ বিপৰীতে অসমীয়া খাদ্যসম্ভাৰসমূহ হেৰাই যাব ধৰিছে এই মানুহখিনিৰ মাজৰ পৰা। মধ্যবিত্ত মানুহখিনিয়ে এটা জাতিক নেতৃত্ব দিয়ে। গতিকে এটা জাতিক নেতৃত্ত্ব দিয়া মানুহখিনিৰ মাজতেই যদি জাতি এটাৰ ভাষা, উৎসৱ-পাৰ্বন, খাদ্য সম্ভাৰ, সাজ-পাৰ, স্বাভিমান আদি চকুৰে মনিব নোৱৰা হয় তেতিয়াহ'লে জাতিৰ এটাৰ স্বকীয়তা জীয়াই থকা সম্ভাৱনা কিমান! ইফালে, এই মধ্যবিত্ত মানুহ খিনিৰ নেতৃত্ত্বতেই গামোচাখনক কোনোবাই অপমান কৰিলে, ভাষাটোক লৈ কোনোবাই তৰল মন্তব্য এটা দিলে, বৰাকৰ অসমীয়া ভাষাৰ চাইনবোৰ্ডখন আঁতৰাই দিলে, মাতৃভাষাৰ স্কুলসমূহ বন্ধ ঘোষণা কৰিলে কুকুৰ টিকাত কোবাই দিলে অলপ সময় ভোকাৰ দৰে অলপ সময়ৰ বাবে চিঞৰ-বাখৰ কৰে। পৰৱৰ্তী সময়ত সকলো পাহৰি কেওমেও কৰি নেজ পেলাই বহি থাকে।
লগতে পঢ়ক-
সাগৰ পাৰৰ অৰ্ধ নঙঠা মানুহ, সোৱণশিৰিৰ মাছ, ৰাঘৱ আৰু অন্যান্য
ইয়াৰ বিপৰীতে কিন্তু নিম্নমধ্যবিত্ত বা দুখীয়া মানুহখিনিৰ মাজত অসমীয়া জাতিৰ পৰিচয় বহন কৰিব পৰা বহুখিনি বৈশিষ্ট্য এতিয়াও অটুত আছে। নিজৰ ভাষা, সংস্কৃতিৰ বাবে সততে নিস্বাৰ্থভাৱে এই মানুহখিনি ওলাই আহে। বৰ্তমানেও এইশ্ৰেণীৰ অধিকাংশৰ সন্তানে মাতৃভাষা জানে, কয়, অসমীয়া গীত-মাত চৰ্চা কৰে, উৎসৱ-পাৰ্বণত অংশগ্ৰহণ কৰে, ভাওনা, বিহু বুলিলে এতিয়াও পগলা। ভাষাৰ বাবে, জাতিটোৰ বিপন্নৰ সময়ত ৰাজপথলৈ এই শ্ৰেণী লোকৰ সন্তানেই সৰহকৈ ওলাই আহে, পুলিচৰ লাঠি কোৱ খাই, গুলি খায় মৃত্যু হয় এওঁলোকৰ সন্তানেই। কিন্তু এইখিনি মানুহৰ মাজত এতিয়াও কৰ্ম-সংস্কৃতি গঢ় লৈ উঠা নাই। ঘৰৰ মাটি-বাৰী পেলাই বহি:ৰাজ্যত গৈ দৈনিক মজুৰি কৰে, সময়ৰ কোনো মূল্য নাই, দুই-তিনিটা লগ হৈ এতিয়াও দিনৰ দিনটো তাছ খেলি, কেৰম খেলি সময় কটাবলৈ কুণ্ঠবোধ নকৰে। আনহাতে এই শ্ৰেণীটোৰ অন্তগৰ্ত গ্ৰামাঞ্চলৰ বেছিভাগ লোকেই বছৰত এবাৰ ধান খেতিটো কৰি বাকীসময়খিনি খায় বহি কটায়। শেহতীয়াকৈ গ্ৰামাঞ্চলৰ মানুহখিনিয়ে খেতি কৰিলে লাভতকৈ লোকচানৰহে সন্মুখীন হয় বুলি তত্ত্ব এটা উদ্ভাৱন কৰিছে। আৰু খেতিৰ সলনি কন্টলৰ বা সমবায় চাউলকেইটাকে খাই মাজতে দুই-এদিন আনৰ ঘৰত হাজিৰা কৰি জীৱনটো চলাই নিয়াৰ পৰম্পৰা এটাও আৰম্ভ হৈছে। ইফালে, অতি শেহতীয়াকৈ এই শ্ৰেণীটোৰ অধিকাংশ মহিলাৰ মাজত স্বাভিমান বোলা বস্তুটো একেবাৰে নাইকীয়া হোৱা যেন পৰিলক্ষিত হৈছে। অসমীয়া নাৰী শক্তিৰ প্ৰতীক জয়মতী,সাধনী, কনকলতা, মুলাগাভৰু, অমলপ্ৰভা আদি স্বাভিমানী মহিলাসকলৰ উত্তৰ পুৰুষ আজিৰ অসমীয়া নাৰী অৰুণোদয়ৰ দৰে আঁচিনৰ কৱলত। প্ৰতিটো মাহৰ ১০ তাৰিখত আহিব লগা ১২০০ টকাৰ বাবে সকলো কৰিব পাৰে- যদি নাচিবলৈ কয় নাচিব, হাঁহিবলৈ কয় হাঁহিব। জাতি এটা নিৰ্মাণত, সুস্থ-সবলকৈ বৰ্তাই ৰখাত মহিলাসকলৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ কিন্তু সেই নাৰী সমাজ আজি মেৰুদণ্ডহীন হোৱা যেন লাগে বহু সময়ত। ইফাল, এই নিম্নমধ্যবিত্ত বা দুখীয়া শ্ৰেণী মানুহখিনিৰ মাজতো আজিকালি ভাঙোনমুখী চৰিত্ৰই গাঢ় কৰি উঠিছে। এখন গাঁৱত দুটা-তিনিটা নামঘৰ, ইজনৰ ঘৰত সিজনে নাখায়, মাইক লগাই অখণ্ড ভাগৱত পঢ়ে। গতিকে অনাগত দিনত অসমীয়াৰ ভৱিষ্যত আশংকাৰে যে ভৰপূৰ সেয়া দিনৰ পোহৰ দৰেই জিলিকিছে।
অৱশ্যে এই দুয়োটা শ্ৰেণী মানুহৰ মাজত এপাচি শাকত এটা জালুকৰ দৰে দুই এজন ব্যক্তি আছে যিয়ে নিস্বাৰ্থভাৱে জাতিটোৰ স্বকীয়তা, স্বাভিমান আদি ৰক্ষাৰ বাবে বিভিন্নক্ষেত্ৰত কাম কৰি আছে। কৃষিক্ষেত্ৰত এই দুয়োটা শ্ৰেণীৰ বহু যুৱকে নতুন চিন্তা-চেতনাৰে আগবাঢ়িছে, শিক্ষিত বুলি গপত গঁগাটোপ হৈ চাকৰিৰ আশাত বহি নাথাকি বহ যুৱকে উদ্যোগ, ব্যৱসায় বাণিজ্যত মনোবিশেষ কৰিছে, গ্ৰন্থমেলাসমূহত কিতাপ বিক্ৰিৰে অভিলেখ সৃষ্টি হৈছে, পঢ়ুৱৈ বাঢ়িছে, উইকিপেডিয়াৰ যথেষ্ট কাম হৈছে, অন্য উন্নত ভাষাসমূহৰ দৰে অসমীয়া ভাষাতো এপছ, ছফটৱেৰ সৃষ্টি হৈছে, নতুন চিন্তাৰে বহু যুৱকে সাহিত্য চৰ্চা কৰিছে আদি কামবোৰে অৱশ্যে সংকটৰ দিশে আগবঢ়া অসমীয়াৰ আশাৰ চাকিটো জ্বলাই ৰাখিছে।
লগতে পঢ়ক-
Share your comments