1. উদ্য়ানশস্য়

খেতি আৰম্ভ কৰাৰ ছমাহৰ পৰাই ২০-২৫ বছৰলৈ একেৰাহে উপাৰ্জন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Mixed Farming Tips & Benefit
Mixed Farming Tips & Benefit

দেশৰ অধিকাংশ সফল কৃষকেই মিশ্ৰিত আৰু সমন্বিত কৃষি পদ্ধতিৰে খেতি কৰে। অসমৰ এজন সফল কৃষক ধনীৰাম চেতিয়াই মিশ্ৰিত পদ্ধতিৰে কিদৰে খেতি কৰি লাভান্বিত হৈছে সেইবিষয়ে আপোনালোকক জনাম। মূল বিষয়লৈ যোৱাৰ আগতে আপোনালোকক জনাও যে তেওঁ এক দীৰ্ঘ পৰিকল্পনা নিজৰ কৃষিফাৰ্মখন গঢ়ি তুলিছে। দিৰ্ঘ পৰিকল্পনা খেতি কৰিছে মানে এইটো নহয় যে তেওঁ বহুত দিনৰ মূৰত উপাৰ্জন কৰিব পাৰিব। তেওঁ প্ৰতিবছৰেই উপাৰ্জন কৰিব পাৰিব। তলৰ কথাখিনি পঢ়িলে অধিক স্পষ্ট হ’ব।

কৃষক ধনীৰাম চেতিয়াই তেওঁৰ ৫ বিঘা মাটিৰ এখন কৃষিফাৰ্মত প্ৰথম ভোটজলকীয়াৰ খেতি কৰিছিল। ভোট জলকীয়াবোৰৰ মাজত শাৰী আৰু পুলিবোৰৰ মাজত প্ৰয়োজনতকৈ অলপ বেছি দূৰত্বত দিছিল। আৰু ভোট জলকীয়া পুলিবোৰৰ মাজৰ ঠাইবোৰত অমিতা পুলি ৰোপন কৰিছিল। ভোটজলকীয়াৰ সময়কাল ৮-৯ মাহ। ভোটজলকীয়াবোৰ লাগি এসময়ত শেষ হ’ল। আৰু সেই ঠাইত অমিতাবোৰ ডাঙৰ হৈ আহিল। ভোট জলকীয়া লাগি শেষ হোৱাৰ পাছতে অমিতাবোৰ লাগিবলৈ ধৰিলে। আৰু ভোটজলকীয়াবোৰ উঠাই দিয়া হ’ল। ভোট জলকীয়া লগোৱা ঠাইবোৰত আকৌ আকৌ কৃষকগৰাকীয়ে বিভিন্ন প্ৰজাতিৰ আমৰ পুলি লগাই দিলে। তলত এখন ফটো দিয়া হ’ল।

লগতে পঢ়ক- 

Kaji Nemu Farming: ব্যৱসায়িক ভিত্তিত কেনেকৈ কৰিব কাজি নেমু খেতি

বৰ্তমান কৃষকগৰাকীয়ে ৰোপন কৰা অমিতাবোৰ দুবছৰীয়া হ’ল। অমিতাবোৰ এবছৰীয়া হওঁতে কৃষকগৰাকীয়ে ৰোপন কৰা আমবোৰ বৰ্তমান এতিয়া এবৰীয়া হ’ল। অমিতাৰ সময়কাল দুবছৰ-তিনিবছৰ। অমিতাৰ সময় কাল শেষ হোৱাৰ সময় সমাগত। গতিকে কৃষকগৰাকীয় অমিতা গছৰ কাষে কাষে তামোল, মেহগনি গছৰ পুলি ৰোপন কৰিছে। তলৰ ফটোখন চালেই কথাটো অধিক স্পষ্ট হ’ব। অমিতা শেষ হ’ব। অমিতাৰ লগত থকা আমবোৰ গছত লাগিব।

কৃষকগৰাকীয়ে ৰোপন কৰা আমবোৰ হাইব্ৰীড। দুবছৰ-৩ বছৰতে ফল লাগে। আৰু এই প্ৰজাতিৰ আমবোৰ বৰ বেছি ওখ নহয়। গতিকে তামোল গছ আৰু মেহগনি গছবোৰৰ এসময়ত ওখ হৈ যাব আমজোপাৰ বিশেষ ক্ষতি নহয় আৰু মেহগনি আৰু তামোল গছবোৰৰো কোনো সমস্যা নহয়। কাৰণ কাৰণ তামোল গছ আৰু মেহগনি গছবোৰৰ ডাল পাত নাথাকে আন গছৰ দৰে। পোনে পোনে ওপৰলৈ গুচি যাব। অৱশ্যে সেই ঠাইবোৰত পৰৱৰ্তী সময়ত ঋতুকালীন শস্য নহয়। গতিকে কৃষকগৰাকীয়ে সেই ঠাইখিনি পশুপালনৰ বাবে ব্যৱহাৰৰ কথা আমাক ব্যক্ত কৰে। ইফালে ৫ বিঘা মাটিৰ কৃষিফাৰ্মখনৰ চাৰিওফালৰ সীমান্তত নেমুটেঙাৰ খেতি কৰিছে। নেমুটেঙাৰ কাষতে কিছুমান হাইব্ৰীড প্ৰজাতিৰ কঁঠালৰ পুলিও ৰোপন কৰা আমি দেখিবলৈ পাইছিলো। তদুপৰি বাৰিখনৰ সীমাবোৰৰ কাষত আমি দেখিবলৈ পাইছিলো গৰু-ছাগলীৰ বাবে নেপিয়া ঘাঁহৰ খেতি।

এই পদ্ধতিৰে খেতি কৰিলে কেইবাটাও দিশত আমাৰ কৃষকসকল লাভান্বিত হ’ব। প্ৰথম কথা- সেই মাটিডোখৰ পৰা খেতি কৰিবলৈ আৰম্ভ কৰাৰ ৬ মাহ ৭ মাহৰ পৰা একেৰাহে ২০-৩০ বছৰলৈ ফল পাই থাকিব। দ্বিতীয় কথা- এটা উদাহৰণ দিয়ো। শেহতীয়া বানে কৃষকগৰাকীৰ কৃষিফাৰ্মখনৰ ঋতুকালীন শস্যসমূহ শেষ কৰি গল। কিন্তু তেওঁ তেওঁ কৃষিফাৰ্মখনৰ আম, তামোল, নাৰিকল, কঁঠাল আদিৰ বৰ বেছি ক্ষতি নহ’ল। যদি তেওঁ ঋতুকালীন শস্যৰ খেতি ওপৰতে নিৰ্ভৰ কৰি থকা হ’লে  বানে তেওঁক উঠিব নোৱৰাকৈ মহতিয়াই গ’লহেঁতেন।

লগতে পঢ়ক- 

Gadda 140 F1 : কৃষকসকলে আগতীয়াকৈ জাতিলাওৰ এই জাতটোৰ খেতি কৰক

English Summary: Mixed Farming Tips & Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.