MFOI 2024 Road Show
  1. News

বেঙেনা খেতিৰ কৃষকলৈ কিছু গুৰুত্বপূৰ্ণ কথা-

KJ Staff
KJ Staff
বেঙেনা খেতি
বেঙেনা খেতি

বেঙেনা এবিধ ৰান্ধি খোৱা পাচলি। উদ্ভিদবিদ্যাৰ দৃষ্টিৰে ই আলু আৰু বিলাহীৰ সৈতে একে জাতৰ। প্ৰাগৈতিহাসিক কালৰে পৰা পূব আৰু দক্ষিণ এছিয়াত বেঙেনাৰ খেতি কৰি অহা হৈছে। ৫৪৪ খ্ৰীষ্টাব্দত সম্পূৰ্ণ হোৱা চীনা কৃষি গ্ৰন্থ ‘কিমিন য়াউচা’ত লিপিবদ্ধ বেঙেনাৰ লেখাই হ’ল লিখিত ৰূপত পোৱা এই উদ্ভিদৰ প্ৰথম লিখিত তথ্য। সাধাৰণতে বেঙেনাৰ নিজস্ব স্বকীয় বৰণৰ বাবেই ‘বেঙুনীয়া’ ৰঙে অসমীয়া ৰঙৰ তালিকাত এক স্থান পাইছে। বেঙেনাত উপস্থিত এন্থচায়ানিনৰ বাবে ইয়াৰ বৰণ কাৰণ। বিশ্বৰ প্ৰেক্ষাপটত বেঙেনা উৎপাদনত ভাৰতৰ স্থান দ্বিতীয়। বেঙেনাত কম পৰিমাণে চৰ্বি, মাংসসাৰ, আঁহ আৰু শৰ্কৰা থাকে। অৱশ্যে মানুহৰ বাবে নিতৌ প্ৰয়োজনীয় মাত্ৰাত মেংগানিজ থাকে। কিছুমান মানুহক বেঙেনাই এলাৰ্জী সৃষ্টি কৰাৰ তথ্যও পোৱা যায়।

বেঙেনাৰ গুৰুত্বপূৰ্ণ কীট-পতংগসমূহঃ

  • বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোক

  • ফুটুকী পোক

  • মুৱা পোক আৰু

  • শোহনি পোক আদি

এই কীট-পতংগসমূহ নিয়ন্ত্ৰণৰ বাবে কৃষকসকলে তলৰ কথাখিনি মন দিয়া উচিত-

(১) শস্য চক্ৰৰ অধীনত একেডৰা মাটিতে বছৰে বছৰে বেঙেনা খেতি কৰা অনুচিত। লগতে এবছৰতকৈ পুৰণি মুঢ়া বেঙেনা ৰাখিব নালাগে।

(২) বেঙেনাৰ পুলি ৰোৱাৰ পূৰ্বে খেতিৰ মাটিডৰা ভালদৰে চহাই মাটিৰ ওচৰে-পাঁজৰে থকা বন-বাত নিৰাই ল’ব লাগে। এনে কৰিলে মাটিৰ তলত লেটা বান্ধি থকা আৰু বন-বাতত আশ্ৰয় লৈ থকা কীট-পতংগসমূহ আঁতৰি যায়।

(৩) কীট-পতংগৰ আক্ৰমণ প্ৰতিৰোধী উচ্চ উৎপাদনক্ষম জাতসমূহৰ খেতি কৰাত গুৰুত্ব দিব লাগে।

(৪) বেঙেনাৰ অনিষ্টকাৰী পতংগই আক্ৰমণ কৰা উদ্ভিদৰ অংশসমূহ বিশেষকৈ গছৰ আগ আৰু ফল যথাসম্ভৱ আঁতৰাই নষ্ট কৰিব লাগে। ইয়াৰ ফলত পতংগৰ বংশবৃদ্ধ হৈ অধিক অনিষ্ট কৰাৰ সম্ভাৱনা দূৰ হয়।

৫) বেঙেনা খেতিত সঠিক সময়ত সঠিক পৰিমাণৰ সাৰ-জাবৰ প্ৰয়োগৰ প্ৰয়োজন। মন কৰিব লগা যে শস্যত আৱশ্যকতকৈ অধিক মাত্ৰাত নাইট্ৰ’জেনযুক্ত সাৰ প্ৰয়োগ কৰিলে কীট-পতংগৰ বংশ বৃদ্ধি হয়।

(৬) ডিম্ব পৰজীৱী ট্ৰাইক’গ্ৰামা কাইলনিজ বিঘাই প্ৰতি ২০,০০০ কৈ ১০ দিনৰ অন্তৰালত ৩-৪ বাৰ প্ৰয়োগ কৰিলে ছেঁই বিন্ধোৱা পোকৰ আক্ৰমণ বহুত পৰিমাণে হ্ৰাস পায়।

(৭) বেঙেনাৰ পাতখোৱা ফুটুকী পোকক নিয়ন্ত্ৰণ কৰিবলৈ বহু সময়ত ফুটছাই ব্যৱহাৰ কৰিও সুফল লাভ কৰিব পাৰি।

(৮) আঠাযুক্ত ‘হালধীয়া আকৰ্ষক কাৰ্ড’ ব্যৱহাৰ কৰিও বেঙেনা গছৰ শোহনি পোক নিয়ন্ত্ৰণ কৰিব পাৰি।

(৯) ‘লিউচি লিউৰ’ যুক্ত ফেৰমন ফান্দ ব্যৱহাৰ কৰিও বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোকক নিয়ন্ত্ৰণ কৰিব পাৰি।

(১০) নিম জাতীয় কীটনাশক ঔষধ প্ৰয়োগ কৰিও কীট-পতংগৰ পৰা বেঙেনাৰ খেতিডৰা ৰক্ষা কৰিব পাৰি।

(১১) পখিলাজাতীয় পতংগ বিশেষকৈ বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোকৰ পৰা বেঙেনা ডৰাক ৰক্ষা কৰিবলৈ বেক্টেৰিয়াজনিত ঔষধ বি টি দুই মিঃ লিঃ প্ৰতি লিটাৰ পানীত মিহলাই এসপ্তাহৰ অন্তৰালত দুবাৰ প্ৰয়োগ কৰা উচিত।

(১২) পৰিস্থিতি সাপেক্ষে, বেঙেনা পুলি ৰোপণৰ ২৫-৩০ দিনৰ পাছত, দানাজাতীয় কীটনাশক কাৰ্বফোৰান ৩ জি, প্ৰতিজোপা গছৰ গুড়িত ৩ গ্ৰামকৈ প্ৰয়োগ কৰিও বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোক নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ উপৰি ২ মিঃ লিঃ প্ৰফেন’ফজ ৫০ ই চি প্ৰতি লিটাৰ পানীত মিহলাই ১০ দিনৰ অন্তৰালত ৩ বাৰ বেঙেনা খেতিত প্ৰয়োগ কৰি আগ আৰু ফল বিন্ধোৱা পোক আৰু ফুটুকী পোক নিয়ন্ত্ৰণ কৰিব পাৰি। অৱশ্যে পূৰঠ বেঙেনাতলীত বেঙেনা ছিগাৰ আগতে কৃত্ৰিম ৰাসায়নিক প্ৰয়োগ কৰা অনুচিত।

লগতে পঢ়ক-সহজ উপায়েৰে টাবত কেনেদৰে কৰিব বেঙেনা খেতি?

English Summary: Brinjal Cultivation Guide

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.