1. উদ্য়ানশস্য়

২০০ জোপা তামোল পাণ লগাওঁক বছৰি ৫-৬ লাখ টকা উপাৰ্জন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR

অসমৰ অধিকাংশ গ্ৰামাঞ্চলৰ লোকৰ ঘৰতে তামোল গছ থাকে। কাৰণ তামোল-পাণ অসমৰ মানুহৰ সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ। সকামে নিকামে তামোল-পাণ, ভাত খাই উঠি তামোল-পাণ, আলহী অতিথি আহিলে তামোল-পাণ, কাৰোবাক ক্ষমা খুজিবলৈ, ডাঙৰক সন্মান জনাবলৈ তামোল-পাণ আদি বিভিন্ন কামত তামোল-পাণৰ ব্যৱহাৰ আছে। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ অধিকাংশ গ্ৰামাঞ্চলৰ লোকে ঘৰতে তামোল-পাণ দেখিবলৈ পোৱা যায়। কিন্তু এটা কথা আমি কবই লাগিব যে তামোল গছ গ্ৰামাঞ্চলৰ প্ৰত্যেক মানুহৰ ঘৰত থকাৰ দৰে কিন্তু পাণ নাথাকে। গতিকে তামোলৰ লগতে কেনেকৈ পাণ এজোপা ৰোপন কৰিব সেই বিষয়ে জনাম।

আমি দেখিবলৈ পাওঁ আমাৰ বহু কৃষকে তামোলৰ খেতি কৰে কিন্তু তামোল গছবোৰত কেৱল তামোল লাগিবলৈ দিয়ে কিন্তু তেওঁলোকে তাত অন্য কিবা খেতি কৰিব পাৰি নেকি! সেই বিষয়ে চিন্তা নকৰে। কিন্তু সেই তামোল গছসমূহত পাণ খেতি কৰিব পাৰে। উল্লেখ্য যে এনেদৰে তামোল গছত পাণৰ খেতি কৰিলে এজোপা তামোলে যদি বছৰত দুহেজাৰ দিছিল পাণ খেতি কৰিলে কেৱল পাণৰ পৰাই বছৰি চাৰি হাজাৰ টকা পাবলৈ সক্ষম হ’ব।

লগতে পঢ়ক- 

Coconut Farming : বছৰি ২ লাখ আঢ়ৈ লাখ টকা উপাৰ্জন কৰক ঘৰতে বহি

তামোল জোপা ৭ বছৰমান বয়সত পাণ লগাব পাৰে। তামোলজোপা ১২ ফুটমান ওখ হোৱাৰ পাছতে পাণ লগাব পাৰে।  পাণৰ পুলি ৰোপন কৰিবলৈ প্ৰথমে তামোল জোপাক কেন্দ্ৰ কৰি দুফুটমান দূৰত্বত ঘূৰণীয়াকৈ মাটিৰ পৰা ৬ ইঞ্চিমান ওখকৈ বাঁহেৰে জেওঁৰা মৰা দৰে বেৰি দিব লাগে। তাৰপাছতে তাত শুকাণ গোৱৰ আৰু মাটিৰ মিশ্ৰণ ঘটাই পুৰাই দিয়াৰ এটা সপ্তাহ মানৰ পাছতে পাণৰ পুলিবোৰ ৰোপন কৰিব লাগে। ৰোপন কৰাৰ পাছতে বতৰৰ গতি-বিধি লক্ষ্য কৰি পানী যোগান ধৰিব। শীতকাল সোমোৰাৱাৰ আগে আগে তামোলৰ পা্ত কল কটাৰ পাছত কল গছৰ গা-গছবোৰ পাণজোপাৰ চাৰিওফালটো ঢাকি দিব লাগে। যাতে গুৰিবোৰ শুকাই নাযায় আৰু পানী যোগান ধৰিব লাগে। মাত্ৰ সিমানেই বছৰকৰ মূৰত গোৱৰ-পচনসাৰ যোগাই থাকক। এনেদৰে কৰিলে তামোল গছত লগা এজোপা পৈণত পাণে বছৰি ৪ পৰা ৫ হাজাৰ টকা দি থাকিব। এনেদৰে তামোল গছত পাণ এবাৰেই ৰোপন কৰিব লাগে আৰু এবাৰ ৰোপন কৰিলেই ২০-৩০ বছৰলৈ কৃষকজনে উপাৰ্জন কৰি থাকিব পাৰিব।

তামোলৰ লগত এনেদৰে পাণৰ খেতি সফলতা লাভ কৰিছে গোলাঘাট জিলাৰ সৰু পথাৰ অঞ্চলৰ কৃষক জিন্টু শইকীয়াই। কৃষকগৰাকীয়ে প্ৰায় ২০০ জোপা তামোল গছত পাণ লগাই বছৰি ৪ লাখ টকা উপাৰ্জন কৰিছে বুলি কৃষি জাগৰণ অসমৰ সংবাদকৰ্মীৰে হোৱা কথা-বতৰাত জানিবলৈ দিছে।

তামোলৰ লগত পাণৰ খেতি কেনেকৈ কৰিব- ভিডিঅ' আকাৰে চাবলৈ এই লিংকটো ক্লিৰ কৰক-  https://www.youtube.com/watch?v=yF8aFrIUdf0

English Summary: Betel nut with betel leaf Farming

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.