1. এগ্ৰিপেডিয়া

Robi Crop: ধানতকৈ দুগুণ উপাৰ্জন কৰিবলৈ এই শস্যসমূহৰ খেতি কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Winter Crop Cultivation After Flood
Winter Crop Cultivation After Flood

অসমত এতিয়া বানপানী। ৰাজ্যখনৰ প্ৰায় ৫০ শতাংশ কৃষকৰ কামিহাড় ভাঙি গৈছে শেহতীয়া বানে। এনে প্ৰেক্ষাপটত বানে মৰা পথাৰসমূহৰ পানী শুকাই যোৱাৰ পাছতে কমদিনতে উপাৰ্জন কৰিব পৰা কেইবিধমান শস্যৰ খেতিৰ বিষয়ে আজি আমাৰ কৃষক বন্ধুসকলক জনাম। যিকেইবিধ শস্যৰ খেতি আপোনালোকে ভাদৰ শেষৰ ফালে আহিনৰ প্ৰথমৰ পৰা আৰম্ভ কৰিব পাৰিব। আৰু যিবোৰ শস্যৰ খেতি কৰি আপোনালোকে শালিধানৰ খেতিতকৈ দুগুণ উপাৰ্জন কৰিব পাৰিব।

১. শাক-পাচলি:

  • লাউ (Bottle Gourd): লাউৰ বীজ শেহতীয়া পানী শুকুৱাৰ পিছত কৰিব পাৰে আৰু এই খেতি কৰোতে বেছি সময় নালাগে। কম দিনতে কম যত্নতে ডাঙৰ হয়। আগতীয়াকৈ বজাৰত উলিয়াব পাৰিলে অধিক দামত বিক্ৰি কৰিব পাৰিব।
  • মুলা (Radish): বানপানীৰ পাছতে আমাৰ কৃষকসকলে কৰিব পৰা এবিধ শস্যৰ খেতি হ’ল  মূলা খেতি। মূলা খেতি কৰিয়ো কম দিনতে উপাৰ্জন কৰিব পাৰে।৪০-৫০ দিনৰ ভিতৰতে মূলা বজাৰলৈ নিব পৰা হয়। বালিঅহীয়া মাটিত বানপানীৰ পাছতে অসমৰ কৃষকসকলে মূলা খেতি কৰি লাভ উঠাব পাৰিব।

২. কেঁচা শস্য:

  • মাকৈ(Maize):  মাকৈৰ খেতিয়ো আমাৰ কৃষকসকলে বানপানীৰ পাছতে আমাৰ কৃষকসকলে কৰিব পাৰে। এই খেতি ৯০-১০০ দিনৰ ভিতৰত হয়। অসমৰ কৃষকসকলে মাকৈ খেতি কৰি কিছুমান কোম্পানীক যোগান ধৰি পাৰিলে লাভান্বিত হ’ব।  

লগতে পঢ়ক- 

Black Gram Farming Time : বানে মৰা পথাৰত আহিন মাহত কৰক এই খেতি

৩. ডাল শস্য:

  • মাটি মাহ (Groundnut): বানপানীৰ পাছতে আমাৰ কৃষকসকলে কৰিব পৰা এটা প্ৰধান খেতি হল মাটিমাহ খেতি। ৯০ পৰা ১০০ দিনৰ ভিতৰত মাটিমাহ খেতি কৰি আমাৰ কৃষকসকলে এবিঘা মাটিৰ ১০-১২ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব।

৪. টিল শস্য:

বানপানীৰ পিছত মাটিবোৰ শুকাই গ’লে আমাৰ কৃষকসকলে কৰিব পৰা এটা উল্লেখযোগ্য খেতি হ’ল তিল। তিল খেতিৰ পৰা আমাৰ কৃষকসকলে উপাৰ্জন কৰিব পাৰিব। বানে মৰা পথাৰ, খৰাঙৰ বাবে ৰুৱ নোৱৰা মাটিত আমাৰ কৃষকসকলে তিল খেতি কৰিব পাৰে।

৫. গোম ধান (Sorghum):

  • গোম ধান: গোম ধান পানী জমা নোহোৱা বালিয়া মাটিত ভাল হয়। গোমধানৰ খেতি কৰিয়ো আমাৰ কৃষকসকলে কম সময়ৰ ভিতৰতে উপাৰ্জন কৰিব পাৰিব।

সঠিক সময়ত সঠিক বীজ আৰু সঠিক যত্ন ল’লে ওপৰত উল্লিখিত শস্যসমূহৰ খেতি কৰি এটা ভাল উপাৰ্জন কৰিব পাৰিব। যিসকল কৃষক নতুন আৰু কৃষিক বৃত্তি হিচাপে লৈ কৃষিৰে স্বাৱলম্বনৰ কথা ভাবিছে তেওঁলোকে জিলা কৃষি বিষয়া, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াসকলৰ পৰামৰ্শৰ লওঁক আৰু পৰামৰ্শৰ মতে আগবাঢ়ক।

লগতে পঢ়ক- 

Garlic cultivation: এবিঘা মাটিৰ পৰা ৪-৫ মাহত ৫০ হাজাৰ টকা উপাৰ্জন কৰক

English Summary: Winter Crop Cultivation After Flood :

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.