1. উদ্য়ানশস্য়

SWAPNA F1 PAPAYA : মাটিৰ পৰাই লাগিব, ২৭০ দিনতে চিঙিব পাৰিব ফল

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ফটো- SWAPNA F1 অমিতাৰ জাতটোৰ সৈতে কৃষক মুকুট শইকীয়া
ফটো- SWAPNA F1 অমিতাৰ জাতটোৰ সৈতে কৃষক মুকুট শইকীয়া

ওপৰৰ ফটোত দেখা অমিতাৰ জাতটো কি! এই জাতটোৰ বীজ ক’ত পায়! এই জাতটোৰ অমিতাৰ খেতিৰ বাবে কেনেকুৱা মাটি ভাল আদি বিভিন্ন প্ৰশ্ন আমাৰ কৃষি জাগৰণ অসমৰ দৰ্শক আৰু পাঠকসকলে কৰি আহিছিল। এই লেখাটোৰ জড়িয়তে এই প্ৰশ্নসমূহৰ উত্তৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু এই জাতটোৰ অমিতাৰ কৃষি পদ্ধতি সন্দৰ্ভতো দুই এটা তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম।

ওপৰত দেখা অমিতাৰ এই জাতটোৰ নাম স্বপ্না এফ-১ (Swapna F1)। ই এটা হাইব্ৰীড জাত। এই জাতটোৰ অমিতা অধিক উতপাদনক্ষম আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক। পাচলিতকৈ ফল হিচাপে ই অধিক সুস্বাদু। আকাৰটো ডাঙৰ আৰু মিঠা। পকিলে ৰঙা হৈ আহে। এটা পৈণত অমিতাৰ ওজন ১-৫ৰ পৰা ২.৫ কেজি ওজনৰ হয়। ২৪০-২৭০ দিনৰ ভিতৰত গছত ফল লাগে আৰু চিঙিব পৰা হয়।

মাটি ডোখৰ কেনেকুৱা হব লাগে

অসমৰ মাটি আৰু জলবায়ুৰ বাবে স্পপ্না এফ-১ জাতটোৰ অমিতা অতি উপযোগী। কৃষকসকলে স্পপ্না এফ-১ প্ৰজাতিটোৰ অমিতাৰ খেতিৰ বাবে পানী জমা নোহোৱা ওখ সাৰুৱা মাটি উপযোগী। কৃষি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি ল’লে সুফল পাব।

লগতে পঢ়ক- 

খেতি আৰম্ভ কৰাৰ ছমাহৰ পৰাই ২০-২৫ বছৰলৈ একেৰাহে উপাৰ্জন কৰক

মূল পথাৰত ৰোপনৰ সময়-

এই জাতটোৰ অমিতা ৰোপনৰ উপযুক্ত সময় ফেব্ৰুৱাৰী আৰু জানুৱাৰী। কাৰণ এই সময়ছোৱাত আমা্ৰং কৃষকসকলে অমিতাসমূহ ৰোপন কৰিলে এখন ভাল বজা্ৰ লাভ কৰিব জুন-জুলাই মাহত। যিহেতু এই জাতটোৰ অমিতা ৬ পৰা ৭  মাহৰ ভিতৰত লাগে। জুন-জুলাইৰ পৰা অসমত এখন ভাল অমিতাৰ বজাৰ সৃষ্টি হয়। অৱশ্যে আমাৰ কৃষকসকলে যিকোনো সময়তে এই জাতটোৰ অমিতাৰ খেতি কৰিব পাৰে।

সময়কাল

দুবছৰলৈকে এই অমিতাৰ জাতটোৱে ফল দি থাকে। দুবছৰৰ পাছত ইয়াৰ ফলন কম হয়। ভাল দৰে প্ৰতিপালন কৰিলে ৬ মাহ ৭ মাহতে প্ৰথমবাৰৰ বাবে ফল চিঙিব পাৰিব। এইদৰেই দুবছৰলৈকে একেৰাহে ফল ফল চিঙিব পাৰিব। ১২ মাহেই গছত ফল লাগি থাকে। ভালদৰে যত্ন ললে এজোপা গছৰ পৰা এজন কৃষকে দুবছৰত এহাজাৰ টকা উপাৰ্জন কৰিব পাৰিব।

খৰচ

৫০০ টা গুটি থকা এটা এটা Swapna F1 জাতৰ বীজৰ দাম প্ৰায় ৪০০০ হাজাৰ টকা। মাটি চহোৱা, গোৱৰ দিয়া, পানী যোগান ধৰা, শ্ৰমিকৰ খৰচ, কীটনাশক আদি সকলো যোগ কৰিলে এবিঘা মাটিত এজন এই জাতটোৰ অমিতাৰ খেতি কৰিবলৈ ২৫-৩০ হাজাৰ টকা খৰচ হ’ব।

উৎপাদন

এবিঘা মাটিত এজন কৃষকে ৪০০ টা মান পুলি ৰোপন কৰিব পাৰিব। এজোপা পৰা যদি এহাজাৰ টকা উপাৰ্জন কৰিবলৈ হয় তেতিয়াহ’লে ৪০০ টা পুলিৰ পৰা কিমান টকা উপাৰ্জন কৰিব পাৰিব সেই হিচাপ কৃষকসকলে নিজেই কৰি ল’ব। সাধাৰণতে কেঁচা অমিতাৰ কেজি ২০ টকা হয় আৰু পকা অমিতাৰ কেজি ৫০-৬০ টকা হয়।

বীজ কত পাব

এই জাতটোৰ অমিতা বীজ পাবৰ বাবে আপোনালোকে ওচৰৰ বিশ্বাসযোগ্য বীজ ভাণ্ডাৰ পৰা বীজ সংগ্ৰহ কৰিব। নাইবা অনলাইন যোগেও আপোনালোকে বীজ সংগ্ৰহ কৰিব। দুই নম্বৰী বীজ বিক্ৰি কৰাত একাংশ দুষ্ট চক্ৰই লাগি থাকে তেওঁলোকৰ পৰা সাৱধান হ’ব। বীজ ক্ৰয় কৰাৰ আগতে দুই এজন অভিজ্ঞ ব্যক্তিৰ লগত এই সন্দৰ্ভত কথা পাতিব।

লগতে পঢ়ক- 

এইবাৰ এই পাচলিবিধৰ খেতি কৰক, আন ৰবিশস্যতকৈ দুগুণ উপাৰ্জন হ’ব

English Summary: SWAPNA F1 PAPAYA FARMING BENEFIT

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.