1. উদ্য়ানশস্য়

Golden Opportunity : পানৰ খেতিৰে অসমীয়া খেতিয়কৰ আয় দুগুণ কৰাৰ উপায়!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Betel Leaf Farming Benefits: A Golden Opportunity for Assamese Farmers!
Betel Leaf Farming Benefits: A Golden Opportunity for Assamese Farmers!

অসমৰ কৃষকে কম দিনতে কম ঠাইতে আৰু দীৰ্ঘদিনৰ বাবে একেৰাহে উপাৰ্জন কৰি থাকিব পৰা এটা খেতি হ’ল পাণৰ খেতি। অসমত পাণৰ এখন ভাল বজাৰ আগতেও আছিল আছে আৰু থাকিব। কিন্তু পাণ খেতি অসমত বৰ বেছি কৃষকসকলে নকৰে। দুই এজন কৃষকে কৰে অসমত প্ৰয়োজন হোৱা অধিকাংশ পাণ খেতি বাহিৰৰ পৰাই মানে বহিঃৰাজ্যৰ পৰা আহে। পাণৰ যথেষ্ট দাম আছে। আজিকালি এগুছি পাণত ১৬ খিলা থাকে। আৰু এগুছি পাণৰ দাম ২০, ১০ লগতে আঘোণ-পুহৰ পৰা ৩ টকা মানকৈ আমাৰ কৃষকসকলে পায়। বিগত কেইটামান দিনৰ আগতে আমাৰ এজন পাণ খেতিয়কৰ লগত কথা হৈছিল। তেতিয়া তেওঁ জানিবলৈ দিয়ে- তেওঁ কৰি থকা খেতিসমূহৰ ভিতৰত পাণ খেতিৰ পৰাই অধিক উপাৰ্জন কৰে। লগতে তেওঁৰ পাণ খেতিয়েই মেইন। তেওঁ কয়- একঠা বা দুকঠা মাটিৰ পৰাই এজন কৃষকে বছৰি ২-৩ লাখ টকা উপাৰ্জন কৰিব পাৰে।

Betel Leaf Farming on betel leaf
Betel Leaf Farming on betel leaf

কৃষকগৰাকীৰ লগত পাণ খেতিৰ কৃষি পদ্ধতি সন্দৰ্ভত হোৱা কথা-বতৰাত তেওঁ কয়- আহিন-কাতিৰ পৰা চ’ত-বহাগলৈ অসমৰ কৃষকে পাণৰ পুলি ৰোপন কৰিব পাৰে। পানী জমা নোহোৱা ওখ মাটি পাণ কেতিৰ বাবে ভাল। পাণ ৰুৱৰ বাবে এটা ভেঁটি বনাই ল’ব লাগে। পাৰিলে বেলেগ ঠাইৰ পৰা সাৰুৱা মাটি আনি ভেঁটি বনাই লব পাৰিলে বেছি ভাল হয়। পাণবোৰ ৰোপন কৰোঁতে শাৰী আৰু শাৰীৰ, পুলি আৰু পুলিৰ পৰা দূৰত্ব আঢ়ৈ আৰু তিনি ফুটমান দিব লাগে।

কৃষকগৰাকীয়ে জানিবলৈ দিয়া মতে, পাণ পুলি ৰোপনৰ পৰা ৬-৭ মাহৰ পাছৰ পৰা পাণ চিঙিব পৰা হয়। লগতে আমাৰ দৰ্শকসকলক জনাও যে পাণ কেৱল খুঁটি পুতিয়েই ৰুব পাৰি তেনে কথা নহয়। তামোল গছৰ লগতে অন্যান্য কিছুমান গছতো পাণৰ খেতি কৰিব পাৰে। গোলাঘাট জিলাৰ জুন্টি শইকীয়া নামৰ এজন কৃষকে নিজৰ বাৰীৰ ২০০ জোপা তামোল গছত পাণ লগাইছে। ২০০ জোপা পাণৰ পৰা কৃষকগৰাকীয়ে তামোলত পাণৰ পৰা অধিক উপাৰ্জন কৰি আহিছে।

Betel Leaf Farming in Silapather
Betel Leaf Farming in Silapather

আমাৰ কৃষকসকলক জনাও যে যিসকল কৃষকৰ কম মাটি আছে তেওঁলোকে পাণ খেতি কৰিব পাৰে। পাণ খেতিৰ কম ঠাইৰ এটা ভাল উপাৰ্জন কৰিব পাৰিব। তদুপৰি যিসকল কৃষকৰ বাৰীত তামোল গছ আছে তেওঁলোকেও পাণ খেতি তামোল গছবোৰত ৰোপন কৰিব পাৰে। আপোনালোকক জনাও যে তামোল গছত পাণ ৰোপন কৰি তামোল গছতকৈ অধিক উপাৰ্জন কৰিব পাৰিব আমাৰ কৃষকসকলে।

লগতে পঢ়ক- 

Cucumber Farming Benefit : দুবিঘা মাটিত ৬ হাজাৰ টকা খৰচ কৰি তিয়ঁহৰ এই জাতটো খেতি কৰক

English Summary: Betel Leaf Farming Benefits: A Golden Opportunity for Assamese Farmers!

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.