1. News

Dhanuka Agritech: নতুন প্ৰজন্মৰ কৃষকক লৈ ধনুকা এগ্ৰিটেকৰ নতুন চুটি ছবি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
भारत का प्रणाम हर किसान के नाम'
भारत का प्रणाम हर किसान के नाम'

শেহতীয়াকৈ ধনুকা এগ্ৰিটেকে ‘ইণ্ডিয়া কা প্ৰণামহৰ কিষাণ কে নাম’ নামৰ এখন মিনি ফিচাৰখনৰ দ্বিতীয় সংস্কৰণটো মুকলি কৰিছে। কৃষক হোৱাৰ সপোন দেখা এটি কণমানি ল’ৰাৰ দৃষ্টিকোণৰ পৰা ভাৰতৰ খেতিৰ ভৱিষ্যতক ছবিখনত দেখুৱওৱা হৈছে।

২০২২ চনত ধনুকাৰ প্ৰযোজনাত মুক্তি পোৱা ছবিখনৰ প্ৰথম খণ্ডটোৱেও দৰ্শকৰ  মাজত জনপ্ৰিয়তা লাভ কৰিছিল। ছবিখনৰ দ্বিতীয় সংস্কৰণৰ টিজাৰ ৬০ আগষ্টত মুক্তিৰ পাছতেই ছ’চিয়েল মিডিয়াত এক খলকনি সৃষ্টি কৰিছে আৰু ছবিখনক লৈ যথেষ্ট সমালোচনাও হৈছে। ছবিখনত এটা সহজ অথচ গভীৰ বাৰ্তা আছে— ভাৰতৰ ভৱিষ্যত দেশখনৰ কৃষকৰ হাতত নিহিত হৈ আছে, আৰু এই বাৰ্তাই সমগ্ৰ দেশৰ দৰ্শকৰ হৃদয় চুই গৈছে।
বিগত ৪৪ বছৰ ধৰি দেশৰ কৃষকক বিশ্বাসযোগ্য সেৱা আগবঢ়াই অহা ধনুকা এগ্ৰিটেকে ‘ইণ্ডিয়া কা প্ৰণাম, হৰ কিষাণ কে নাম’ চুটি ছবিখনো কৃষকৰ জীৱন-যাপনৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যই লুকাই আছে। এই সন্দৰ্ভত ধনুকা এগ্ৰিটেকৰ জ্যেষ্ঠ উপ-সাধাৰণ প্ৰবন্ধক ৰত্নেশ কুমাৰ পাঠকে কয় যে এই ছবিখন উন্মোচন কৰি আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছো। কৃষক সমাজক সবলীকৰণ আৰু সন্মান জনোৱাৰ আমাৰ মিছনৰ এটা অংশ। এই ছবিখনৰ জৰিয়তে আমি প্ৰতিভাৱান যুৱক-যুৱতীসকলে কৃষিক নিজৰ পেছা কৰি ল’ব নোৱাৰে বুলি পুৰণি চিন্তাধাৰাক প্ৰত্যাহ্বান জনাব বিচাৰিছো। কৃষি কেৱল জীৱিকা নহয়, ই এক ঐতিহ্য। এই ছবিখনে নিজৰ অটল কঠোৰ পৰিশ্ৰম আৰু অমূল্য অৱদানেৰে দেশক শক্তিশালী কৰা প্ৰতিজন কৃষকৰ প্ৰতি আমাৰ গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ প্ৰয়াস।”
ধনুকা এগ্ৰিটেকে ভাৰতীয় কৃষকৰ সংগ্ৰাম, সফলতা আৰু প্ৰতিটো শস্যৰ আঁৰৰ অক্লান্ত পৰিশ্ৰমক বুজি পাই বছৰ বছৰ ধৰি ভাৰতীয় কৃষকৰ সৈতে থিয় দি আহিছে। এই ছবিখনে সেই প্ৰচেষ্টাসমূহৰ শলাগ লৈ যুৱ প্ৰজন্মক গৌৰৱেৰে খেতিৰ কামত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰে। এই ছবিখনে আশাৰ বাৰ্তা দিছে যে খেতিৰ গুৰুত্ব সদায় থাকিব আৰু ই ভাৰতৰ আত্মাৰ এক অংশ।
সমগ্ৰ দেশৰ প্ৰতিটো ঘৰতে ছবিখন পোৱাৰ লগে লগে এই ছবিখনে সমগ্ৰ জাতিটোক খাদ্য যোগান ধৰা লোকসকলক সহায় কৰাৰ প্ৰতিশ্ৰুতিৰ পুনৰাবৃত্তি কৰিব। এই অভিযানে কেৱল আজিৰ কৃষককেই নহয়, কাইলৈৰ কৃষকসকলকো সোঁৱৰাই দিব খেতি কেৱল এটা পেছা নহয়—এয়া এক ঐতিহ্য যিটোক লালন-পালন আৰু সংৰক্ষণ কৰাটো প্ৰয়োজনীয়।
English Summary: Inauguration of an emotional film dedicated to the farmers of Dhanuka Agritech

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.