1. এগ্ৰিপেডিয়া

Soil Health Card কি! কৃষিভূমিৰ বাবে Soil Health Card ৰ প্ৰয়োজনীয়তা কিমান!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
What is Soil Health Testing ! & its benefit
What is Soil Health Testing ! & its benefit

ধৰি লওঁক আপুনি আপোনাৰ মাটি ডৰাত কেৰেলাৰ খেতি কৰিম বুলি ভাবিছে। কিন্তু আপোনাৰ মাটিডৰা কেৰেলা খেতিৰ বাবে উপযুক্ত হয় নে নহয় বা কেৰেলা খেতিৰ বাবে প্ৰয়োজনীয় সকলোখিনি পদাৰ্থ মাটিখিনিত আছে নে নাই, বা আপোনাৰ মাটিডৰাত কি শস্যৰ খেতিৰ বাবে বেছি উপযোগী এই কথাবোৰ কেনেকৈ জানিব। অৱশ্যে পূৰ্বৰ পৰাই আমাৰ কৃষকসকলে এই কথাবোৰ নজনাকৈ খেতি কৰি আহিছে পৰম্পৰাগত অভিজ্ঞতাৰ ভিত্তিত। কিন্তু আজি জনাম বিজ্ঞানসন্মতভাৱে আপোনাৰ মাটি ডৰাত কি খেতিৰ বাবে উপযুক্ত সেয়া কেনেকৈ চিনাক্ত  কৰিব পাৰিব! আৰু ইয়াৰ পৰা আপুনি কেনেকৈ লাভান্বিত হ’ব।

শেহতীয়া কৃষি বিজ্ঞান অনুসৰি, খেতি কৰিবলৈ নিৰ্বাচন কৰা মাটিখিনি প্ৰথমে পৰীক্ষা কৰিব লাগে! চাব লাগে আপুনি কৰিম বুলি ভৱা শস্যৰ খেতিটোৰ বাবে মাটিখিনি কিমান উপযুক্ত! দ্বিতীয়তে চাব লাগে কোন বিধ শস্যৰ খেতিৰ বাবে আপোনাৰ মাটিখিনি উপযুক্ত! এই গোটেই কথাখিনি জানিবৰ বাবে প্ৰথমে আপোনালোকে জিলা কৃষি বিজ্ঞান কেন্দ্ৰলৈ গৈ কৃষি বিজ্ঞানকেন্দ্ৰৰ মুখ্য বিজ্ঞানীজনৰ লগত এই সন্দৰ্ভত জনাওঁক।

লগতে পঢ়ক-

৫০০ জোপা কৰক, ২০-২৫ বছৰলৈ প্ৰতি বছৰে ২ লাখ টকাকৈ উপাৰ্জন কৰক

আপুনি কওঁক যে মোৰ এখিনি মাটি আছে সেইখিনিত কেনেকুৱা ধৰণৰ শস্যৰ বাবে উপযুক্ত বা মই মোৰ মাটিখিনিত X নামৰ শস্যৰ খেতিবিধ কৰিব বিচাৰিছো। কেনেকুৱা হ’ব! আপুনি কথাখিনি বিষয়াজনক জনোৱাৰ পাছতে  আপোনাৰ মাটিখিনি পৰীক্ষা কৰিবৰ বাবে বিভাগীয় দল আপোনাৰ কৃষিভূমিত উপস্থিত হৈ মাটিখিনি পৰীক্ষা কৰিব। পৰীক্ষাৰ ফলাফল অনুসৰি, কি খেতিৰ বাবে আপোনাৰ মাটিখিনি উপযুক্ত সেই কথা আপোনাক জনাব আৰু আপুনি কৰিম বুলি ভৱা শস্যবিধৰ বাবে কেনেকুৱা ধৰণৰ সাৰ কিমান পৰিমানত দিব লাগিব সেই কথা আপোনাক জনাব। লগতে আপোনাৰ মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি এখন প্ৰমাণ পত্ৰ দিব। এই খনক কোৱা হয়- Soil Health Card।

বৰ্তমান সময়ত খেতি কৰাৰ পূৰ্বে মাটিৰ গুণাগুণ পৰীক্ষা কৰাটো অতি জৰুৰী। বৰ্তমান সময়ত আমাৰ অধিকাংশ কৃষকেই হাইব্ৰীড জাতসমূহৰ খেতি কৰে। গতিকে হাইব্ৰীড জাতসমূহৰ খেতিৰ বাবে কোনবোৰ মাটি উপযোগী সেই কথা আমাৰ কৃষকসকলে নাজানে। যিহেতু পূৰ্বেত হাইব্ৰীড জাতসমূহৰ খেতি আমাৰ মাজত নাছিল। গতিকে অনুমানিকভাৱে মাটি পৰীক্ষা নকৰাকৈ খেতি কৰিলে লোকচানৰ সম্ভাৱনাই অধিক হ’ব। গতিকে আমাৰ কৃষকসকলে নিজৰ মাটিখিনি পৰীক্ষা কৰক- কেনেকুৱাধৰণৰ শস্যৰ খেতিৰ বাবে উপযোগী তাক পৰীক্ষা কৰক। সেই অনুসৰি খেতি কৰিবলৈ লওঁক।

লগতে পঢ়ক- 

জুনৰ পৰা অক্টোবৰৰ ভিতৰত এবিঘা মাটিত কৰক মাটিকঁঠালৰ খেতি

English Summary: What is Soil Health Testing ! & its benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.