শেহতীয়াকৈ অসমত অসমৰ কৃষকে খেতি কৰি ভাল ফলাফল পোৱা এবিধ উদ্যান শস্য হল মাল্টা টেঙা। অসমত মাল্টা টেঙাৰ খেতি ভাল নহয় বুলি বা অসমৰ জলবায়ু মাল্টা টেঙাৰ উপযোগী নহয় বুলি ভাৱি অহা কথাটোক ভুল বুলি প্ৰতিপন্ন কৰিছে অসমৰ মাল্টা টেঙাৰ খেতি কৰি অহা কৃষকসকলৰ সফলতাই। অসমত ব্যৱসায়িক উদ্দেশ্যৰে মাল্টা টেঙাৰ খেতি কৰি অহা কৃষকসকলৰ অন্যতম গোৱালপাৰা জিলাৰ বিপুল নাথ আৰু চিৰাং জিলাৰ আকবৰ আলি আহমেদ। তদুপৰি অসমৰ কেইবাখনো জিলাত কম-বেছি পৰিমাণে মাল্টা টেঙাৰ খেতি কৰি অহা হৈছে। মাল্টা টেঙা এটা সংকৰ জাত। সুমথিৰা জাতীয় এবিধ ফলৰ লগত কমলা টেঙাৰ ক্ৰছ কৰাই মাল্টা টেঙা বিধৰ সৃষ্টি কৰা হৈছে।
মাল্টা টেঙাৰ কৃষি পদ্ধতি ( Farming Tips of Malta)
মাল্টা টেঙাৰ খেতিৰ বাবে সূৰ্যৰ পোহৰ পোণপটীয়াকৈ পৰা সাৰুৱা পানী জমা নোহোৱা মাটি উপযোগী। ব্যৱসায়িক উদ্দেশ্যৰে খেতি মাল্টা টেঙাৰ খেতি কৰাৰ পূৰ্বে কৃষি বিশেষজ্ঞৰ দ্বাৰা মাটি পৰীক্ষা কৰাই পোৱা ফলাফল অনুসৰি সাৰ-পানী যোগান ধৰি পুলিবোৰ ৰোপন কৰিব লাগে।
এটা পুলি পৰা আন এটা পুলিৰ দূৰত্ব ( Distance one to another plant of Malta)
পুলিবোৰ ৰোপন কৰোঁতে এটা পুলিৰ পৰা আন এটা পুলিৰ দূৰত্ব সথিক পৰিমাণে দিয়াটো অত্যন্ত জৰুৰী। কৃষি বিশেষজ্ঞসকলৰ মতে, এটা পুলিৰ পৰা আন এটা পুলিৰ দূৰত্ব ৫-৭ ফুটৰ ভিতৰত দিব লাগে।
শাৰীৰ দূৰত্ব (Line Distance)
শাৰীবোৰৰ দূৰত্ব ১২-১৫ ফুট দিব লাগে। শাৰীৰ মাজৰ এই দূৰত্বই সূৰ্যৰ পোহৰ পোনপটীয়াকৈ মাল্টা গছবোৰত পৰাত সহায় কৰে। ফলত গছবোৰ বৃদ্ধি হবলৈ সুবিধা পায় আৰু ফল-ফুল ধৰাত সহায়ক হৈ উঠে।
এবিঘা মাটিত কিমানটা পুলি ৰোপন কৰিব পাৰিব ("How many orange trees can be planted in one acre of land)
ওপৰত দিয়া পুলি আৰু শাৰীৰ দূৰত্বৰ পৰা আমি অনুমান কৰিব পাৰো যে এবিঘা মাটিত ৮০-১১০ মাল্টা পুলি এজন কৃষকে ৰোপন কৰিব পাৰিব।
মাল্টা টেঙাৰ খেতিৰ পুলি ৰোপনৰ উপযুক্ত সময় ( Best time of Malta farming)
মাল্টা টেঙাৰ পুলি ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত ৰোপন কৰিব লাগে। এই সময়খিনি অসমত সেমেকা জলবায়ুৱে বিৰাজ কৰে। ফলত পুলিবোৰ বিকাশ হোৱাত সহায়ক হৈ উঠে। আমি সকলোৱে জানো বহাগ মাহত গছত-ফল-ফুলবোৰ সোণকালে ডাঙৰ হয়।
লগতে পঢ়ক-
Sponge Gourd : এবিঘা মাটিত কৰক এদিনত ২-৩ কুইন্টল বজাৰলৈ পঠাওঁক
কিমান বছৰৰ মূৰত মাল্টা গছত ফল লাগে (How many years does it take for an orange tree to bear fruit?)
মাল্টা গছত উপযুক্তভাৱ যত্ন ল’লে ৩ বছৰত ফল লাগে। প্ৰথমবাৰত ফল কম হয়। গতিকে ভাল ফল পাব গছত ফল লগাৰ দ্বিতীয় বছৰৰ পৰাহে।
এবিঘা মাটিত মাল্টাৰ খেতি কৰিবলৈ কিমান খৰচ পৰিব (How much will it cost to farm Malta on one acre of land?)
পুলি প্ৰয়োজন হ’ব- ৮০-১১০ টা
এটা পুলিৰ দাম- ১০০-১৫০
মুঠ খৰচ পৰিব অনুমানিক ১০ হাজাৰ পৰা ১২ হাজাৰৰ ভিতৰত।
অন্য খৰচ যেনে- শ্ৰমিক, সাৰ-পানী, কীটনাশক আদি সকলো খৰচ মিলাই ৩০ হাজাৰ পৰা ৪০ হাজাৰ খৰচ পৰিব।
প্ৰথম বছৰতে এনেকৈ খৰচ হ’ব পৰৱৰ্তী বছৰবোৰত ইয়াৰ খৰচ বহু কমি যাব। কাৰণ পুলিবোৰ ডাঙৰ হৈ আহিব। ডাঙৰ হৈ আহিলে বৰ বেছি যত্নৰ প্ৰয়োজন নহ’ব।
এবিঘা মাটিৰ পৰা কিমান উপাৰ্জ হ’ব (How Many income to farm Malta on one bigha of land?)
এজোপা মাল্টাৰ পূৰ্ণ বয়সত ১০-১৫ কেজি ফল লাগে। সেই অনুপাতে ৮০-১১০ জোপা মাল্টা গছত ১৫০০ কিলোগ্ৰাম ফল লাগিব। ফলত বজাৰ ভাল-বেয়া অনুসৰি ৮০-১ লাখ টকা পৰ্যন্ত এবছৰত উপাৰ্জন কৰিব পাৰিব।
কিমান বছৰলৈ মাল্টাই ফল দি থাকে (How many years does an orange tree bear fruit?)
এজোপাই মাল্টাই ২০-২৫ বছৰলৈ ফল দি থাকে। অৱশ্যে প্ৰথম সময়ছোৱাত ফল লগাৰ দৰে শেষৰ সময়ছোৱাত গছত ফল লগাৰ পৰিমাণ কমি আহে।
উল্লেখ্য যে চীনত এই ফলবিধৰ আবিস্কাৰ হৈছিল যদিয়ো বিগত দিনবোৰত বিশ্বৰ ভিন্নপ্ৰান্তত ইয়াৰ খেতি কৰা হৈছে। ভাৰতবৰ্ষত প্ৰথম অৱস্থাত উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, আৰু ছিকিমত মাল্টা ফলৰ খেতি কৰে শেহতীয়াকৈ পশ্চিম বংগতো মাল্টাৰ খেতিয়ে জনপ্ৰিয়তা লাভ কৰিছে। বিগত এটা দশকত পশ্চিমবংগ হৈ মাল্টা টেঙাৰ খেতিয়ে অসমত প্ৰৱেশ কৰিছে।
লগতে পঢ়ক-
Share your comments