1. উদ্য়ানশস্য়

Mosambi Farming: দুবছৰত ফল লাগে আৰু এজোপাত ৫০-৬০ কেজি পৰ্যন্ত

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Mosambi Farming Methods & its Benefit
Mosambi Farming Methods & its Benefit

অসমৰ বজাৰত শেহতীয়াকৈ কমলাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা এবিধ টেঙাজাতীয়া ফল হ’ল- মৌচুমী টেঙা। বহু গ্ৰাহকে মৌচুমী টেঙাকে কমলা বুলি ক্ৰয় কৰে। খাবলৈয়ো প্ৰায় মৌচুমীৰ দৰেই। কিন্তু কমলা খেতিৰ দৰে মৌচুমীৰ ক্ষেত্ৰত ইমান যত্ন ল’ব নালাগে। অসমৰ বহুকেইজন কৃষকে মৌচুমীৰ খেতি কৰি লাভান্বিত হৈছে। বিশ্বনাথৰ কৃষক লীলা শৰ্মাই জানিবলৈ দিয়া মতে, তেওঁৰ কৃষিফাৰ্মত এজোপা মৌচুমী গছত ৫০ কেজি পৰ্যন্ত ফল লাগে। প্ৰতিকেজি মৌচুমী ১০০ টকাত বিক্ৰি কৰিলেও এজোপা মৌচুমীৰ পৰা কৃষকজনে ৫ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব। একেদৰে অসমৰ প্ৰগতিশীল কৃষক ধনীৰাম চেতিয়াযো কয়- অসমৰ জলবায়ু মৌচুমী টেঙাৰ বাবে ভাল। এজোপা গছত যথেষ্ট পৰিমানে ফল লাগে। ইয়াৰ বজাৰখনো আছে। এই খেতি কৰিলে অসমৰ কৃষকসকল লাভান্বিত হ’ব।

এবিঘা মাটিত আমাৰ কৃষকসকলে ইয়াৰ খেতি কৰিলে বছৰি এটা ভাল উপাৰ্জন কৰিব পাৰিব। যিসকল কৃষকৰ বাম মাটি আছে, যিবোৰ ঠাইত ধান ভাল নহয় তেনে ঠাইত আমাৰ কৃষকসকলে পানীৰ ব্যৱস্থা কৰি মৌচুমীৰ খেতি কৰিব পাৰে। দিনটোৰ ৬-৭ ঘন্টা ৰদ পৰা ঠাই মৌচুমী টেঙাৰ খেতিৰ বাবে কৃষকসকলে বাচি ল’ব লাগে। এবিঘা মাটিত কৃষকসকলে ২০০ পৰা ২৫০ টা মান পুলি ৰোপন কৰিব পাৰে। পুলি ৰোপনৰ উপযুক্ত সময় বহাগ-জেঠ। পুলিবোৰ ৰোপন কৰাৰ পাছতে পানী নিয়মিত যোগান ধৰিব লাগে। আৰু বছৰত তিনিবাৰ জৈৱিক সাৰ যোগান ধৰিব লাগে। এনে কৰিলে ডেৰ বছৰৰ পৰা দুবছৰৰ ভিতৰত মৌচুমী গছত ফল লাগে। গছত ফল লগাৰ ২৫০- ৬০ দিনত ফল চিঙিব পৰা হয়। প্ৰথম দুই এবছৰত কম পৰিমাণে লাগে কিন্তু পৰৱৰ্তী সময়ত এজোপা গছত ৫০-৬০ কেজি ফল লাগে।

এজোপা মৌচুমীয়ে ১৫-২০ বছৰ ফল দিয়ে। তাৰ পিছতো দিয়ে কিন্তু পৰিমাণ কম হয়। প্ৰথম অৱস্থাতে যি খৰচ হয়। তাৰপিছত বৰ বেছি খৰচ নহয়। এবাৰ খৰচ কৰাৰ পাছতেই সেই খৰচতে কৃষকজনে ১৫-২০ বছৰলৈ ফল দি থাকে। অৱশ্যে কৃষকজনে সাৰ-পানী যোগান ধৰা, কীটনাশক প্ৰয়োগ, অপতৃণ চাফা কৰা আদিৰ বাবে বছৰত এটা নন্যূতম এটা খৰচ হ’ব। কৃষকসকলে জানিবলৈ দিয়া মতে, এবিঘা মাটিত ৰোপন কৰা ২০০-২৫০ টা পুলিৰ পৰা এজন কৃষক একেবাৰে কম ২ লাখ উপাৰ্জন কৰিব পাৰে। যদিহে আমি আমি এজোপা মৌচুমীয়ে প্ৰতিবছৰে ৫০ কেজি মৌচুমীয় দিয়ে আৰু প্ৰতিকেজিত ১০০ টকা বুলি ধৰো তেতিয়া এটা ডাঙৰ সংখ্যা হ’ব। কিন্তু আমি তাৰ বিপৰীতে এজোপা গছত ২০ কেজি আৰু প্ৰতিকেজিত ৮০ টকাহে ধৰিছো।

লগতে পঢ়ক- 

২০০ জোপা তামোল পাণ লগাওঁক বছৰি ৫-৬ লাখ টকা উপাৰ্জন কৰক

English Summary: Mosambi Farming Methods & its Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.