1. পশুপালন

Local Murgi : মুকলি পথাৰত ২ হাজাৰ লোকেল কুকুৰা পালন ১৮ বছৰীয়া যুৱকৰ

KJ Staff
KJ Staff
Local Murgi Farming
Local Murgi Farming

অভিনৱ পদ্ধতিৰে কুকুৰা পালন কৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ১৮ বছৰীয়া এজন যুৱকে। যুৱকজনৰ নাম অৰবিন্দ্ৰ। যুৱকজনৰ ঘৰ ৰাজস্থানৰ আলৱাৰ জিলাৰ এখন ভিতৰুৱা গাঁৱত। দুবিঘা মাটিৰ এক কৃষিভূমিত চাৰিসীমাত বেৰা মাৰি বিগত ৫ বছৰ ধৰি মুকলিকৈ কুকুৰা পালন কৰিবলৈ লৈছে যুৱকজনে। বৰ্তমান ২ হাজাৰ কুকুৰা আছে অৰবিন্দ্ৰৰ ফাৰ্মখনত। ইফালে দুবিঘা মাটিৰ কুকুৰা পোহা ঠাইখিনিত কেৱল কুকুৰা পালন কৰাই নহয় সেই মাটিখিনিত মধুৰি, কিন্নু, আমলখি আদি উদ্যানশস্যৰ খেতিয়ো কৰি আছে যুৱকগৰাকীয়ে।

লগতে পঢ়ক- 

khaki Campbell : ঘৰৰ ওচৰৰ পুখুৰী বা জান-জুৰিত এশজনী খাকী কেম্ববেল হাঁহ পোহক

মুকলি পথাৰত আৰু উদ্যান শস্যৰ লগতে এনেকৈ কুকুৰা পালন কৰা ধাৰণাটো মনলৈ কেনেকৈ আহিল বুলি সোধা এক প্ৰশ্নৰ উত্তৰত অৰবিন্দ্ৰই কয়- প্ৰথমে দেউতাই ৫-৬টা কুকুৰা এনেয়ে পোহা হৈছিল। পৰৱৰ্তী সময়ত অলপ বঢ়াই দিয়া হ’ল। লাভৰ মুখ দেখাৰ পাছৰ পৰা ক্ৰমান্বয়ে সংখ্যা বঢ়াই দিয়া হৈছে। বৰ্তমান পাঁচ বছৰ হৈছে এই ফাৰ্মখন চলাই থকা। এই পাঁচটা বছৰত বৰ্তমান দুহাজাৰ কুকুৰা হৈ গৈছে। কোনটো জাতৰ কুকুৰা পুহি থকা হৈছে বুলি সোধা প্ৰশ্নৰ উত্তৰত যুৱকজনে কয়- বৰ্তমান আমি সোণালী নামৰ জাতটোৰ কুকুৰা পালন কৰি আছো। কুকুৰাবোৰক খাদ্য হিচাপে কি খোৱাই বুলি সোধাত অৰবিন্দ্ৰই কয়- ধান, বাজৰা, বজাৰত গেলি যোৱা শাক-পাচলিসমূহ খাবলৈ দিয়া হয় আৰু সিহঁতি আমাৰ কৃষিভূমিত গঁজা ঘাঁই বনবোৰ খায়। আৰু সৰু পোৱালীবোৰক দোকানৰ পৰা অনা দানা খাবলৈ দিয়ো। আপোনালোকে দেখিছে। দুবিঘা মাটিৰ এই কৃষিফাৰ্মখনত এডালো ঘাঁহ নাই। এই ফাৰ্মখনত কুকুৰা পুহি দিয়াত আমাৰ আৰু এটা লাভ হৈছে- এই বাগানখন আমি এদিনো চাফা কৰিব লগা হোৱা নাই। কুকুৰাবোৰে চাফা কৰে।

বৰ্তমান অৰবিন্দ্ৰৰ ফাৰ্মখনত থকা কুকুৰাবোৰৰ ওজন ১২০০-১৩০০ গ্ৰাম ওজনৰ। বয়স ৩-৪ মাহ হৈছে। কুকুৰা বিলাক মাংস আৰু কণী দুয়োটাৰ বাবেই পালন কৰে। মতা কুকুৰাবোৰ বিক্ৰি উপযোগী হৈ উঠিলেই দুই এটা ঘাই বাবে ৰাখি বিক্ৰি কৰি দিয়া হয়। মাইকী কুকুৰাবোৰ কণী পাৰিবলৈ দিয়া হয়। কণী পৰা সেৰেঙা হ’লেই  সিহতকো বিক্ৰি কৰি দিয়া হয়। প্ৰতিকেজিত ৩০০-৫০০ টকাকৈ কুকুৰা বিক্ৰি কৰা হয়। আৰু বাকী কণী ১৫-২০ টকাত বিক্ৰি কৰে। ৰাতি থাকিবৰ বাবে আৰু কণী পাৰিবৰ বাবে কেইবাটাও ঘৰো বনাই দিছে। মুকলিকৈ এনেকৈ কুকুৰা পুহিলেই বেমাৰ-আজাৰ হয় নেকি! বুলি সোধাত অৰবিন্দ্ৰই কয়- আমি সময় মতে ভেকচিন দিয়ো। পশু-চিকিতসকৰ লগত কথা-বতৰা হৈ থাকে। কিবা সমস্যা হ’লেই তেওঁলোকৰ দিহা পৰামৰ্শ লওঁ। উল্লেখ্য যে ১৮ বছৰীয়া অৰবিন্দ্ৰই ফাৰ্মত কৰাৰ কলেজত পঢ়িয়ো আছে। নিজৰ বৃত্তিৰ লগত সংগতি ৰাখি ভেটিনাৰী পঢ়ি আছে বুলি আমাক জানিবলৈ দিয়ে।

লগতে পঢ়ক- 

Ornamental Fish Farming : লখিমপুৰত খাবৰ বাবে নহয় একুৰিয়ামত ৰাখিবৰ মাছ পালন

English Summary: Local Murgi Farming System

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.