1. News

MFOI 2024 : আজিৰে পৰা আৰম্ভ মিলিয়নাৰ ফাৰ্মাৰ অৱ দ্যা ইণ্ডিয়া এৱাৰ্ড ২০২৪

KJ Staff
KJ Staff
MFOI 2024
MFOI 2024

আৰম্ভ হ’ল মিলিয়নাৰ ফাৰ্মাৰ অৱ দ্যা ইণ্ডিয়া এৱাৰ্ড ২০২৪। ১-৩ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব মিলিয়নাৰ ফাৰ্মাৰ অৱ দ্যা ইণ্ডিয়া এৱাৰ্ড ২০২৪। কৃষি জাগৰণ মিডিয়া গ্ৰুপ, ICAR আৰু মহিন্দ্ৰা টেক্টৰছে দ্বিতীয়বাৰৰ বাবে আয়োজন কৰিছে  মিলিয়নাৰ ফাৰ্মাৰ অৱ দ্যা ইণ্ডিয়া এৱাৰ্ড চমুকৈ MFOI 2024। অনুষ্ঠানৰ আৰম্ভণি দিনটোতে জিলা পৰ্যায়ত বঁটা লাভ কৰা কৃষকসকলক বঁটা প্ৰদান কৰা হ’ব।

কাৰ্যসূচী অনুসৰি ১০ বজাৰ পৰা অনুষ্ঠানৰ আৰম্ভণি হয়। আৰম্ভণি অনুষ্ঠানটোত অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়। অতিথিসকলক সম্বৰ্ধনা জনায় কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মেনেজিং ডাইৰেক্টৰ শ্বাইনী ডমিনিকে। সম্বৰ্ধনা অনুষ্ঠানটোত কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ স্বত্ত্বাধিকাৰী তথা মুখ্য সম্পাদক এম চি ডমিনিকে মিলিয়নাৰ ফাৰ্মাৰ অৱ ইণ্ডিয়া এৱাৰ্ডৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। শুভাৰম্ভণী অনুষ্ঠানটোত উপস্থিত থাকে ৰাজাৰাম ত্ৰিপাঠী (Maa Danteshwari Herbal Group ৰ স্বত্তাধিকাৰী তথা ৩ বাৰকৈ দেশৰ শ্ৰেষ্ঠ কৃষকৰ বঁটা লাভ), উপস্থিত থাকে মহিন্দ্ৰা টেক্টৰছৰ মুখ্য কাৰ্যবাহী বিষয়া বিক্ৰম ৱাৰ্গ, অধ্যাপক ৰমেশ চান্দ, ড° হিমাংশু পাঠক (সঞ্চালক প্ৰধান, ভাৰতীয় কৃষি পৰিষদ)লগৰ লগতে কৃষিখণ্ডৰে জড়িত অন্যান্য ব্যক্তিসকল।  বিয়লি ৩ বজাত জিলা পৰ্যায়ৰ কৃষকসকলক বঁটা প্ৰদান কৰিব।

লগতে পঢ়ক- 

MFOI 2024 ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

English Summary: Start MFOI 2024

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.