 
            জানুৱাৰী-ফ্ৰেৱ্ৰুৱাৰীৰ সময়ছোৱাত অসমৰ কৃষকে কৰিব পৰা এবিধ উদ্যানশস্যৰ খেতি হ’ল ভোল। অসমৰে গাঁৱে-ভূঞে বহুলোকৰ বাৰীত নিজেই গজি উঠে আৰু কোনো যত্ন নোলোৱাকৈ ডাঙৰ হয় আৰু গৃহস্থই খাই শেষ কৰিব নোৱৰাকৈ গছত ভোল লাগে। গতিকে বহু অঞ্চলত ভোলৰ বৰ বেছি আদৰ নাই। কিন্তু বহু অঞ্চলত ভুলৰ এখন ভাল বজাৰ আছে। ভুলৰ আঞ্জা বা মাছৰ লগত বনোৱা ভুলৰ আঞ্জাখন বহুতৰে প্ৰিয়। গতিকে ভোলৰ এখন ভাল বজাৰ আছে। বহুতে ভাবিব পাৰে ঘৰত এজোপা লগা ভোলেই বিক্ৰি নহয় ইয়াৰ খেতি কৰিলে কি লাভ হ’ব। আৰু এটা কথা যি অঞ্চলত ভুলৰ চাহিদা নাই তেওঁলোকে নকৰিলেও ভাল অন্য খেতি কৰক। আৰু যদি দূৰৰ বজাৰৰ লগত সংযোগ স্থাপন কৰি বজাৰখন পায় তেতিয়াহ’লে ভোলৰ চাহিদা নথকা অঞ্চলৰ লোকসকলেও কৰিব পাৰে।
লগতে পঢ়ক-
জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত এবিঘা এবিঘা মাটিত কৰক এই শস্যৰ খেতি
সেয়া যিকিনহওঁক। ভোল খেতি কৰা ভাল উপাৰ্জন কৰা, এবিঘা মাটিৰ পৰাই এদিনত ৫-৬ কুইন্টল ভুল চিঙি বজাৰলৈ পঠোৱা কৃষকো আছে। বিগত বৰ্ষত বিশ্বনাথ জিলাৰ যুৱ বিকাশ কৃষিফাৰ্মৰ কৃষকসকলে প্ৰায় ডেৰ বিঘামান মাটিত ভোল খেতি কৰিছিল। তেওঁলোকে জানিবলৈ দিছিল যে এদিনতে তেওঁলোকে কেতিয়াবা দুবাৰকৈ ভোল চিঙিবলৈ সক্ষম হৈছিল। আগবেলা চিঙাৰ পাছত পাছবেলা পুনৰ ভোল চিঙিবলৈ সক্ষম হৈছিল। আমাৰ বহু কৃষকে ভোল খেতি ব্যৱসায়িক ভিত্তিত কেনেকৈ কৰিব লাগে নাজানে। গতিকে এই আলোচনাত আমি ভোল খেতিৰ পদ্ধতিসমূহৰ বিষয়ে দুটা কথা আলোচনা কৰিম।
ৰোপনৰ সময়
জানুৱাৰী পৰা এপ্ৰিলৰ মাজৰ সময়খিনিত আমাৰ কৃষকসকলে বাৰিষা কালত হোৱাকৈ ভুল খেতি কৰিব।
মাটি
ভোল খেতিৰ বাবে পানী জমা নোহোৱা ওখ সাৰুৱা আৰু বালিচহীয়া মাটি উপযোগী।
মাটিৰ প্ৰস্তুতি
মাটিখিনি ৪ চাহমান হাল বোৱাৰ পাছত মেয়াই সমান কৰি ১০ ফুট স্কোৱাৰে স্কোৱাৰে শাৰীকৈ খুলি মাৰি পুলিবোৰ ৰোপন কৰিব লাগে। এটা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব ১০ ফুট ৰাখিলে ভাল।
জাত
থলুৱা সঁচ আৰু পুচা চিকনি। তদুপৰি আজিকালি বজাৰত বহুতো হাইব্ৰীড জাতৰ সঁচো পোৱা যায়। স্থানীয় জহা ভোলৰ চাহিদা বজাৰত অধিক হয়। পৰাপক্ষত হাইব্ৰীড জাতৰ খেতি কৰিলে লাভ হ’ব।
বীজৰ পৰিমাণ
প্ৰতি বিঘাত – ৪৭০ গ্ৰামৰ পৰা ৬০০ গ্ৰাম।
অন্যান্য
পোক-পতংগ নিয়ন্ত্ৰণৰ বাবে য়েল্ল’ ষ্টিকি ট্ৰেপ, ভেঁকুৰৰ বাবে ভেঁকুৰ নাশক আৰু প্ৰতিবিঘা মাটিত ১০-২০ কেজি চুন, গোৱৰ দুই টেক্টৰমান দিব লাগিব। তদুপৰি হেণ্ডালি দিব লাগিব। হেণ্ডালিখন ৫ ফুটমান ওখ হ’ব লাগে। ভোলবোৰ হেণ্ডালিলৈ বগাই যাবলৈ জেং বা বাঁহৰ সলনি প্লাষ্টিকৰ ৰচি দিব পাৰিব।
খৰচ আৰু উৎপাদন
হালবোৱাৰ পৰা ফল চিঙালৈ এই গোটেইখিনি কাম কৰোঁতে এবিঘা মাটিত ২০-২৫ হাজাৰমান টকা খৰচ হ’ব। আৰু তাৰ পৰা উপাৰ্জন হ’ব ৯০ হাজাৰ পৰা ১ লাখ। সেয়া মাত্ৰ ৬ মাহ ভিতৰতে লাভ কৰিব।
সবিশেষ জানিবলৈ তলৰ লিংকটো ক্লিক কৰক- https://www.facebook.com/Assam.krishijagran/videos/1445226206192086
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments