1. উদ্য়ানশস্য়

অমিতা গছত মিলি বাগ পতংগৰ আক্ৰমণ আৰু নিয়ন্ত্ৰণ

RAHUL ALI
RAHUL ALI
Mealybag Attack on Papaya
Mealybag Attack on Papaya

মিলিবাগৰ আক্ৰমনৰ ফলত অমিতা গছৰ পাতবোৰ সোতোৰা-মোতোৰা হৈ পৰে৷ অমিতাৰ পাত আৰু ফলবোৰ মধু কনা বা “হনি দিউ” আৰু বগা কপাহৰ দৰে “চুটি ম’ল্ড”ৰ আচ্ছাদনে ঢাকি ধৰে৷ আক্ৰমন বাঢ়ি যোৱাৰ লগে লগে উদ্ভিদ জোপা মৰহি যাবলৈ ধৰে৷ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত গছৰ তলত ঠিয় হ’লে মধুকনা সৰি পৰা পৰিলক্ষিত হয়৷ অৱশ্যে সামান্য ক্ষতিকাৰী অৱস্থাত পাত, ফুল আৰু ফলত পতংগ অৱস্থিতি পৰিলক্ষিত হয়৷

এই পতংগৰ আক্ৰমণৰ বিষয়ে ১৯৯২ চনত জনা গৈছিল৷ সেউজ হালধীয়া বৰণৰ এই পতংগৰ আক্ৰমণ প্ৰথমাৱস্থাত মেক্সিক’, বেলিজ, গোৱাটেমালা আদি অঞ্চলত পৰিলক্ষিত হৈছিল৷ পাছত পৰ্যায়ক্ৰমে আন আন দেশলৈ বিয়পি ভাৰততো প্ৰবেশ ঘটে৷ অমিতাকে ধৰি অন্যান্য প্ৰায় ৫৫ বিধ উদ্যান শস্য বিশেষকৈ ভেন্দি, বেঙেনা, মধুৰী, আম, ডালিম, শিমলু আলু, ৰঙালাও আদিক ক্ষতি কৰা এই পতংগ ২০০৮ চন মানত দক্ষিন ভাৰতত দেখা গৈছে৷

পৰৱৰ্তী সময়ত বেংগালুৰুস্থিত “নেশ্চনেল ব্যুৰু অফ এগ্ৰিকালচাৰেলি ইম্পৰটেন্ট ইনচেক্ট” নামৰ প্ৰতিষ্ঠানৰ নেতৃত্বত এই পতংগৰ সমস্যা বহু পৰিমানে নিৰ্মূল কৰিবলৈ সক্ষম হৈছে৷ বিভিন্ন মাধ্যমেৰে এই পতংগ বৰ্তমান অসমতো প্ৰবেশ কৰিছে৷

মিলিবাগৰ মতা আৰু মাইকী পতংগৰ আকৃতি ভিন্ন ভিন্ন হয়৷ অধিক উষ্ণতাত ইহতৰ বংশ বৃদ্ধি দ্ৰুত হয়৷ এই পতংগই পৰুৱাৰ জড়িয়তে চলাচল কৰা দেখা যায়৷ “নেশ্চনেল ব্যুৰু অফ এগ্ৰিকালচাৰেলি ইম্পৰটেন্ট ইনচেক্ট” নামৰ প্ৰতিষ্ঠানে চলোৱা এক সমীক্ষা মতে মিলি বাগৰ আক্ৰমনৰ ফলত ভাৰতীয় হিছাপত প্ৰতি বছৰে প্ৰায় ১৫০০ কোটি টকাৰ অপচয় হয়৷ উক্ত প্ৰতিষ্ঠানে মিলিবাগৰ নিয়ন্ত্ৰণৰ বাবে “একাৰ’ফেগাচ পাপায়ি” নামৰ এক সুক্ষ্ম পৰজীৱি মেক্সিক’ৰ পৰা আমদানি কৰি ভাৰতত মেলি দিয়ে৷ এই কাৰ্যসূচী কিছু পৰিমানে সফল হৈছে যদিও ৰাসায়নিক কীটনাশকৰ দ্বাৰা তেনেই নাম মাত্ৰ সফলতাহে পোৱা গৈছে৷

যাতায়াত ব্যৱস্থাই এই পতংগ এঠাইৰ পৰা আনঠাইলৈ বিয়পি যোৱাত সহায় কৰে৷ নতুন খেতিত ব্যৱহৃত পুলিবোৰ পতংগমুক্ত হোৱা উচিত৷ ৰোগাক্ৰান্ত উদ্ভিদৰ অৱশিষ্ট অংশত এই পোক বাহ লৈ অন্য নিৰোগী গছলৈ বিয়পিবলৈ সুবিধা পায়৷ এই পতংগ নিৰাময়ৰ বাবে “ম’ন’ক্ৰটফচ”, “মিথাইল ডিমেটন”, “ডাইমিথয়েট”, “এচিফেট”, আৰু “মিথ’মিল” আদি চিষ্টেমিক কীটনাশক; “ফেন্থিয়ন”, “ইমিডাক্ল’প্ৰিড” আৰু “থায়’মিথক্সাম” আদি ট্ৰেন্সলেমিনাৰ পতংগনাশক; “ক্ল’ৰপাইৰিফজ”, “কুইনলফজ”, “ডাইক্ল’ৰভচ”, “কাৰ্বাৰিল” আৰু “মালাথিয়ন” আদি কন্টেক্ট কীটনাশক ব্যৱহাৰ কৰি সুফল পাব পাৰি৷ কীটনাশকৰ লগত আঠা বা ষ্টিকাৰ মিহলোৱা উচিত৷ ফলৰ পৰা পতংগ ৰোধৰ বাবে কন্টেক্ট কীটনাশক ব্যৱহাৰ কৰা প্ৰয়োজন৷

লগতে পঢ়ক-লং খেতিৰে উপাৰ্জনৰ সুযোগ-জানক কেনেদৰে কৰিব ইয়াৰ খেতি?

English Summary: Mealybag Attack on Papaya

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.