1. উদ্য়ানশস্য়

Coconut Farming : বছৰি ২ লাখ আঢ়ৈ লাখ টকা উপাৰ্জন কৰক ঘৰতে বহি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
New Variety Coconut Farming
New Variety Coconut Farming

নাৰিকলৰ বাবে দক্ষিণ ভাৰত বিখ্যাত। কিন্তু অসমত পূজা-পাতল, সকাম-নিকামৰ বাবে নাৰিকল অপৰিহাৰ্য। তদুপৰি চুলিত ঘঁহিবৰ বাবে অসমৰ বেছিভাগ গ্ৰাম্য মহিলাই নাৰিকলৰ তেল ব্যৱহাৰ কৰে। তদুপৰি এতিয়া অসমৰ সৰু-বৰ চহৰত শেহতীয়াকৈ নাৰিকলৰ পানী খাবৰ বাবে কেঁচা নাৰিকল বিক্ৰি কৰা দোকান দেখিবলৈ পোৱা যায়। কিন্তু অসমৰ বজাৰ-সমাৰ, দোকান আদিত ভৰি থকা নাৰিকলৰ প্ৰায় ৯০ শতাংশই বহি:ৰাজ্যৰ কৃষকে উতপাদন কৰা নাৰিকল। কিন্তু অসমত নাৰিকল খেতি নোহোৱা নহয়। কিন্তু হাতৰ মূৰত লেখিব পৰাকৈ অসমৰ দুই এজন কৃষকেহে ব্যৱসায়িক ভিত্তিত ইয়াৰ খেতি কৰে। বাকী অসমৰ গাঁৱে-ভূঞে দুই এজন লোকে ঘৰতে খাবলৈ বা নিজৰ বাৰীখন শুৱনি কৰিবলৈ নাৰিকল দুই এজোপা ৰোপন কৰে।

কিন্তু অসমত এখন ভাল নাৰিকলৰ বজাৰ আছে। এই বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কৃষকসকলেওঁ নাৰিকলৰ খেতি কৰিব পাৰে। নাৰিকলৰ খেতিৰ কৰি আমাৰ কৃষকসকল লাভান্বিত হ’ব। কাৰণ নাৰিকলৰ খেতি এবাৰহে কৰিব লাগে। তাৰপাছত ২৫-৩০ বছৰলৈ ইয়াৰ ফল লাভ কৰি থাকিব। অৱশ্যে কৃষকজনে মাজে যত্ন, সাৰ-পানী যোগান ধৰিবই লাগিব। কৃষকজনে পুলি ৰোপনৰ ৫-৬ বছৰৰ ভিতৰত গছত নাৰিকল লাগে। এজোপা পৈনত নাৰিকলত এবছৰত একেবাৰে কম ১০০ টা নাৰিকল লাগে। তথ্য মতে, এজোপা নাৰিকলত ২০০ টা পৰ্যন্ত নাৰিকল লাগে। একেবাৰে কমকৈ এজোপা নাৰিকলে এবছৰত এজনক কৃষক ২ হাজাৰ টকা উপাৰ্জন কৰি দিব। যদি এজন কৃষকে ১০০ জোপা নাৰিকল ৰোপন কৰি পৰিকপ্লিত আৰু বিজ্ঞানসন্মতভাৱে খেতি কৰে নিশ্চিতভাৱে ডেৰলাখ দুই লাখ টকা উপাৰ্জন কৰিব পাৰিব আমাৰ কৃষকসকলে।

লগতে পঢ়ক-

বান্দৰৰ বাবে একো কৰিব পৰা নাই নেকি! তেন্তে এই লেখাটো আপোনাৰ বাবে!

শেহতীয়াকৈ অসমৰ থলুৱা মানে পূৰ্বৰে পৰা কৰি অহা কিছুমান নাৰিকল জাতৰ লগতে কিছুমান হাইব্ৰীড আৰু উন্নত প্ৰজাতিৰ নাৰিকলৰ জাত অসমৰ নাৰ্চাৰীসমূহত দেখিবলৈ পোৱা গৈছে। এই জাতবোৰ কম দিনতে, চাপৰতে আৰু আনবোৰ জাততকৈ অধিক পৰিমানে লাগে। তাৰে কেইটামান জাত এনেধৰণৰ- থাই, ভিয়েত্নাম, আৰু বেংগল হাজাৰী নাৰিকল। এই জাতকেইটাৰ নাৰিকল খুব চাপৰতে লাগে, কম দিনতে লাগে আৰু আমাৰ কৃষকসকলে পূৰ্বৰ পৰা কৰি অহা জাতসমূহৰ তুলনাত অধিক পৰিমানে নাৰিকল লাগে। অসমত যিহেতু এই জাতকেইটাৰ খেতি নতুন। গতিকে এই জাতকেইটাৰ খেতি সন্দৰ্ভত আমাৰ কৃষকসকলৰ পূৰ্বৰ অভিজ্ঞতা নাই। গতিকে এই জাতকেইটাৰ খেতি কৰিব বিচৰা কৃষকসকলে প্ৰথমে কৃষি বিষয়া বা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্য বিভাগৰ বিষয়াসকলৰ পৰা এই জাতকেইটাৰ নাৰিকল খেতিৰ কৃষিৰ পদ্ধতি, কেনেকুৱা মাটি উপযোগী, কেনেকৈ যত্ন ল’ব লাগে, কেনেকুৱা সাৰ প্ৰয়োগ কৰিব লাগে, ৰোগ প্ৰতিৰোধৰ বাবে কি পদক্ষেপ লাগে কথাবোৰ জানি ল’ব লাগে। অন্যথা পৰৱৰ্তী সময়ত সমস্যাৰ সন্মুখীন কৃষকগৰাকী।

লগতে আমাৰ দৰ্শকসকলক জনাওঁ এই জাতকেইটাৰেই নাৰিকলৰ খেতি কৰিলে যে লাভান্বিত হ’ব তেনেকুৱা নহয়। পূৰ্বৰে পৰা কৰি অহা নাৰিকলৰ জাতসমূহৰ খেতি কৰিও আমাৰ কৃষকসকলে লাভান্বিত হ’ব পাৰিব। ১০০ জোপা থলুৱা জাতৰ নাৰিকল ৰোপন কৰিলেও বছৰি ডেৰ লাখৰ পৰা ২ লাখ টকা উপাৰ্জন কৰিব পাৰিব। তথ্য মতে, এক একৰ মাটিত আমাৰ কৃষকসকলে ১৮০ পৰা ২০০ জোপা নাৰিকলৰ খেতি কৰিব পাৰিব।

লগতে পঢ়ক- 

Swapna F1 : ৮-৯ মাহত গুৰিৰ পৰাই লাগিব ফল, এবিঘা মাটিত আৰম্ভ কৰক

English Summary: New Variety Coconut Farming in Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.