1. পশুপালন

মৰুভূমিৰ জাহাজকৈ লৈ বিশ্বজুৰি নতুন চিন্তা-চৰ্চা, ৰাষ্ট্ৰসংঘৰ বিশেষ পদক্ষেপ

PANKAJ KHANIKAR
PANKAJ KHANIKAR

উট মৰুভূমিৰ জাহাজ। কিন্তু মৰুভূমিৰ বাহিৰৰ লোকৰ বাবে উট মাথো এটা জন্তু। কিন্তু প্ৰাথমিক বিদ্যালয়ৰ পৰ্যায়তে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ উটৰ লগত এক পৰিচয়। স্বৰ বৰ্ণ ‘উ’ ৰ পৰা উট হয়, একেদৰে  C For Cow, Cat ৰ লগত কেতিয়াবা Camel টোৱে স্থান পায়। সেই পৰিচয়েই উটৰ ব্যৱহাৰ নথকা অঞ্চলৰ লোকসকলৰ বাবে যথেষ্ট বুলি ক’লেও বঢ়াই কোৱা নহ’ব। কিন্তু মৰুভূমিৰ দৰে অঞ্চলসমূহৰ লোকসকলৰ বাবে উট দৈনদ্দিন জীৱনৰ অংগ। থিক আমাৰ অসমৰ গৰুৰ দৰে। গৰু যেনেকৈ কৃষক সমাজৰ গ্ৰাম্য সমাজৰ কৃষি, অৰ্থনীতি, সংস্কৃতিৰে ওতপোত সম্পৰ্ক আছে তেনেকৈ মৰুভূমিৰ অঞ্চলৰ লোকসকলৰ জীৱন-জীৱিকাত উটৰ ভূমিকা আছে। কাৰণ উটে মৰুভূমিত পানী কঢ়িওৱা,  সামগ্ৰী তথা যাত্ৰী কঢ়িওৱা গাড়ী টনা (গৰু গাড়ী), হালবোৱা, শস্য পিহিবলৈ মেচিন ব্যৱহাৰ কৰা ( অসমত যেনেকৈ সৰিয়হ পেৰা মেচিন, কুহিয়া পেৰা মেচিন চলাবলৈ গৰু, বা মহ ব্যৱহাৰ কৰা) আদি কামবোৰত উটৰ ব্যৱহাৰ কৰা হয়। এইবোৰৰ উপৰি উটৰ চালৰ পৰা বিভিন্ন বস্ত্ৰ, চামৰাৰ সামগ্ৰী, মাংস, গাখীৰ পোৱা যায়। তদুপৰি উটৰ গোৱৰ জৈৱিক সাৰৰূপে ব্যৱহাৰ হয়। ভালকৈ খোৱালে-বোৱালে এজনী উটে ১৫-২০ লিটাৰ গাখীৰ দিয়ে। তদুপৰি মৰুভূমিত পৰ্যটকে উটৰ পিঠিত উঠি ভ্ৰমণ কৰাটো এতিয়া কিছুলোকৰ হবি আৰু অভিযাত্যৰ চিন হৈ পৰিছে।

সম্প্ৰতি কৃষিক্ষেত্ৰখনলৈ যান্ত্ৰীকিকৰণে এক পৰিৱৰ্তন আনিলেও মৰুভূমিৰ দৰে অঞ্চলসমূহৰ গ্ৰাম্য লোকসকলৰ কৃষিক্ষেত্ৰখনত, জীৱন-জীৱিকাত উটৰ প্ৰয়োজনীয়তা শেষ হৈ যোৱা নাই। তৃণমূল পৰ্যায়ৰ যিসকল কৃষক তেওঁলোকৰ মাজত উটৰ প্ৰাসংগিকতা হ্ৰাস পোৱা নাই। তৃণমূল পৰ্যায়ৰ লোকসকলে এতিয়াও উট পোহে, উটৰ পৰা গাখীৰ উতপাদন কৰি ঘৰ-সংসাৰ চলায়, পইচা প্ৰয়োজন হলে উট এটা বিক্ৰি কৰে, উটৰ দ্বাৰা হালবায় খেতি কৰে, পানীৰ বাবে কুঁৱাৰ গভীৰতাৰ পৰা পানী তোলে, কৃষিৰ লগত জড়িত বিভিন্ন কাম-কাজ এতিয়াও কৃষকসকলে উটৰ দ্বাৰা সমাপন কৰে। গতিকে মৰুভূমিত জাহাজৰ ভূমিকা পূৰ্বৰ উটে গ্ৰহণ কৰি আহিছে। এইবোৰৰ উপৰি উটৰ দ্বাৰা সমাপন হোৱা কামসমূহে এখন বহনক্ষম পৃথিবীক কঢ়িয়াই লৈ ফুৰে। যাৰ বাবে উটে বৰ্তমানৰ বিজ্ঞান-প্ৰযুক্তিক প্ৰত্যহ্বান জনাব পাৰে।

এইবোৰৰ উপৰি উটৰ মাজত লুকাই থকা সম্ভাৱনা, কাৰ্যক্ষমতাসমূহ আৰু মৰুভূমিৰ দৰে অঞ্চলসমূহত উটে লৈ থকা ভূমিকা, উট সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা লক্ষ্যৰে ৰাষ্টসংঘই ২০২৪ বৰ্ষটোক INTERNATIONAL YEAR OF CAMELIDS (IYC-2024) হিচাপে বিবেচনা কৰিছে। ৰাষ্ট্ৰসংঘই উটৰ সম্ভাৱনা, কাৰ্যক্ষমতা, উতপালনৰ বাবে সজাগতা, উতপালকসকলক লৈ বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। ৰাষ্ট্ৰসংঘৰ এখন সদস্য ৰাষ্ট্ৰ হিচাপে INTERNATIONAL YEAR OF CAMELIDS (IYC-2024) ৰ অংশ হিচাপে কিছুমান উটপালকৰ মাজত সজাগতা, উটপালকসকলকলৈ বিভিন্ন আঁচনি আৰু কাৰ্যপন্থা গ্ৰহণ কৰিছে। যিয়ে প্ৰয়োজনীয়তা দিনে দিনে হ্ৰাস পাবলৈ ধৰা উটৰ মাজত এক নতুন সম্ভাৱনা বিচাৰি পাব।

লগতে উল্লেখ কৰা প্ৰয়োজন যে মৰুভূমি অঞ্চলৰ গ্ৰাম্য কৃষক ৰাইজে আধুনিক কৃষি প্ৰযুক্তিক ব্যৱহাৰ নকৰি পূৰ্বতে যিদৰে উটৰ দ্বাৰা কিছুমান কাম কৰি আহিছিল সেইদৰে কৰি যাওঁক। নতুনৰ লগত মিলি যাওঁক। আৰু উটৰ মাজত লুকাই থকা সম্ভাৱনাসমূহক অনুসন্ধান কৰি বৰ্তমান সময়তো উটক কাৰ্যক্ষম কৰি তোলাটো সকলোৰে দায়িত্ব। অন্যাথা সময়ৰ সোঁতত এক সম্ভাৱনাপূৰ্ণ এটি কাৰ্যক্ষম জীৱ বিকলাংগ হৈ পৰিব।

লগতে পঢ়ক- 

১-৩ ডিচেম্বৰলৈ নতুন দিল্লীৰ ICAR, পুছা গ্ৰাউণ্ডত The Millionaire Farmer of India 2024

English Summary: International Year of Camelids 2024 : Opportunities & Sustainable Earth

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.