
বিশ্বনাথ জিলাৰ কৃষকৰ সুবিধা তথা লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি জিলা কৃষি বিভাগৰ অধীনত আজি বিশ্বনাথ জিলাৰ গড়েহাগী গাওঁত উদ্বোধন কৰা হয় এটা ধান ক্ৰয় কেন্দ্ৰ ৷ অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত গড়েহাগীত আজি ধান ক্ৰয় কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বিশ্বনাথৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱে ৷ এই শুভাৰম্ভ অনুষ্ঠানটিত উপস্থিত থাকে জিলা কৃষি বিষয়া বাণেশ্বৰ বে আৰু বিশ্বনাথ মহকুমা কৃষি বিষয়া প্ৰদীপ তালুকদাৰ ।
উদ্বোধনী অনুস্থানত জিলা আয়ুক্ত গৰাকীয়ে কৃষকক ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে ধান বিক্ৰী কৰি ধানৰ উচিত মূল্য লাভ কৰিবলৈ আহ্বান জনায়৷ উল্লেখযোগ্য যে জিলাখনৰ প্ৰগতিশীল কৃষক তপন বৰাৰ পৰা ধান ক্ৰয় প্ৰক্ৰিয়া শুভাৰম্ভ কৰা হয়। জিলা কৃষি বিষয়াই উপস্থিত কৃষক ৰাইজক উদ্দেশ্যি কয় যে খাৰিফ বতৰত অসমৰ ধানৰ নিন্মতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত ২১৮৩/- টকা ধাৰ্য কৰা হৈছে আৰু কৃষকে নিৰ্দিষ্ট প্ৰ পত্ৰৰ যোগেদি গাওঁ প্ৰদানৰ চহী লৈ স্থানীয় কৃষি উন্নয়ন বিষয়াৰ যোগেদি ধান ক্ৰয়ৰ বাবে আৱেদন কৰিব পাৰিব ।
লগতে কৃষকৰ প্ৰবঞ্চনা কৰি কোনো দালাল বা মধ্যভোগী চক্ৰই যাতে কম মূল্যত ধন ক্ৰয় কৰিব নোৱাৰে তাৰ প্ৰতি বিশ্বনাথ জিলা প্ৰশাসন সদায় সষ্টম হৈ আছে বুলি উল্লেখ কৰে। উক্ত অনুষ্ঠানত মেডিয়া বিশেষজ্ঞ কৃষ্টি বৰা, যোগান বিভাগৰ মঞ্জিত ভূঞাকে আদি কৰি যোগান বিভাগৰ অনান্য বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ভালেসংখ্যক ৰাইজ উপস্থিত থাকে৷
লগতে পঢ়ক-
১৭ বছৰে ভেঞ্চাৰ স্কুলত বিনা বেতনে শিক্ষাদানৰ লগতে কৰি আহিছে খেতি
এই সভাৰ সমান্তৰালভাৱে আজি চতিয়া কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত পতীয়া গাওঁত আৰু গহপুৰ কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত মাগনি গাওঁত অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত সংশ্লিষ্ট বিষয়া কৰ্মচাৰীৰ উপস্থিতিত আন দুটাকৈ ধান ক্ৰয় কেন্দ্ৰৰো শুভাৰম্ভ কৰা হয়।
লগতে পঢ়ক-
Share your comments