1. স্বাস্হ্য আৰু জীৱন

Indigenous Foods As Medicines : ঔষধ হিচাপে কেইবিধমান থলুৱা খাদ্য

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Several indigenous foods as medicines
Several indigenous foods as medicines

আমি সদায় খাই থকা খাদ্যবোৰৰ প্ৰতিবিধৰে কিবা নহয় কিবা ঔষধি গুণ আছে। সঠিক নিয়ম বা বিধিত খাদ্যবোৰ খাব জানিলে সেইবোৰে একো একোবিধ ঔষধৰ দৰে কাম কৰে। পাকঘৰত সদায় ব্যৱহাৰ হৈ থকা উপকৰণসমূহ বা আমাৰ ঘৰৰ বাৰীৰ চুকত থকা বনশাক আৰু বনৌষধি সমূহ আমি বহু ক্ষেত্ৰত ঔষধ হিচাবে ব্যৱহাৰ কৰিব পাৰো। মাত্ৰ আমি জানিব লাগিব কি খাদ্যৰ কি বিশেষ ঔষধি গুণ আছে, কি খাদ্য কি ৰোগত উপকাৰী, কেনেকৈ ব্যৱহাৰ কৰিলে গুণাগুণ পোৱা যায়। খাদ্যবোৰ ঔষধ হিচাবে ব্যৱহাৰ কৰিব জানিলে কৃত্ৰিম ঔষধৰ ব্যৱহাৰ বহু গুণে নিশ্চয় কমি যাব। আমি সদায় খাই থকা তেনেকুৱা কেইবিধমান খাদ্য ঔষধ হিচাপে বিভিন্ন সমস্যাত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি জানোচোন আহক।

হালধি:- দাইল, আঞ্জা সকলোতে ব্যৱহাৰ হোৱা মছলাবিধ হৈছে হালধি। হালধিৰ বীজাণুনাশক গুণ আছে বাবে বহুত উপকাৰী। হালধি ঔষধ হিচাপে আমি বহু ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো। যেনে-

🌸 ফেৰিনজাইটিছ, তনচিলাইটিছ আদিত হোৱা ডিঙিৰ খচখচনী বা বিষত হালধি পানীৰে কুলিকুলি কৰিলে সুফল পোৱা যায়। এগিলাচ গৰম পানীত আধা চামুচ নিমখ, আধা চামুচ হালধিৰ গুৰি দি ৰাতিপুৱা খালি পেটত মুখত লৈ কুলিকুলি কৰিলে যথেষ্ট ভাল ফলাফল পোৱা যায়। দিনে দুই তিনিবাৰ এইটো দিহা কৰিব পাৰি

🌸 মুখৰ ভিতৰত হোৱা ঘাঁ শুকাবলৈ হালধি গুৰিৰ লগত মৌজোল মিহলাই নিয়মীয়াকৈ লগাব পাৰি।

🌸 সৰু সুৰা কটা চিঙা ঘাঁ সোনকালে শুকাবলৈ কেঁচা হালধিৰ লগত তুলসী পাত পিচি লগাব পাৰি।

 

আদা: প্ৰায় সকলো ব্যঞ্জনতে ব্যৱহাৰ হোৱা মছলাবিধ হৈছে আদা। সৰু সুৰা কিছুমান অসুখত আদা ঔষধ হিচাবে ব্যৱহাৰ কৰিব পাৰি। যেনে-

🌸 পেটৰ বিভিন্ন সমস্যাত: আভোক, অৰুচি, বদ হজম, পেট ফুলা, বমি বমি ভাব হোৱা আদি সমস্যাত ভোগা লোকে এটা সহজ দিহা ব্যৱহাৰ কৰিব চাব পাৰে। আদা এটুকুৰা সৰু সৰুকৈ কাটি

তাৰ লগত অকণমান ক'লা নিমখ আৰু কেইটোপালমান নেমুৰ ৰস মিহলাই ভাত খোৱাৰ আধা ঘণ্টাৰ আগত নিয়মীয়াকৈ খাব পাৰে।

🌸 মেদবহুলতাৰ সমস্যাত আদা উপকাৰী। দেহৰ অতিৰিক্ত চৰ্বি কমাই ওজন কমাব খোজা সকলে আদাৰ বনৌষধি চাহ ৰাতিপুৱা বনাই খাব পাৰে। এটুকুৰা আদা থেতেলাই বা খুন্দি লৈ দুকাপ পানীত উতলিবলৈ দিব আৰু একাপ ৰৈ যাওঁতে জুইৰ পৰা নমাই চেকনিৰে চেকি অলপ ঠাণ্ডা হোৱাৰ পিছত এচামুছ নেমুৰ ৰস আৰু আধা চামুচ মৌজোল দি ৰাতিপুৱা খাব নিয়মীয়াকৈ।

🌸 চৰ্দি, কাহ, জ্বৰ, এলাৰ্জি আদিত এচামুছ আদাৰ ৰসৰ লগত এচামুছ তুলসী ৰস, আধা চামুচকৈ শেৱালি পাতৰ ৰস আৰু তিতাবাহক পাতৰ ৰস মিহলাই দিনে এবাৰকৈ কেইদিনমান খালে সুফল পোৱা যায়। 

মানিমুনি শাক: মানিমুনি শাকৰ বহুত ঔষধি গুণ আছে। স্মৃতিশক্তি, মেধাশক্তি বৃদ্ধি কৰাৰ লগতে পেটৰ বহুতো সমস্যাত উপকাৰী। ঔষধ হিচাপে মানিমুনি ব্যৱহাৰ কৰা নিয়ম দুটামান তলত উল্লেখ কৰা হৈছে।

🌸 পেট চলা, ডায়েৰীয়া, ডিচেন্ত্ৰী আদিত মানিমুনি শাকৰ ৰস পাঁচ ছয় চামুছৰ লগত অকণমান ক'লা নিমখ দি ৰাতিপুৱা খালি পেটত কেইদিনমান খাব লাগে।

🌸 শিশুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে এচামুছ বা দুই চামুচ মানিমুনি শাকৰ ৰসৰ লগত আধা চামুচ মৌজোল মিহলাই নিয়মিত ভাৱে খুৱাব পাৰি। মাজে মাজে মানিমুনি শাকৰ আঞ্জা সকলো শিশুৰ বাবে উপযোগী।

ছজিনা: ছজিনা আৰু ছজিনাৰ পাত বহুত ৰোগত মহৌষধ। গাঁঠিৰ বিষ, মাংসপেশীৰ বিষ, স্নায়ুজনীত বিষত ছজিনা বা ছজিনা পাতৰ আঞ্জা উপকাৰী। গাঁঠিৰ বিষত ছজিনা গছৰ ছাল আৰু কেঁচা হালধি একেলগে খুন্দি লেপ হিচাপে কিছুদিন ব্যৱহাৰ কৰিলে বিষ বহুত কমি যায়। মছুৰ দাইলৰ লগত ছজিনা পাত সিজাই আঞ্জা কৰি খালে দেহত বল শক্তি বৃদ্ধি হয়।

লগতে পঢ়ক- 

স্বাস্থ্য ৰক্ষা আৰু ঘৰুৱা দিহাত পাকঘৰৰ সাধাৰণ বস্তু

কাছকল বা পুৰাকল: - কাচকল পাচলি হিচাবে খোৱা হয় যদিও বহুত ৰোগত প্ৰাকৃতিক ঔষধৰ দৰে কাম কৰে। আইৰণ থকা বাবে ৰক্তহীনতাৰ উত্তম খাদ্য। তদুপৰি ডায়েৰীয়া, ডিচেন্ত্ৰী আদিত কাঁচকল সিজাই খালে যথেষ্ট উপকাৰীতা পোৱা যায়। ডায়েৰীয়া বা ডিচেন্ত্ৰী হ'লে কেঁচা কাচকল এটুকুৰা বাকলিৰ সৈতে খুন্দি

তাৰ ৰস তিনি চাৰি চামুচ উলিয়াই অকণমান ক'লা নিমখ দি খালিপেটত খালে সুফল পোৱা যায়।

দোৰোণ শাক:- এবিধ উৎকৃষ্ট গুণসম্পন্ন বনশাক হৈছে দোৰোণ শাক। দোৰোণ শাকৰ আঞ্জা খালে পেটৰ বহুত ৰোগ উপশম হয়। লিভাৰ ভালে ৰাখে, জণ্ডিচত উত্তম পথ্য। চৰ্দি, কাহ, ডিঙিৰ বিষ, চাইনাছাইটিৰ বাবে মূৰৰ বিষ হ'লে দোৰোণ শাক নহৰু আৰু পিয়াঁজ দি ৰান্ধি খালে ভাল। নাইবা দোৰোণ শাকত খাৰ দি খালেও যথেষ্ট উপকাৰী। মূৰৰ বিষ হ'লে দোৰোণ শাক পানীত উতলাই নাকেৰে ভাপ ল'লে বহুত উপকাৰ পোৱা যায়।

টেঙেচী শাক বা চাঙৈ টেঙা: সোৱাদত টেঙা এইবিধ শাকত প্রচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা সমস্যা উপশম কৰে, ৰক্তহীনতা দূৰ কৰে। ডায়েৰীয়া, ডিচেন্ত্ৰী আদি পেটৰ সমস্যাত টেঙেচি শাকৰ আঞ্জা উপকাৰী। পেচাব জলা পোৰা কৰা বা পেচাবৰ সংক্ৰমণত টেঙেচী শাকৰ চৰবত খাব পাৰি। টেঙেচী শাক খুন্দি তাৰ ৰস দুই তিনিচামুছ লৈ এগিলাচ পানীত অকণমান তালমিছিৰি দি চৰবত হিচাবে কেইদিনমান খালে সুফল পোৱা যায়।

খৰিচা বা বাঁহৰ গাজ:  মাছ, মাংস বা দাইলত খৰিচা বা গাঁজ টেঙা দিলে সোৱাদ লগা হোৱাৰ উপৰিও ঔষধি গুণযুক্ত হয়। মৌমাখি বা বৰলে বিন্ধিলে খৰিচা বা খৰিচাৰ পানী লগাই দিলে বিষ অতি সোনকালে কমি যায়

 

মেথিগুটি: মলমলীয়া গোন্ধ থকা মছলা মেথিগুটি ডায়েবেটিচ ৰোগৰ উত্তম পথ্য বুলি সকলোৱে জানে। কেৱল ডায়েবেটিচ বুলিয়ে নহয় মেথিগুটিয়ে কেইবাটাও ৰোগ প্ৰতিৰোধ কৰিব পাৰে। মেদবহুলতা, উচ্চ ৰক্তচাপ, বৰ্ধিত কলেষ্টৰল, ফেঁটী লিভাৰ, মহিলাৰ পলিচিষ্টিক অভেৰিয়ান ডিজিজ আদিতো মেথিগুটি উপকাৰী। যিসকলে এইবোৰ সমস্যাত ভুগি আছে তেওঁলোকে মেথিগুটি আঞ্জাত দি খোৱাৰ উপৰিও কেইবাটাও নিয়মত খাব পাৰে। তেনে দুটামান দিহা হৈছে

🌸 মেথিগুটি অলপ ভালদৰে ধুই ৰ'দত শুকুৱাই মিক্সিত পিচি গুৰি কৰি বটলত ভৰাই থ'

লাগে। তাৰে আধা চামুচ মেথিগুটি গুৰি ৰাতিপুৱা আহাৰ বা দুপৰীয়াৰ আহাৰৰ লগত মাজে মাজে খাব পাৰি।

🌸মেদবহুলতা, পলিচিষ্টিক অভেৰিয়ান ডিজিজ আদিত ভোগা সকলে এচামুছ মেথিগুটি এগিলাচ পানীত তিয়াই ৰাখি ৰাতিপুৱা খালি পেটত নিয়মীয়াকৈ দুমাহ মান খাব পাৰে। তাৰ পিছত এমাহ মানৰ মূৰত আকৌ একেদৰে খাব পাৰে।

পুৰণি কুঁজীথেকেৰা: পেচাবৰ যিকোনো সমস্যা, পেটৰ বিভিন্ন ৰোগ, উচ্চ ৰক্তচাপ, মেদবহুলতা, ফেঁটী লিভাৰ আদিত কুঁজী থেকেৰা উত্তম মহৌষধ। এইবোৰ সমস্যাত কুঁজী থেকেৰা খোৱাৰ নিয়মটো হৈছে-

🌸 দুই তিনিচকল কুঁজীথেকেৰা এগিলাচ পানীত দি তাৰ লগত অকণমান তালমিছিৰি দি দুঘণ্টামান তিয়াই ৰাখি চেকনিৰে চেকি আহাৰ খোৱাৰ এঘণ্টা মান আগত নিয়মীয়াকৈ খাব পাৰে দহ পোন্ধৰদিন মান।

 

তিতাবাহক ফুল বা তিতাফুল: সোৱাদত তিতা যদিও গুণত অমৃতৰ দৰে মিঠা।বতৰ পৰিবৰ্তনৰ ফলত হোৱা কাহ,   চৰ্দি, পানীলগা আদিত তিতাফুল খালে সুফল পোৱা যায়। ইয়াৰ উপৰিও ব্ৰংকাইটিছ, এজমা, যক্ষ্মা, নিউমনীয়া আৰু হাওঁফাওঁৰ বিভিন্ন ৰোগত তিতাফুল উপকাৰী। তিতাফুলৰ পাতো কফৰ মহৌষধ।

🍀তনচিলাইটিছ, ফেৰিনজাইটিছ আদি সমস্যাত ভোগা লোকৰ বাবেও তিতাফুল উপকাৰী। নহৰু জালুক দি ভাজি খালেও সুফল পোৱা যায়। নাইবা তিতাফুল খাৰ দি খালেও সুফল পোৱা যায়।

আমলখি: ভিটামিন চি আৰু বহুতো এন্টিঅক্সিডেন্ট থকা আমলখিয়ে আমাৰ স্বাস্থ্য ৰক্ষাৰ লগতে বহু ৰোগৰ প্ৰতিষেধক হিচাবে কাম কৰে। পাচনতন্ত্ৰৰ বিভিন্ন ৰোগ, ডায়েবেটিচ, মেদবহুলতা, বৰ্ধিত কলেষ্টৰল, ফেঁটীলিভাৰ আদি বহু সমস্যাত উপকাৰী। আমলখি তিনি ধৰণে খাব পাৰি- কেঁচাই, গুৰি বা চূৰ্ণ হিচাবে আৰু ৰস হিচাবে। ঔষধ হিচাবে আমলখি ব্যৱহাৰ কৰাৰ সহজ বিধিবোৰ হৈছে-

🌸 এচিডিটি, গেষ্ট্ৰেইটিছ আদিৰ সমস্যাত আমলখি ৰস দুই তিনি চামুচ লৈ তাৰ লগত এচামুছ মৌজোল মিহলাই খাদ্য খোৱাৰ এঘণ্টা মান আগত নিয়মিতভাবে খাব পাৰি।

🌸কৌষ্ঠকাঠিন্য, অৰ্শৰোগত এচামুছ আমলখি গুৰি এগিলাচ গৰম পানীত মিহলাই ৰাতি শোৱাৰ সময়ত খাব পাৰি।

🌸 ৰাতিপুৱা খালিপেটত এগিলাচ পানীৰ লগত দুই চামুচ আমলখি ৰস মিহলাই নিয়মীয়াকৈ খালে মেদবহুলতাৰ সমস্যা, ডায়েবেটিচ, কৌষ্ঠকাঠিন্য, ফেঁটী লিভাৰ আদিত সুফল পোৱা যায়।

ওপৰত উল্লেখ কৰা খাদ্যসমূহৰ দৰে সদায়ে খাই থকা বহুতো থলুৱা খাদ্য ঔষধৰ নিচিনাকৈ ব্যৱহাৰ কৰিব পৰা যায়। কাৰণ থলুৱা বনৌষধি আৰু থলুৱা খাদ্যত অসম হৈছে বৰ চহকী ৰাজ্য। আমি সকলো যদি সজাগ আৰু সচেতন হৈ  খাদ্যবোৰৰ ঔষধি গুণ আৰু ব্যৱহাৰিক দিশবোৰ জানো তেতিয়া নিশ্চয় উপকৃত হ'ম।

ডাঃ ৰেইনী দেৱী

আয়ুৰ্বেদিক চিকিৎসক

BAMS (GU) Guwahati

ফোন নম্বৰ-7399114617

লগতে পঢ়ক- 

বহাগ বিহুত পৰম্পৰাগতভাৱে চলি অহা ১০১ বিধ শাকৰ ঔষধি গুণ

English Summary: Several indigenous foods as medicines

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.