
শেহতীয়াকৈ পশ্চিমবংগৰ এগৰাকী মহিলাই বিশেষ পদ্ধতিৰে কেঁকোৰা পালন কৰি এক নজিৰ সৃষ্টি কৰিছে। ঘৰৰ পুখুৰীতে আট্সি মাইটি নামৰ গৃহিণীগৰাকীয়ে ভাসমান পদ্ধতিত কেঁকোৰা পালন কৰি চীন, ছিংগাপুৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে বিদেশী বজাৰলৈ ৰপ্তানি কৰিছে।

কেঁকোৰা সাধাৰণতে গাঁতত থাকে। কিন্তু আট্সি মাইটিয়ে বক্স বনাই, বক্সত কেঁকোৰাসমূহক ৰাখি খাদ্য যোগান ধৰে। তলৰ ফটোত আপোনালোকে দেখিছেই কিদৰে মহিলাগৰাকীয়ে পুখুৰীৰ পানীত বক্সসমূহ উপঙি থকাকৈ ৰাখি কেঁকোৰা পালন কৰিছে। কেঁকোৰা পালনৰ এই নতুন পদ্ধতিটোক কোৱা হয় বক্স কেঁকোৰা প্ৰযুক্তি বা বক্স কেঁকোৰা। এই পদ্ধতি সন্দৰ্ভত কেঁকোৰা পালক আট্চি মাইটিয়ে কয়- ‘বাকচ কেঁকোৰা প্ৰযুক্তিৰে কেঁকোৰা পালন অতি লাভজনক। ইয়াৰ বহু কাৰণ আছে। প্ৰথম কথা, এটা পুখুৰীত মাছ পালনৰ লগতে ভাসমান বাকচত কেঁকোৰা পালনৰ লাভ দুগুণ হয়।‘
তেওঁ লগতে কয়- ‘এইক্ষেত্ৰত তেওঁ ব্লক মীন বিষয়াৰ পৰা সহায় লাভ কৰিছে। আট্সি মাইটিয়ে পালন কৰি থকা আধুনিক কেঁকোৰা পালন পদ্ধতিটো সন্দৰ্ভত ব্লক মীন সম্প্ৰসাৰণ বিষয়া সুমন কুমাৰ সাহুৱে কয়, ‘আটছি মাইটিয়ে আন এক আদৰ্শ দাঙি ধৰিছে যিয়ে আন গৃহিণীসকলক উৎসাহিত কৰিব।’
কেঁকোৰা পালনৰ বক্স পদ্ধতিয়ে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে বিকল্প আয়ৰ পথ দেখুৱাইছে। প্ৰতিটো বাকচত এটাকৈ কেঁকোৰা থাকে গতিকে ইহঁতে ইটোৱে সিটোক আক্ৰমণ কৰিব নোৱাৰে। পোৱালি কেঁকোৰা ফটোত দেখাৰ দৰে প্ৰতিটো বাকচত সোমোৱাই দিয়া হয় আৰু ডাঙৰ হোৱাৰ পাছতে বজাৰত বিক্ৰী কৰা হয়। এই আধুনিক পদ্ধতি অনুসৰণ কৰা কেঁকোৰা পালকসকলে ইয়াৰ সুফল লাভ কৰিছে।
লগতে পঢ়ক-
Share your comments