অসম এখন কৃষিপ্রধান ৰাজ্য। অসমৰ প্রায় ৭০শতাংশ লোকেই জীৱনধাৰনৰ কাৰনে কৃষিৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্ভৰশীল। অসমৰ জলবায়ু আৰু মাটি বিভিন্নধৰনৰ পথাৰ শস্য, ফলমূল, শাকপাচলি উৎপাদনৰ কাৰনে তথা বিভিন্নধৰনৰ জীৱজন্তু পালনৰ কাৰনে উপযোগী। তথাপিও আমাৰ কৃষকসকলৰ আর্থিক অৱল অতি পুতৌজনক। উপযুক্ত বজাৰৰ অভাৱ তথা অন্যান্য সাসুবিধাৰ অভাৱৰ কাৰনে আমাৰ কৃষকসকলে খৰছৰ অনুপাতে যথেষ্ট পৰিমানে লাভ অর্জন কৰিবলৈ সক্ষম নহয়। সেয়ে আমাৰ কৃষকসকলে এনে কিছুমান কৃষিজাত উদ্যোগ বাছি লব লাগিব য'ত খৰছ কম হয় কিন্তু কম সময়তে অধিক লাভ অর্জন কৰিব পাৰে। খাদ্যোপযোগী কাঠফুলা উৎপাদন হল এনে এটা উৎপাদনখণ্ড। কাঠফুলা হল কিছুমান ভেকুৰৰ বংশবৃদ্ধিৰ ফলত সৃষ্ট ফল। এই কাঠফুলাবোৰ ফুলিলে জাপিসজীয়া হয়। এনে কাঠফুলা দুইধৰনৰ হয়, খাদ্যোপযোগী আৰু খাদ্য অনুপযোগী তথা বিষাক্ত। বিষাক্ত কাঠফুলা ভক্ষণ কৰিলে মৃত্যু পর্য্যন্ত হব পাবে। সেইবাবে বিজ্ঞানসম্মতভাৱে উৎপাদিত কাঠফুলাহে খাদ্য হিচাপে গ্রহন কৰিব লাগে। খাদ্য হিচাপে কাঠফুলাৰ গুণ অতুলনীয়, সেইকাৰণে বর্তমান পৃথিবীৰ বিভিন্ন দেশৰ মানুহৰ দৈনন্দিন খাদ্য তালিকাত ই এক গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰিছে। কাঠফুলাৰ খেতিৰ বাবে বেছি মাটি বা অৰ্থৰ প্ৰয়োজন নাই খুব কম খৰছতে ঘৰতে উৎপাদন কৰি আর্থিকভাৱে স্বাৱলম্বী হব পাৰি।
খাদ্যোপযোগী মাশ্বৰূম
সম্ভৱতঃ সমগ্র বিশ্বৰ মুঠতে ১,৪০,০০০ মান মাশ্বৰূম প্রজাতিৰ
নথিভূক্ত কৰা হৈছে। তাৰ ভিতৰৰে ২০০০ মান প্রজাতি খাব পৰা বিধৰ
আৰু ৭০০ মান প্রজাতিৰ মাশ্বৰূম দৰব হিচাবে ব্যবহাৰ কৰা হয়। দুহেজাব
মান প্রজাতিব মাশ্বৰূম খাব পৰা বিধৰ হ'লেও সকলোবোৰৰ কৃষি পদ্ধতি এতিয়াও সঠিক হোবা নাই। মাত্র কেইবিধমান মাশ্বৰূমৰহে কৃষি পদ্ধতি উদ্ভাৱন হৈছে। এনে উদ্ভাৱিত কৃষি পদ্ধতিৰে উৎপাদন কৰা মাশ্বৰূমৰ পৰা বিষক্রিয়া হোৱাৰ সম্ভাৱনা একেবাৰে নাই। ব্যবসায়িবভিত্তিত কৰিব পৰা কেইবিধমান মাশ্বৰূম এনেধৰণৰ-
১) বুটাম বা বাটন মাশ্বৰূম (Agarcus spp.)
২ ) অয়ষ্টাৰ মাশ্বৰূম (Pleurotus spp.)
৩) ধানখেৰ মাশ্বৰূম (Volvariella spp.)
৪) মিল্কী মাশ্বৰূম (Calocybe indica)
৫) শ্বিটাকে মাশ্বৰূম (Lentinula edudes)
ওপৰত উল্লেখ কৰা প্ৰজাতি সমূহৰ ভিতৰত অয়ষ্টাৰ কাঠফুলাৰ খেতি অসমৰ জলবায়ুত অতি সহজতে কম খৰছতে কৰিব পাৰি। ইয়াৰ কৃষি পদ্ধতিও অতি সহজ।
অয়ষ্টাৰ কাঠফুলাৰ উৎপাদন পদ্ধতি:
অয়ষ্টাৰ কাঠফুলাৰ উৎপাদনৰ কাৰনে প্রয়োজনীয় সামগ্রীসমূহ হ'ল ১) ধানখেৰ, ২) পলিথিনৰ মোনা, ৩) বীজ আৰু ৪) উৎপাদনগৃহ
১) ধানখেৰ: ৰ'দ বৰষুণ নপৰাকৈ ভালদৰে ৰখা, শালিধানৰ শুকান ধানখেৰ নিৰ্বচান কৰি লব লাগে। ব'ৰষুণত তিতি থকা খেৰ ব্যৱহাৰ কৰিলে অন্যান্য খাদ্যঅনোপযোগী ভেকুৰ ওলোৱা দেখা যায়।
২) বীজ অথবা স্পন: নিৰ্ভৰযোগ্য প্রতিষ্ঠানৰ পৰা গুণগত মানদণ্ডৰ বীজ সংগ্রহ কৰিব লাগে। বীজৰ পেকেটবোৰ ভালদৰে নিৰীক্ষন কৰিব লাগে যাতে সেউজীয়া বৰনৰ ভেকুৰৰ দ্বাৰা পেকেটবোৰ আক্রান্ত নহয় আৰু বগা হয়।
৩) পলিথিনৰ মোনা: সাধাৰনতে ৪০ ছেঃমিঃ X ৬০ছেঃমিঃ জোখৰ ডাঠ পলিথিনৰ মোনা লব লাগে। স্বচ্ছ পলিথিনব মোনাতকৈ বেছি ঘনত্বৰ অস্বচ্ছ মোনা বেছি উপযুক্ত। এই জোখৰ পলিথিনৰ মোনাৰ কাৰণে ১কেজি শুকান ধানখেৰ আৰু ১০০ গ্রাম বীজৰ প্রয়োজন হয়।
৪) উৎপাদনগৃহ:
কাঠফুলা উৎপাদন কৰিবৰ কাৰনে সাধাৰনতে খেৰৰ ছালৰ সূৰ্যৰ পোহৰ পোনপটীয়াকৈ নপৰা বায়ু চলাচলৰ সু ব্যৱস্হা থকা এটা কোঠা বিশেষভাৱে নিৰ্মান কৰি লব লাগে। আয়ষ্টাৰ কাঠফুলা উৎপাদনৰ কাৰণে উপযুক্ত উষ্ণতা ২৩ ডিগ্ৰী ছেঃ গ্ৰেঃ। কোঠাটোৰ মজিয়াত বালিৰ এটা ৫ ছেঃ মিঃ তৰপ দিয়াৰ উপৰিও চাৰিওকাষৰ বেৰৰ ভিতৰফালে ছটি বস্তা আঁৰি দিব লাগে। কোঠাটোৰ ভিতৰখন আৰ্দ্ৰ কৰি ৰাখিবৰ কাৰণে মজিয়াত আৰু বেৰত দিনে দুবাৰকৈ পানী ছটিয়াব লাগে। সূর্য্যৰ পোহৰ পোনপটীয়াকৈ নপৰিবলৈ ডাঙৰ গছৰ ছাঁ পৰা ঠাইত উৎপাদনগৃহটি নির্মান কৰিব লাগে।
লগতে পঢ়ক-
বানৰ বাবে ৰুৱ নোৱৰা ধান কটাৰ পাছৰ খালি পথাৰসমূহত কৰক এই খেতি
পদ্ধতি:
প্রথম দিন:
প্রথমেই সাগৰীয় শামুকীয়া কাঠফুলা উৎপাদনৰ কাৰণে প্রয়োজন হোৱা সামগ্রীখিনি গোটাই লব লাগে।
- প্রথমেই ৰ'দ বৰষুণত নষ্ট নোহোৱাকৈ থকা শালিধানৰ শুকান ধানখেৰ দা অথবা কাচিৰে অথবা খেৰ কটা মেছিনেৰে ৫ ছেঃমিঃ জোখত সৰু সৰুকৈ কাটি লব লাগে।
- খেৰখিনি গামলা অথবা টেংকীত ৬ ৰ পৰা ৮ ঘন্টা সময় তিয়াই ৰাখিব লাগে।
দ্বিতীয় দিন:
- নির্দিষ্ট সময়ৰ পিছত খেৰখিনি পানীৰ পৰা উঠাই এটা কেৰাহী অথবা ড্রামত নতুন পানী লৈ প্রায় ৪৫ মিনিট সময় উতলা পানীত তল ওপৰ কৰি সিজাব লাগে।
- এতিয়া উতলা পানীৰ পৰা খেৰখিনি উঠাই লৈ এখন চাংৰ ওপৰত অথবা পৰিষ্কাৰ পকা মজিয়াত মেলি দি অতিৰিক্ত পানীভাগ যাবলৈ দিয়া হয়। খেৰখিনি এনে অৱস্থালৈকে শুকাৱলৈ দিয়া হয় যাতে হাতেৰে চেপিলে পানী নোলায় কিন্তু হাতত জীপ থাকি যায়। তিঁওৱাৰ পিছত ১কিঃগ্রা শুকান খেৰ ৩ কিঃগ্রা হয়।
- সিজোৱা খেৰখিনিত নহৰুৰ ৰস স্প্রে কৰি সেউজবর্তী ভেঁকুৰৰ আক্ৰমনৰ পৰা ৰক্ষা কৰিব পাৰি।
- কাঠফুলাৰ উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে সিজোৱা খেৰখিনিত গুৰিচুণ ৫০গ্রাম প্রতি কেজি খেৰ হিচাপত মিহলাব লাগে।
- এতিয়া এটা ৪০ ছেঃমিঃ বহল আৰু ৬০ ছেঃমিঃ দীঘল ডাথ পলিথিনৰ মোনা লৈ দীঘে দীঘে চাৰিভাজ কৰি লৈ বিন্ধা কৰা মেছিনেৰে ২০টা মানকৈ ৫ মিঃমিঃ ব্যাসৰ ফুটা কৰি লব লাগে।এতিয়া পলিথিনৰ মোনাৰ বন্ধ মোৰটো এডাল সৰু ৰছীবে বান্ধি লব লাগে।
- এতিয়া বীজ সিচিবৰ কাৰনে সাধাৰনতে ২০০ গ্রামৰ পেকেটট উপলব্ধ বীজৰ টোপোলাৰ পৰা ১০০ গ্রাম বীজ লৈ সমানে ৪ভাগ কৰি লব লাগে।
- এতিয়া ইতিমধ্যে প্রস্তুত কৰি ৰখা পলিথিনৰ মোনাটোত খেৰ আৰু বীজ তৰপে তৰপে ভৰোৱা হয়। ৬ ছেঃমি ডাঠ খেৰৰ তৰপটোৰ ওপৰত প্রায় ২৫ গ্রাম বীজৰ এটা তৰপ দিয়া হয়। এইদৰে বীজৰ মুঠ ৪টা তৰপ খেৰৰ ৫ টা তৰপৰ মাজত সোমাই পৰে।
- এতিয়া মোনাটোৰ মুখখন এডাল সৰু ৰছীৰে বান্ধি বীজ বৃদ্ধিৰ কাৰণে ১৫ দিনৰ কাৰনে আন্ধাৰ কক্ষত ৰাখিব লাগে।
১৫ দিনৰ পাচত
- ১৫ দিনৰ পাচত টোপোলাবোৰ ভালদৰে পর্যবেক্ষন কৰি খেৰৰ উপৰিভাগত বগা বা মাখন বৰণৰ চামনি বান্ধিছেনে নাই লক্ষ্য কৰিব লাগে।
- খেৰৰ উপৰিভাগত টোপোলাটোৰ চাৰিওফালে বগা বা মাখন বৰণৰ চামনি ভালদবে বান্ধিলেই টোপোলাটো পোহৰ কক্ষলৈ স্থানান্তৰিত কৰিব লাগে।
- এতিয়া পলিথিনৰ মোনাটোৰ বন্ধ মূৰটো খুলিলৈ তলফালৰ গাঠিটোত ধৰি লাহে লাহে ওলোতাই জোকাৰি দিব লাগে। এনে কৰিলে খেৰৰ টোপোলাটো পলিথিনৰ মোনাৰ পৰা মুক্ত হৈ পৰে।
- পলিথিনৰ পৰা মূক্ত কৰা টোপোলাটো এতিয়া এটা বতাহ চলাচলৰ সুব্যৱল থকা কোঠালীত পলিথিনৰ বছীবে উলোমাই অথবা ছাঙৰ ওপৰত বাখিব লাগে। দুটা টোপোলাৰ মাজত অন্তত: ৫ইঞ্চি ব্যৱধান ৰাখিব লাগে।
- পলিথিনৰ মোনাটো গুচাই দিয়াৰ ৩ দিন পাছৰ পৰা সদায় পূৱা গধূলি দুবাৰকৈ পৰিষ্কাৰ পানী হেণ্ড স্প্রেয়াৰৰ সহায়ত স্প্রে কৰিব লাগে।
- মোনা খোলাৰ ৬ৰ পৰা ৭ দিনৰ পিছতে প্রথম জাউৰি কাঠফুলা গজি উঠে আৰু ৩, ৪ দিন পাচত ছিঙাৰ উপযুক্ত হৈ উঠে। কাঠফুলাপাহি গুৰিৰ ফালে হাতেৰে ধৰি পকাই পকাই ছিঙিব লাগে।
- প্রথম জাউৰি কাঠফুলা শেষ হোৱাৰ পিছত দৈনিক পানী দি থাকিলে ৭ দিনমানৰ পিছত আকৌ এজাউৰি কাঠফুলা ওলাই আহে। এইদৰে এটা টোপোলাৰ পৰা মূঠতে তিনিবাৰ কাঠফুলা ছিঙিব পাৰি। এনেধৰনৰ এটা টোপোলাৰ পৰা অতিকমেও ২-৫ কিঃগ্রা কেচা সতেজ কাঠফুলা উৎপাদন পাব পাৰি।
- কাঠফুলা ছিঙাৰ পিছত গুৰিত লাগি থকা খেৰবোৰ ভালদৰে কটাৰী অথবা চোকা ব্লেডেৰে কাটি চাফা কৰিব লাগে আৰু ফুটা কৰা পলিথিনৰ মোনা অথবা মূগা বৰণৰ কাগজৰ ঠোঙাত ভৰাই বিক্ৰীৰ কাৰণে প্রস্তুত কৰিব লাগে।
কাঠফুলাৰ বজাৰ:
বর্তমান সময়ত প্রতি কিলোগ্রাম সতেজ কাঠফুলাৰ উৎপাদন ব্যয় অতি বেছি ৩০-৩৫ টকা হোৱাৰ বিপৰীতে প্রতি কিলোগ্রাম সতেজ কাঠফুলাৰ বজাৰমূল্য ২০০ টকাৰ পৰা ৩৫০ টকা। উৎপাদিত সামগ্রীৰ পৰা উচিত মূল্য লাভ কৰিবলৈ কিছুমান ক্ষেত্রত সাৱধানতা লব লাগিব। উদাহৰনম্বৰূপে,
- উপভোক্তাক নিয়মীয়াকৈ যোগান ধৰিব পৰাকৈ পৰিকল্পিতভাৱে নিয়মীয়াকৈ উৎপাদন কৰিব লাগিব।
- কাঠফুলাখিনি ভাল মানদণ্ডৰ দেখনিয়াৰ হব লাগিব।
- বিক্ৰীৰবাবে ছিঙাৰ আগতে পানী দিয়াৰ পৰা বিৰত থাকিব লাগে।
- কাঠফুলা ছিঙাৰ পিছত গুৰিত লাগি থকা খেৰবোৰ ভালদৰে কটাৰী অথবা চোকা ব্লেডেৰে কাটি চাফা কৰিব লাগে আৰু ফুটা কৰা পলিথিনৰ মোনা অথবা মুগা বৰণৰ কাগজৰ ঠোঙাত ভৰাইহে বিক্ৰী কৰিব লাগে।
- সতেজ কাঠফুলা বিক্রী কৰিব নোৱাৰিলে মূল্য সংযোজিত ৰূপত যেনে শুকান কাঠফুলা, কাঠফুলা গুড়ি, কাঠফুলাৰ আচাৰ, কাঠফুলাৰ কেক ইত্যাদি বনাই বিক্রী কৰিব লাগে।
কাঠফুলাৰ সংৰক্ষণ:
সতেজ কাঠফুলা ছিঙাৰ দিনাখনেই অথবা দুদিনৰ ভিতৰত খাদ্য হিছাপে গ্রহণ কৰিব লাগে। কম উষ্ণতাত বিফ্ৰিজাৰেটত সংৰক্ষণ কৰিলে ৪ দিনমানলৈ খাব পাৰি। সতেজ কাঠফুলা ৰ'দত অথবা মেছিনত শুকোৱাই দীর্ঘদিনৰ কাৰণে সংৰক্ষণ কৰিব পাৰি। সৌৰশক্তিচালিত শুকোৱা মেছিনত কম খৰছতে সতেজ কাঠফুলা শুকোৱাব পাৰি। ১ কিঃগ্রা সতেজ কাঠফুলা ভালদৰে শুকোৱালে ১০০ গ্রাম হৈ পৰে।
-তৃষ্ণালী শইকীয়া
কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাট
অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট
Share your comments