1. News

Agriculture news: গুৱাহাটীত "আছাম ষ্টেট মনচুন ফ'ৰাম"ৰ কাৰ্যসূচী

KJ Staff
KJ Staff
The "Assam State Monsoon Forum" in Guwahati
The "Assam State Monsoon Forum" in Guwahati

গুৱাহাটীস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৫ জুলাই ২০২৪ তাৰিখে "আছাম ষ্টেট মনচুন ফ'ৰাম"ৰ এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ত আয়োজিত এই কাৰ্যসূচী কৃষি বিভাগ, ভাৰতৰ বতৰ বিজ্ঞান বিভাগ (আই এম ডি) আৰু ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচী (ডব্লিউ এফ পি)ৰ সহযোগিতামূলক পদক্ষেপৰ অংশ হিচাপে অনুষ্ঠিত কৰা হয়। অসম চৰকাৰৰ কৃষি বিভাগৰ সচিব তথা উদ্যানশস্য সঞ্চালক তেজপ্ৰসাদ ভূষালে এই অনুষ্ঠানত পৰিৱৰ্তনশীল জলবায়ুৰ পৰিপ্ৰেক্ষিতত উদ্যানশস্য আৰু পুষ্টিগত দিশটোৰ সুৰক্ষাৰ গুৰুত্বৰ সন্দৰ্ভত আলোকপাত কৰে।

এই অনুষ্ঠানত কৃষি সঞ্চালক ভাস্কৰ পেগু (আই এ এছ)ৱে আদৰণি ভাষণ আগবঢ়াই ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচীৰ সৈতে কৰা সহযোগিতামূলক পদক্ষেপৰ কথা সদৰী কৰে আৰু সকলো স্তৰতে জলবায়ু সম্পৰ্কীয় সেৱাৰ ব্যৱহাৰ অধিক ফলপ্ৰসূ কৰাৰ বিষয়ে ব্যক্ত কৰি মনচুন ফ'ৰামৰ ভূমিকাৰ কথাও অৱগত কৰে।  ক্লাইমেট ৰেজিলিয়েঞ্চ আৰু ডি আৰ আৰৰ মুৰব্বী প্ৰদন্যা পাইথাংকৰে পূৰ্বানুমান কাৰ্যপ্ৰণালী আৰু অভিযোজন পৰিকল্পনাৰ বাবে জলবায়ু সম্পৰ্কীয় তথ্যৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এনে এখন ফ'ৰামৰ কাৰ্যসূচী আয়োজন কৰাৰ এয়াই উপযুক্ত সময়।

লগতে পঢ়ক- 

Double Cropping Farming : অসম কৃষি বিশ্ববিদ্যালয় যুগান্তকাৰী পদক্ষেপ

আই এম ডি (বতৰ বিজ্ঞান)ৰ সঞ্চালক প্ৰধান ড° মৃত্যুঞ্জয় মহাপাত্ৰই অসম চৰকাৰক এনে ফ'ৰামৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে অভিনন্দন জ্ঞাপন কৰে।  আই এম ডিৰ এক উপস্থাপনত আই এম ডিৰ জলবায়ু সম্পৰ্কীয় সেৱা আৰু বিভিন্ন সামগ্ৰী আৰু ইয়াৰ ব্যৱহাৰ তথা সীমাবদ্ধতাৰ বিষয়ে বিশদভাৱে উল্লেখ কৰা হয়। এই উপস্থাপনত তথ্য প্ৰদানকাৰী হিচাপে আই এম ডি আৰু সেৱাসমূহৰ গ্ৰাহক হিচাপে বিভিন্ন বিভাগ আৰু অংশীদাৰসকলৰ মাজত সংযোগ বৃদ্ধি কৰি সহজ পদ্ধতি গঢ়ি তোলাৰ এক শিক্ষণ প্ৰক্ৰিয়া হিচাপে প্ৰতিফলিত কৰা হয়।

এই কাৰ্যসূচীত এ এছ ডি এম এ, এন ডি আৰ এফ, পৰিৱেশ আৰু জলবায়ু, স্বাস্থ্য বিভাগ, এ এছ আৰ এল এম, এ পি জি চি এল, খাদ্য আৰু অসামৰিক যোগান, কৃষি, নাবাৰ্ড, অসম কৃষি বিশ্ববিদ্যালয় আৰু আই আই টি, গুৱাহাটীৰ দৰে শৈক্ষিক প্ৰতিষ্ঠানকে ধৰি বিভিন্ন বিভাগে অংশগ্ৰহণ কৰে। সংশ্লিষ্ট বিভাগসমূহে জলবায়ুৰ সৈতে জড়িত তথ্যৰ কেনেকৈ ব্যৱহাৰ কৰি আছে আৰু জলবায়ুৰ অভিযোজন আৰু পৰিকল্পনাৰ সৈতে জড়িত প্ৰয়োজনীয় দিশসমূহৰ বিষয়ে উপস্থাপন কৰে।

কৃষক ৰাইজ, বিশেষ গোট আৰু অসমবাসীৰ সুবিধাৰ্থে ভিন্ন খণ্ডৰ সমন্বয়ৰ দ্বৰা দ্বিপাক্ষিক এই আলোচনাক শক্তিশালী কৰাৰ বাবে আই এম ডি আৰু কৃষি বিভাগে আগবঢ়াবলগীয়া সহযোগিতাৰ বিষয়েও এই অনুষ্ঠানত উল্লেখ কৰা হয়। তদুপৰি ডব্লিউ এফ পিয়ে চৰকাৰৰ প্ৰচেষ্টাত বিশেষ কাৰিকৰী সহযোগিতা আগবঢ়োৱাৰ বিষয়েও সদৰী কৰে। জলবায়ু সম্পৰ্কীয় তথ্যৰ ব্যৱহাৰ কৰি বিভিন্ন খণ্ডৰ উন্নয়নৰ বাবে এক সুপৰিকল্পিত ব্যৱস্থাৰ সৃষ্টি কৰাৰ বাবে আজিৰ কাৰ্যসূচীত বিশেষভাৱে গুৰুত্ব দিয়া হয়।

লগতে পঢ়ক- 

Swapna F1 : ৮-৯ মাহত গুৰিৰ পৰাই লাগিব ফল, এবিঘা মাটিত আৰম্ভ কৰক

English Summary: The "Assam State Monsoon Forum" in Guwahati

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.