1. পশুপালন

Ornamental Fish Farming : লখিমপুৰত খাবৰ বাবে নহয় একুৰিয়ামত ৰাখিবৰ মাছ পালন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Ornamental Fish Farming
Ornamental Fish Farming

খাবৰ বাবে মাছপালন কৰাৰ আমি সকলোৱে দেখিছো। কিন্তু আলংকাৰিক মাছপালন কৰাৰ কথা আমাৰ বহুতে নাজানে। ঘৰ এখন সৌন্দৰ্যশালী কৰিবৰ বাবে কিছু চৌখিন লোকে ড্ৰয়িং ৰূমৰ একুৰিয়ামত ৰখা হয়তো বহুতে দেখিছে। সম্প্ৰতি বহু লোকে নিজৰ ঘৰখন সজাবৰ বাবে, সৌন্দৰ্যশালী কৰিবৰ বাবে একুৰিয়ামত মাছ ৰক্ষা পৰিলক্ষিত হৈছে। আমাৰ অসমতো দিনক দিনে এনে চৌখিন লোকৰ সংখ্যা বাঢ়িছে। এনে চৌখিনলোকৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে আলংকাৰিক মাছৰ এখন ভাল বজাৰ সৃষ্টি হৈছে। এই বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰ কৃষি বিজ্ঞানকেন্দ্ৰৰ কৃষিফাৰ্মত মীন বিশেষজ্ঞ সোণমণি ভূঞাৰ নেতৃত্বত আলংকাৰিক মাছ পালন কৰা হৈছে। আৰু জিলাখনৰ যুৱক-যুৱতীসকলক স্বাৱলম্বণৰ পথ হিচাপে আলংকাৰিক মীনপালনৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ চেষ্টা কৰা হৈছে।

মীন বিশেষজ্ঞ সোণমণি ভূঞাৰ লগত এই সন্দৰ্ভত হোৱা কথা-বতৰাত তেওঁ কয়-  আমি খোৱাৰ যোগ্য মাছৰ ওপৰি আলংকাৰিক মাছৰ ওপৰতো গুৰুত্ব দিছো। মীন পালনৰ কাৰণে শিক্ষিত যুৱক-যুৱতীসকল ওলাই আহিছে। তেওঁলোকে যাতে কেৱল খোৱাৰ যোগ্য মাছ পালনতে সীমাৱদ্ধ নাথাকি কিছুমান ব্যক্তিৰ ৰং বিৰঙৰ মাছ একুৰিয়ামত ৰখা হবিটোৰ ওপৰত লক্ষ্য ৰাখি আলংকাৰিক মাছ পালন কৰি লাভান্বিত হ’ব পাৰে!  তাৰ এটা দিহা বা নমুণা দিবলৈ আমি প্ৰয়াস কৰিছো। সেয়েহে আমি অন্য মাছৰ পুখুৰীৰ লগতে আলংকাৰিক মাছৰ পুহিবৰ বাবেও এটা পুখুৰী ৰাখিছো আৰু আলংকাৰিক মাছ পালন কৰিছো।

লগতে তেওঁ কয়- আমি আমাৰ পুখুৰীটোত কুই কাপ নামৰ মাছ বিধ পালন কৰিছো। দেখিবলৈ খুব ধুনীয়া, সোণালী ৰঙৰ। অসমৰ বাহিৰৰ মাছ এইটো। বাহিৰ পৰা আমদানি কৰা হৈছে এই মাছতো। এই মাছ উতপাদন কৰাটো বৰ কষ্টকৰ নহয়। আমাৰ কাপ জাতীয় মাছবোৰ যেনেকৈ পালন কৰা হয় বাব  প্ৰজনন কৰা হয় তেনেকৈ কৰিব পাৰে। এই মাছৰ জাতটো আমি ইয়াতে প্ৰজনন কৰাম। ইয়াৰ পৰা কোনো আগ্ৰহী ব্যক্তিয়ে পোনা ক্ৰয় কৰিব বিচাৰিলেও কৰিব পাৰিব আৰু আগ্ৰহীসকলক আলংকাৰীক মাছ পালনৰ প্ৰযুক্তিটো আমি হাতে-কামে দেখুৱাম।

আলংকাৰিক মীন পালনৰ প্ৰতি আগ্ৰহীসকলক উদ্দেশ্যি তেওঁ কয়- আমি ডিচেম্বৰ মাহত এই মাছখিনিৰ প্ৰজনন কৰাম। বৰ্তমান খোৱাই-বোৱাই আছো। আগষ্টৰ সময়ছোৱাত প্ৰজনন কৰাম। কোনো আগ্ৰহী ব্যক্তিয়ে আংলকাৰিক মাছৰ প্ৰজনন কেনেকৈ কৰোৱা হয় সেই বিষয়ে জানিবলৈ হ’লে আমাৰ কৃষিবিজ্ঞান কেন্দ্ৰৰ ফাৰ্মলৈ আহি কামখিনি হাতে কামে শিকি যাব পাৰিব।

লগতে পঢ়ক- 

fish farming : বৈজ্ঞানিক পদ্ধতিৰে মীন পালন কৰি কেনেকৈ অধিক উপাৰ্জন কৰিব!

English Summary: Ornamental Fish Farming In Lakhimpur KVK

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.