 
            শেহতীয়াকৈ বস্তাত কৰা আদা খেতিৰ পদ্ধতিটোৱে কৃষকসকলৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে। ব্যৱসায়িক উদ্দেশ্যলৈ এই পদ্ধতিৰে খেতি কৰাৰ লগত গ্ৰামাঞ্চল আৰু চহৰাঞ্চলৰ উভয় লোকে ঘৰতে খাবৰ বাবে এই পদ্ধতিৰে আদা খেতি কৰিবলৈ লৈছে। চহৰাঞ্চলৰ লোকসকলে ঘৰৰ চাদ আৰু কৰিডৰতো এই পদ্ধতিৰে খেতি কৰিব পাৰিব।
তাৰ এক বিৱৰণ দাঙি ধৰা হ’ল।
১. মাটিৰ প্ৰস্তুতি:
১২-১৫ কেজি মাটি, ৫ কেজি পচি যোৱা গৰুৰ গোৱৰ বা কেঁচু সাৰ, ৪-৫ কেজি বালিয়া মাটি, পাৰিলে অলপমান কীটনাশক আৰু ১ কেজি ছাইৰ এটা মিশ্ৰণ বনাব। মিশ্ৰণটো তলৰ ফটোত দেখাৰ দৰে এটা বস্তাত ভৰাব।
২. বীজ সংগ্ৰহ:
বীজৰ বাবে বজাৰত পোৱা আদাকে বীজ হিচাপে ব্যৱহাৰ কৰিব পাৰিব।
৩. জলসিঞ্চন:
বৰষুণ নাথাকিলে বস্তাটোত লাহে লাহে পানী দিব লাগে। বৰ বেছি দিব নালাগে। কিন্তু বৰষুণ স্বাভাৱিক হ’লে জলসিঞ্চনৰ প্ৰয়োজন নাই। কিন্তু পানী যাতে জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
 
            ৪. বীজৰ আকাৰ আৰু ৰোপণ পদ্ধতি:
প্ৰতিটো বস্তাত ৩৫-৫০ গ্ৰাম ২-৩ টা কলি থকা কন্দবোৰ ৩-৪ ইঞ্চি দকৈ মাটিত ৰোপণ কৰিব লাগে। ৰোপণৰ পিছত বীজ মাটিৰে ঢাকিব লাগে।
৬. বীজ সিঁচাৰ সময়:
এপ্ৰিল- মে’ বীজ বীজ ৰোপনৰ বাবে উত্তম সময়।
পুলিবোৰ ডাঙৰ হৈ অহাৰ লগে লগে বনবাত গজিলে সেইবোৰ আঁতৰা দিব। আৰু ৩-৪ মাহ বয়সত আদাৰ গুৰিবোৰ খুচৰি কোমল কৰি তাত ইউৰিয়া, গোৱৰ আৰু মাটিৰ মিশ্ৰণ ঘটাই ৩ ইঞ্চি উচ্চতাকৈ দি দিব লাগে।
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments