
ভাৰত চাৰ্টিছ এগ্ৰিছায়েন্স লিমিটেড চমুকৈ বিচিএৰ নতুন ল’গ’ উন্মোচন কৰিলে। ভাৰতবৰ্ষৰ আগশাৰী কৃষি ৰাসায়নিক প্ৰতিষ্ঠানটোৱে নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়ত আজি উন্মোচন কৰে নতুন ল’গ’টো। ল’গ’টো উন্মোচন কৰি প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক ট’ৰু তামুৰাই কয় - নতুন ল’গ’টোৱে আমাৰ বিৱৰ্তন আৰু উজ্জ্বল ভৱিষ্যতৰ প্ৰতিশ্ৰুতিৰ প্ৰতীক।

লগতে তেওঁ কয়- নতুন ল’গ’টোৱে উদ্ভাৱন, সমৃদ্ধি আৰু বহনক্ষম কৃষি বৃদ্ধিৰ প্ৰতি বিচিএৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। ইয়াৰ নীলা ৰঙে কোম্পানীটোৰ পৰম্পৰাক প্ৰতিনিধিত্ব কৰিছে, আৰু সেউজীয়া ৰংটোৱে বহনক্ষম ভৱিষ্যতৰ বাবে প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতিক বুজায়।

উল্লেখ্য যে ১৯৭৭ চনত এছ এন গুপ্তাই প্ৰতিষ্ঠা কৰা এই সংস্থাটোৱে দশক দশক ধৰি ভাৰতবৰ্ষৰ কৃষকসকলৰ কৃষিপথাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে কীটনাশক যোগান ধৰি আহিছে। ২০২০ চনত মিটছুই এণ্ড কোম্পানী লিমিটেড আৰু নিপ্পন ছ’ডা কোম্পানী লিমিটেডৰ সৈতে এক কৌশলগত অংশীদাৰিত্বই কোম্পানীটোক ভাৰত চাৰ্টিছ এগ্ৰিছায়েন্স লিমিটেডলৈ ৰূপান্তৰিত কৰে।
লগতে পঢ়ক-
Share your comments