 
            কৃষি বিজ্ঞান কেন্দ্ৰ ডিব্ৰুগড়ত কীটনাশক ব্যৱস্থাপনা সন্দৰ্ভত ১২ দিনীয়া প্ৰশিক্ষণ সম্পন্ন। যোৰহাট কৃষি বিশ্ববিদ্যালয় আৰু ৰাজ্যৰ কৃষি বিভাগৰ উদ্যোগত ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হয় এই প্ৰশিক্ষণ কাৰ্যসূচী। প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা আৰু নিৰীক্ষণ কৰে কেভিকে ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিজ্ঞানী ড০ দিগন্ত শৰ্মাই।
প্ৰশিক্ষণ কাৰ্যসূচীত কৃষিক্ষেত্ৰত কীটনাশক অপপ্ৰযোগৰ ভয়াৱহতা সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় জ্যেষ্ঠ বিজ্ঞানী ড° সংঘমিত্ৰ শৰ্মাই। প্ৰশিক্ষণৰ শেষৰ দিনটোত ভাৰ্চুৱেলি কীটনাশক অপপ্ৰয়োগৰ ভয়াৱহতা আৰু আৰু এখন বহনক্ষণ পৃথিবীৰ বাবে কীটনাশকৰ সুপ্ৰয়োগ সন্দৰ্ভত প্ৰশিক্ষাৰ্থীসকলক ভাৰ্চুৱেলী বক্তৃতা প্ৰদান কৰে ড° মনোৰঞ্জন নেওগে।
প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষাৰ্থী কৃষি বিষয়াসকলক সমল ব্যক্তিসকলে কৃষক আৰু ব্যৱসায়ীসকলক কীটনাশক প্ৰয়োগ আৰু বিক্ৰিৰ ক্ষেত্ৰত সচেতনতা আনিবলৈ আহ্বান জনায়। সনমল ব্যক্তিসকলে কয়- কীটনাশক প্ৰয়োগৰ ফলত অনিষ্টকাৰী কীটসমূহৰ মৃত্যু হোৱাৰ লগতে মাটি আৰু আমাৰ পৰিৱেশত থকা জীৱ-অনুজীৱবোৰ মৃত্যুমুখত পৰে। ইয়াৰ ফলত মাটিৰ গুণাগুণ নষ্ট হয়। কাৰণ মাটিত থকা জীৱ-অনুজীৱবোৰে মাটিৰ উৰ্ব্বৰ কৰি ৰক্ষা ৰখাত বিশেষ ভূমিকা গ্ৰহণ কৰে। মাটিৰ গুণাগুণ ৰক্ষা কৰা জীৱ-অনুজীৱবোৰেই যদি আমি কীটনাশক প্ৰয়োগ কৰি মাৰি পেলাও তেতিয়া মাটিৰ উৰ্ব্বৰা শক্তি এসময়ত শেষ হৈ যাব। আৰু আমাৰ পৰৱৰ্তী প্ৰজন্মক আমি দি যাব লাগিব এখন অনুৰ্ববৰ পৃথিবী।
প্ৰশিক্ষণৰ শেষৰ দিনটোত প্ৰশিক্ষাৰ্থী কৃষি বিষয়াসকলক এখন বহনক্ষম পৃথিবীৰ বাবে কৃষক ৰাইজৰ ওচৰলৈ গৈ তেওঁলোকৰ মাজত কীটনাশকৰ অপ্ৰয়োগৰ ভয়াৱহতা সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে আধুনিক কৃষিপদ্ধতিত কীটনাশকৰ এটা এৰাব নোৱৰা সম্পৰ্ক আছে। গতিকে কীটনাশক কৃষকসকলেই প্ৰয়োগ কৰিবই লাগিবই। কিন্তু সেয়া কেনেদৰে প্ৰয়োগ কৰিব লাগিব আৰু কোনবোৰ কীটনাশক পৰিৱেশৰ বাবে অধিক ক্ষতিকাৰক তাক চিনাক্ত কৰি সেইবোৰক পৰিহাৰ কৰিব লাগিব।
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments