1. পশুপালন

হাঁহ কুকুৰাৰ পোৱালি জগোৱা ইনকুৱেটৰ যন্ত্ৰ আৰু ইয়াৰ উপযোগিতা

KJ Staff
KJ Staff
Incubator machine and its utility
Incubator machine and its utility

অসমৰ অৰ্থনীতিৰ মূল আধাৰ হৈছে কৃষি। কৃষি কৰ্ম বুলিলে সাধাৰণতে খেতি-বাতি, পশুপালন, হাঁহ-কুকুৰা পালন আৰু মৎস্য পালনকে বুজোৱা হয়। অসমৰ কৃষি অৰ্থনীতিৰ এক বুজন অংশ পশু পালন আৰু হাঁহ কুকুৰা পালনে আগুৰি আছে। বিশেষকৈ ভূমিহীন লোক, ক্ষুদ্ৰ খেতিয়ক, কৃষি ক্ষেত্ৰৰ বনুৱা, অৰ্থনৈতিক ভাৱে পিছ পৰা লোকসকলৰ প্ৰধান জীৱিকাৰ অৱলম্বন হৈছে পশুপালন আৰু হাঁহ কুকুৰা পালন।

বৰ্তমানৰ  শঙ্কত কালত হাঁহ কুকুৰা পালন জীৱন-জীৱিকাৰ এক অন্যতম অৱলম্বন হৈছে। আশীৰ দশকৰ পৰা অসমত ব্ৰইলাৰ কুকুৰা পালন শিক্ষিত নিবনুৱা সংস্হাপনৰ এক আহিলা হিচাপে পৰিগণিত হৈছে। সাম্প্ৰতিক সময়তো ব্যৱসায়িক ভাবে কুকুৰা পালন কৰি হাজাৰ হাজাৰ লোক সংস্হাপিত হৈ আছে।  অসমৰ গ্ৰাম্যঞ্চলৰ প্ৰায়ভাগ মানুহেই মাংস আৰু কণীৰ উৎপাদনৰ বাবে পৰম্পৰাগত ভাবে হাঁহ-কুকুৰা পালন কৰি আহিছে। প্ৰায় প্ৰতিঘৰ মানুহেই গঢ়ে ৫-২০টালৈ হাঁহ কুকুৰা পালন কৰে। নিজৰ ঘৰৰ বাবে প্ৰয়োজনীয় হাঁহ কুকুৰাৰ পোৱালি উমনি দি ঘৰতেই তৈয়াৰ কৰি লয়।

অসমত সাধাৰণতে থলুৱা প্ৰজাতিৰ কুকুৰাৰ মাংসৰ চাহিদা ব্ৰইলাৰ বা দুভচীয়া কুকুৰাৰ মাংসতকৈ অধিক। গতিকে থলুৱা প্ৰজাতিৰ কুকুৰাৰ বজাৰ দৰ অধিক। সেয়েহে থলুৱা প্ৰজাতিৰ কুকুৰা পালন লাভজনক । বৰ্তমান সময়ত বহু শিক্ষিত যুৱক যুৱতীয়ে ব্যৱসায়িক ভিত্তিত থলুৱা প্ৰজাতিৰ কুকুৰা পালন কৰিবলৈ আগ্ৰহী হৈছে। বহু লোকে ইতিমধ্যে তাকৰীয়াকৈ হ'লেও ব্যৱসায়িক ভিত্তিত থলুৱা প্ৰজাতিৰ কুকুৰা বৈজ্ঞানিক ভাবে পালন কৰি লাভবান হৈছে। কিন্তু আশাকৰা ধৰণে ই আগবঢ়া নাই। ইয়াৰ প্ৰধান অন্তৰায় হ'ল থলুৱা প্ৰজাতিৰ কুকুৰাৰ পোৱালি বজাৰত উপলব্ধ নোহোৱা। অৰ্থাৎ থলুৱা প্ৰজাতিৰ কুকুৰাৰ পোৱালি বজাৰত কিনিবলৈ নাপায়।

থলুৱা প্ৰজাতিৰ কুকুৰাৰ পোৱালি বছৰৰ সকলো সময়তে প্ৰয়োজন অনুসৰি পাবলৈ প্ৰযুক্তিৰ সহায় ল'ব লাগিব। সেয়েহে অধিক পোৱালি উৎপাদন কৰিবলৈ কণীৰ পৰা পোৱালি জগোৱা ইনকুৱেটৰ যন্ত্ৰ (Incubator) ব্যৱহাৰ কৰাৰ বিকল্প নাই। কিন্তু উমনি দিয়া যন্ত্ৰৰ দাম অত্যন্ত বেছি আৰু অসমত সহজলভ্য নহয়। তদুপৰি এই যন্ত্ৰ চলাবলৈ নিৰবিচ্ছিন্ন ভাবে বিজুলী যোগানৰ প্ৰয়োজন। তথাপিও এই সমস্যা সমূ্হৰ মোকাবিলা কৰি আগ বাঢ়ি যাবই লাগিব। গতিকে থলুৱা ভাৱে ইয়াক তৈয়াৰ কৰি ল'ব লাগিব। এই যন্ত্ৰ তৈয়াৰ কৰোঁতে মন কৰিবলগীয়া কথা হ'ল-

১। থলুৱা ভাৱে নিৰ্মিত পোৱালি জগোৱা যন্ত্ৰ কম খৰছী হ'ব লাগিব।

২। কম বিজুলী খৰছ হ'ব লাগিব।

৩। বিজুলী যোগান ব্যাহত হ'লে বেটাৰী বা ইনভাৰ্টাৰৰ (Inverter) সহায়ত চলাব পৰা হ'ব লাগিব।

৪। ইয়াৰ সক্ষমতা অধিক হ'ব লাগিব।

৫। যন্ত্ৰটো চলাবলৈ কুশলী লোকৰ যাতে প্ৰয়োজন নহয়।

৬। যন্ত্ৰটো সৰল হ'ব লাগিব, যাতে বেয়া হ'লেও সহজতে, কম সময়ৰ ভিতৰতে ভাল কৰিব পাৰি।

সুবিধা, মানদণ্ড আৰু ধাৰণ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি থলুৱা ভাৱে নিৰ্মিত এই যন্ত্ৰৰ দাম প্ৰায় ৫,০০০ - ৫০,০০০ টকা পৰ্যন্ত হ'ব পাৰে। কিন্তু এনে ধৰণৰ যন্ত্ৰৰ বজাৰ দৰ ১৫,০০০ - ১,৫০,০০০ হয়।

অসমৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ অধীনষ্ঠ, নলবাৰী জিলাৰ জাৱজাৱকুছি স্হিত জিলা কুকুৰা পামৰ পৰিচালক ডাঃ অম্বিকা ডেকাই ইতিমধ্যে এনে কম খৰচী পোৱালি জগোৱা যন্ত্ৰ উদ্ভাৱন কৰি উলিয়াইছে আৰু বহুতো কুকুৰা পালকক এনে যন্ত্ৰ যোগান ধৰি পোৱালি উৎপাদন কৰাত সহায় কৰি আহিছে। বহু লোকক দিহা পৰামৰ্শ দি এনে যন্ত্ৰ তৈয়াৰ কৰাতো সহায় কৰি আহিছে। ডাঃ ডেকাৰ সহযোগত আপোনালোকেও থলুৱা প্ৰজাতিৰ কুকুৰাৰ পোৱালি উৎপাদন ও প্ৰতিপালন কৰি অৰ্থনৈতিক ভাৱে নিজকে স্বাৱলম্বী কৰাৰ লগতে দেশৰ অৰ্থনীতিও আগবঢ়াই নিব পাৰে ।

ডাঃ অম্বিকা ডেকাৰ তত্ত্বাৱধানত অসমৰ বিভিন্ন ঠাইত ইতিমধ্যে বহুতো বৈজ্ঞানিক ভিত্তিত পালন কৰা থলুৱা কুকুৰাৰ পাম গঢ়ি উঠিছে আৰু বহু লোক সংস্হাপিত হৈছে।

ডাঃ অম্বিকা ডেকা

পৰিচালক, জিলা কুকুৰা পাম

জাৱজাৱকুছি, নলবাৰী, অসম।

ভ্ৰাম্যভাষ- ৯৪৩৫০২৭৮৮১,  ৯১০১৩৩৬৮০০

লগতে পঢ়ক-কুকুৰা পালনঃ কৃষকৰ বাবে এক লাভজনক কৃষি ব্যৱসায়

English Summary: Duck chicken chick-fitted Incubator machine and its utility

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.