1. উদ্য়ানশস্য়

নেমু আৰু অন্যান্য টেঙাজাতীয় ফলৰ কৃষিপদ্ধতি, বেমাৰ-আজাৰৰ সমাধান

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Lemon Diseases
Lemon Diseases

নেমুৰ পুলি ৰোপন

নতুনকৈ নেমুটেঙাৰ বাৰী পাতিব বিচাৰিলে আহাৰৰ পৰা শাওণ মাহৰ ভিতৰত ৩ মিটাৰ × ৩ মিটাৰ দূৰত্বত গাঁত খান্দিব লাগে। এই গাঁতত এবছৰীয়া স্বাস্থ্যৱান নেমুৰ কলম পুলি ৰোপণ কৰিব লাগে।

কমলা বা সুমথিৰা টেঙাৰ বাৰী পাতিবৰ কাৰণে ৫ মিটাৰ × ৫ মিটাৰ দূৰত্বত একো একোটা গাঁত খান্দি মুকুলন পদ্ধতিৰে প্ৰস্তুত কৰা উন্নত পুলি ৰোপণ কৰিব লাগে।

বংশ বিস্তাৰ

নেমুগছৰ ডাল ধৰিব বিচাৰিলে এবছৰীয়া স্বাস্থ্যবান ডাল বাচি লৈ সমান পৰিমাণত মাটি, বালি আৰু পচা গোবৰ মিহলাই ডাল ধৰাত ব্যৱহাৰ কৰিব লাগে। ডাল ধৰিবৰ কাৰণে বাচি লোৱা ডালৰ এটা গাঁঠিৰে সৈতে ২-৩ ছেঃমিঃ দৈর্ঘ্যৰ বাকলি আঁতৰাই ওপৰত উল্লেখ কৰা মিশ্ৰণটোৰে ডাঠ প্রলেপ দি পলিথিন বা বস্তা কাপোৰেৰে বান্ধি থব লাগে।

কমলাৰ ক্ষেত্ৰত মুকুলন পদ্ধতি ব্যৱহাৰ কৰা হয়। ডালত বাচি লোৱা গছৰ কলি কলম লগাই মুকুলন পদ্ধতিৰে সুমথিৰা গছৰ বংশবিস্তাৰ কৰিব পৰা যায়। কাজিনেমুৰ ডাল কাটি বংশ বিস্তাৰ কৰা হয়।

বংশ বিস্তাৰ

নেমুগছৰ ডাল ধৰিব বিচাৰিলে এবছৰীয়া স্বাস্থ্যবান ডাল বাচি লৈ সমান পৰিমাণত মাটি, বালি আৰু পচা গোবৰ মিহলাই ডাল ধৰাত ব্যৱহাৰ কৰিব লাগে। ডাল ধৰিবৰ কাৰণে বাচি লোৱা ডালৰ এটা গাঁঠিৰে সৈতে ২-৩ ছেঃমিঃ দৈর্ঘ্যৰ বাকলি আঁতৰাই ওপৰত উল্লেখ কৰা মিশ্ৰণটোৰে ডাঠ প্রলেপ দি পলিথিন বা বস্তা কাপোৰেৰে বান্ধি থব লাগে।

কমলাৰ ক্ষেত্ৰত মুকুলন পদ্ধতি ব্যৱহাৰ কৰা হয়। ডালত বাচি লোৱা গছৰ কলি কলম লগাই মুকুলন পদ্ধতিৰে সুমথিৰা গছৰ বংশবিস্তাৰ কৰিব পৰা যায়। কাজিনেমুৰ ডাল কাটি বংশ বিস্তাৰ কৰা হয়।

সাৰ প্ৰয়োগ

ভাদ মাহৰ প্ৰথম ভাগৰ পৰা নেমুগছত ব্যৱহাৰ কৰিবলগীয়া ২য় ভাগ সাৰ প্ৰয়োগ কৰিব লাগে। নেমুগছৰ বয়স অনুসৰি সাৰৰ পৰিমাণ এনেধৰণৰ চতুৰ্থ বছৰ বা তাতোতকৈ বেছি বয়সৰ প্রতিজোপা গছৰ বাবে ২০ কিলোগ্রাম পচন সাৰ, ১৩২০ গ্রাম ইউৰীয়া, ২৫০০ গ্রাম একক চুপাৰ ফছফেট আৰু ১০০০ গ্রাম মিউৰেট অৱ পটাছ। সুমথিৰা টেঙাৰ বাবে ২০ কিলোগ্রাম পচন সাৰ, ১৬০০ গ্রাম ইউৰীয়া, ৩৭০০ গ্রাম একক চুপাৰ ফছফেট আৰু ৮৫০ গ্রাম মিউৰেট অৱ পটাছ। সাৰ প্ৰয়োগ কৰাৰ সময়ত গছৰ গুৰিত পাতলীয়াকৈ মাটি চপাই দিব লাগে। এবছৰীয়া গছৰ বাবে ইয়াৰ চাৰিভাগৰ এক অংশ, দুবছৰীয়া গছৰ বাবে আধাভাগ আৰু তিনিবছৰীয়া গছৰ বাবে চাৰিভাগৰ তিনি অংশ সাৰৰ প্ৰয়োজন হয়। বছৰটোত দিবলগীয়া সাৰখিনি দুভাগ কৰি এভাগ ফেব্ৰুৱাৰী-মাৰ্চ মাহত আৰু আনভাগ ছেপ্তেম্বৰ অক্টোবৰৰ ভিতৰত প্ৰয়োগ কৰিব লাগে। শস্য পৰিচৰ্যা

পুৰণা নেমুবাৰী তথা কমলাবাৰীৰ পৰা অপতৃণবোৰ আঁতৰাই দিয়ক। পূৰঠ হোৱা নেমুৰ ফলবোৰ চপাব লাগে।

সুমথিৰা গছৰ শুকান বা জখম হোৱা ডালবোৰ কাটি দিয়াৰ লগতে বেমাৰ বা পোক-পতংগই আক্ৰমণ কৰিছে নেকি তাক লক্ষ্য কৰক।

নেমু বা সুমথিৰা টেঙাৰ বাৰীত যদি বৰষুণৰ পানী জমা হৈছে, তেন্তে নলা খান্দি পানী বাৰীৰ পৰা উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে।

শস্য ৰক্ষা

গা-গছৰ গুৰি বিন্ধা পোকঃ এই পোকে টেঙা গছৰ গুৰি অংশত বিন্ধা কৰি গা-গছৰ ওপৰলৈকে ফুটা কৰি গৈ থাকে। বহুত বিন্ধা কৰাৰ পাছত গছজোপাই মাটিৰ পৰা প্ৰয়োজনীয় মৌল, পানী আদি আহৰণ কৰিব নোৱাৰাৰ ফলত গছজোপা লাহে লাহে মৰি যায়। এটুকুৰা কাপোৰ মালাথিয়ন মিশ্রণ (০.১%) বা ক্লথিয়ানিদিন ৫০ ডব্লিউ.ডি.জি. (০.০৫%) দৰৱৰ মিশ্রণত ডুবাই ৰাখি বিন্ধাবোৰত সুমুৱাই দি পিছত বিন্ধাবোৰ বোকা মাটিৰে বন্ধ কৰি দিলে এই পোকৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পাব পাৰি।

পাত খোৱা পখিলা: এই পোকৰ পলু বা বিছাই পাতবিলাক খাই দিয়াৰ পিছত ডালবোৰ লঠঙা হৈ পৰে আৰু লাহে লাহে শুকাই যাবলৈ ধৰে। প্ৰতিকাৰৰ বাবে ০.১% চেভিন স্প্রে কৰিব পাৰি।

পাতত শিৰ পৰা: কোমল পাতৰ তলফালে এই পোকে শিৰা সদৃশ দাগ তৈয়াৰ কৰাৰ ফলত পাতবোৰ মেটুৰা মেটুৰি হৈ সৰি পৰে। কোঁহপাত ওলোৱাৰ পাছত ডাইমেক্রণ ০.২% মিশ্রণ স্প্রে কৰিলে এই পোকৰ আক্ৰমণৰ পৰা উপশম পাব পাৰি।

(লেখাটো ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰই প্ৰস্তুত কৰা 'উদ্যান শস্যৰ কৃষি প্ৰণালী' নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে।)

লগতে পঢ়ক- 

Green Lady : অমিতাৰ এই জাতটোৰ খেতি কৰক ৩-৪ মাহতে লাগিব ফল

English Summary: Lemon Farming Method & Diseases

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.