1. News

কাইলৈৰ পৰা MFOI 204, উপস্থিত থাকিব অসমৰো কেইবাজনো কৃষক

PANKAJ KHANIKAR
PANKAJ KHANIKAR

কাইলৈৰ পৰা MFOI 2024। দেশৰ প্ৰগতিশীল কৃষকে ভৰি পৰিব ICAR পুচা মেলা গ্ৰাউণ্ড। দ্বিতীয়বাৰৰ বাবে একেখন মঞ্চত থিয় হৈ এক ইতিহাস সৃষ্টি কৰিব MFOI 2024 য়ে। কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ, গুজৰাটৰ পৰা অৰুণাচললৈ সকলো প্ৰান্তৰ কৃষকে ভৰি পৰিব MFOI 2024 ৰ মঞ্চ। দেশৰ ভিন্নপ্ৰান্তৰ কৃষকৰ লগতে অসমৰো কেইবাজনো কৃষক উপস্থিত থাকিব! আগন্তুক ১-৩ ডিচেম্বৰলৈ চলিব এই কৃষক বঁটা অনুষ্ঠান। কেৱল কৃষকেই নহয় কৃষিক্ষেত্ৰখনেৰে জড়িত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ব্যক্তি, আত্মসহায়ক গোট, কৃষক কোম্পানীসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকিব। ইতিমধ্যে ৰাজধানী চহৰ দিল্লী অভিমুখে ৰাওনা হৈছে দেশৰ কৃষকসকল। দেশৰ কৃষকসকলক একলগ হোৱাৰ মাধ্যমৰূপে চিহ্নিত হোৱা MFOI মূলতে আছে কৃষি জাগৰণ মিডিয়া গ্ৰুপ, ICAR, মহিন্দ্ৰা টেক্টৰছ।

MFOI কি!

কৃষিক্ষেত্ৰ, কৃষক, কৃষি বৃত্তিটোৰ প্ৰতি থকা মানুহৰ পৰম্পৰাগত ধাৰণাবোৰ যে এশ শতাংশ শুদ্ধ নহয় সেই কথা প্ৰমাণ কৰিবলৈ আহি আছে কৃষি জাগৰণ মিডিয়া গ্ৰুপ, ICAR আৰু মহিন্দ্ৰা টেক্টৰছে দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা মিলিয়নাৰ ফাৰ্মাৰ অৱ দা ইণ্ডিয়া এৱাৰ্ড ২০২৪ (Millionaire Farmer of India Award 2024)। কৃষিক্ষেত্ৰখনৰ লগত জড়িত হৈয়ো এজন ব্যক্তি লাখপতি বা কোটি হ’ব পাৰে, কৃষি বৃত্তিৰ লগত জড়িত হৈয়ো এজন ব্যক্তি প্ৰথম শ্ৰেণী চৰকাৰী চাকৰিয়ালৰ দৰে এক জীৱন কটাব পাৰে তাৰ এক উদাহৰণ দাঙি ধৰাৰ লগতে কৃষিক্ষেত্ৰখনত লুকাই থকা সম্ভাৱনাসমূহক লোকচক্ষুৰ আগত দাঙি ধৰিব Millionaire Farmer of India Award 2024 য়ে।

কৃষিখণ্ডৰে জড়িত হৈ বছৰি এটা ভাল উপাৰ্জন কৰা কৃষকসকলক সন্মান প্ৰদৰ্শন কৰা হয় Millionaire Farmer of India Award অনুষ্ঠানটোৰ জৰিয়তে। ২০২৩ চনৰ পৰা ধাৰাবাহিকভাৱে কৃষি জাগৰণ মিডিয়া গ্ৰুপে এই অনুষ্ঠানটোৰ জৰিয়তে সন্মান প্ৰদৰ্শন কৰি আহিছে কৃষি জাগৰণে। দেশৰ প্ৰগতিশীল কৃষকসকলক সন্মান প্ৰদৰ্শন কৰা অচিলাৰে লোকচক্ষুৰ সন্মুখত দাঙি ধৰা হয় যে কৃষি বৃত্তিৰ লগত জড়িত হৈয়ো একোজন ব্যক্তি এক স্বচ্ছল জীৱন কটাব পাৰে! কৃষক মানেই দুখীয়া, দৰিদ্ৰ নহয়, কৃষক মানেই প্ৰতিদিনে অভাৱ অনাটনৰ যুঁজি থাকিব লগা নহয়। কৃষক সন্দৰ্ভত থকা আমাৰ পৰম্পৰাগত ধাৰণাটো সলনি কৰি দিব Millionaire Farmer of India Award 2024। এই কৃষক বঁটা অনুষ্ঠানটোত দেশৰ কৃষিখণ্ডৰ সমান্তৰাভভাৱে পশুপালন, দুগ্ধখণ্ড, মীনখণ্ডকে সামৰি আত্মসহায়ক গোট, FPO আদিকে ধৰি ৩০০ৰো অধিক শিতানত বঁটা প্ৰদান কৰিব। 

লগতে পঢ়ক- 

MFOI-2024 : ৰাজধানী দিল্লী অভিমুখে ৰাওনা দেশৰ ভিন্নপ্ৰান্তৰ কৃষক

English Summary: Coming Soon The Millionaire Farmer of India 2024 (1)

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.