1. এগ্ৰিপেডিয়া

সেউজসাৰ কি! কৃষকসকলে কেনেকৈ প্ৰস্তুত কৰিব সেউজ সাৰ

KJ Staff
KJ Staff
What are green fertilisers
What are green fertilisers

মাটিৰ গুণগত মান অর্থাৎ মাটিৰ উৎপাদিকা ক্ষমতা বর্তাই ৰাখিবলৈ হ'লে কেৱল ৰাসায়নিক সাৰ প্রয়োগ কৰাই যথেষ্ট নহয়। ৰাসায়নিক সাৰক গছৰ খাদ্য হিচাবে কামত লগাবলৈ হ'লে যিবোৰ জীবাণু মাটিত থকাতো অত্যন্ত প্রয়োজনীয়, তেনে জীৱাণু মাটিত জৈৱ পদাৰ্থৰ অবিহনে জীৱীত অৱস্থাত থাকিব নোৱাৰে। বর্তমান যুগত উচ্চফলনশীল জাতৰ শস্য কৰিবলৈ গৈ অধিক পৰিমাণৰ ৰাসায়নিক সাৰ মাটিত প্রয়োগ কৰাতো ব্যৱহাৰিক দিশৰ পৰা বাধ্যতামূলক হৈ পৰিছে। তুলনামূলক ভাৱে জৈৱ সাৰৰ প্রয়োগ কিন্তু সমপৰিমাণে হোৱা দেখা নযায়।

জৈৱ সাৰৰ উৎস সমূহ যেনে- গৰু, ', ছাগলী, ভেড়া, গাহৰি ইত্যাদিৰ সংখ্যা দিনক দিনে কমি আহিছে। ইয়াৰোপৰি জৈৱ পচন সাৰ সাধাৰণতে গৃহ সংলগ্ন স্থানত প্রস্তুত কৰা হয়। খেতিৰ মাটি যিহেতু কৃষক বন্ধুৰ গৃহৰ পৰা দূৰত থাকে, সেইকাৰণে জৈৱসাৰ পথাৰত ব্যৱহাৰ কৰা ব্যয়সাপেক্ষে আৰু শ্রমসাপেক্ষে সম্ভৱপৰ হৈ নুঠে। সেইবাবে মাটিত জৈৱ পদার্থ যোগান ধৰাৰ উদ্দেশ্যৰে যি শস্যৰ খেতি কৰি সেউজীয়া গা-গছ অথবা শিপা কোমল অৱস্থাত মাটিৰ লগত মিহলাই দিয়া হয় তাকেই সেউজ সাৰ বোলা হয়। আমাৰ দেশত সেউজ সাৰৰ প্ৰচলন প্রাচীন কালৰ পৰাই চলি আহিছে। ধইনচা, শন, মগুমাহ, মাটিমাহ, লেছেৰামাহ, খেচাৰি বা দাইলজাতীয় শস্যৰ খেতি কৰি কোমল অৱস্থাত মাটিৰ লগত মিহলাই দিয়া হয়। ইয়াৰ ফলত মাটিত নাইট্ৰ'জেনৰ পৰিমাণ বৃদ্ধি ঘটে লগতে মাটি জৈ ৱপদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰি মাটিক অধিক উৎপাদনক্ষম কৰি তোলে।

সেউজীয়া সাৰ আচলতে কি?

কেতবোৰ উদ্ভিদ, বিশেষকৈ দাইলজাতীয় শস্যৰ শিপা আৰু কাণ্ডত সৰু সৰু পিণ্ড (যাক ইংৰাজীত নডিউল বোলা হয়) থাকে। সেইবিলাকৰ ভিতৰত চকুৰে নেদেখা অতি সূক্ষ্ম পৰজীৱী জীৱাণু বসবাস কৰে। এই জীৱাণুবোৰৰ বিশেষ গুণ হ'ল বতাহত থকা নাইট্ৰ'জেন গ্রহণ কৰি পিণ্ডবিলাকত আৱদ্ধ কৰি ৰাখিব পাৰে। পৰৱৰ্তী সময়ত এই পিণ্ডবোৰ মাটিত পচি পিণ্ডত থকা নাইট্রাজেন শস্যৰ বাবে উপলব্ধ হোৱাৰ লগতে মাটিত জৈৱিক পদার্থৰ পৰিমাণ বঢ়ায়। এই উদ্দেশ্য লৈ ধাননি পথাৰত সেউজীয়া সাৰ হিচাবে ধইনচা, শন ইত্যাদিৰ খেতি কৰা হয়। উন্নত প্রজাতিৰ ধইনচা (চাচবেনিয়া ৰাষ্ট্রীটী) সিঁচাৰ মাত্র ৪৫ দিনৰ ভিতৰত মাটিত মিহলাই দিলে প্রতিবিঘা মাটিত ৮ ৰ পৰা ১৩ কিলোগ্রাম পর্যন্ত নাইট্র'জেন জমা কৰিব পাৰে আৰু লগতে প্ৰচুৰ পৰিমাণে জৈৱ পদার্থৰো যোগান ধৰে। ধইনচা গছ খুব সোনকালে বাঢ়ে, ৪৫ দিনত প্রায় ১.৫ মিটাৰ পর্যন্ত ওখ হয়। গছৰ কাণ্ড আৰু শিপাত অজস্র বাদামী ৰঙৰ ক্ষুদ্র পিণ্ড (নডিউল) তৈয়াৰী হয়। কৃষি বিজ্ঞানীৰ এক পৰীক্ষাৰ পৰা জনা গৈছে যে, এই চেচবেনীয়া ৰষ্টাটা নামৰ ধইনচা শস্যত অন্যান্য মাহ বা দাইলজাতীয় উদ্ভিদৰ তুলনাত ক্ষেত্র বিশেষে ৫ ৰ পৰা ১০ শতাংশ বেছি পিণ্ড (নডিউল) হয়।

বীজ সিঁচাৰ সময়:

ফাগুণ মাহৰ ১৫ তাৰিখৰ পৰা বহাগৰ ১৫ তাৰিখ পৰ্য্যন্ত ধইনচাৰ বীজ সিঁচাৰ উপযুক্ত সময়। শালিধানৰ খেতি কৰা মাটিত বতৰৰ ওপৰত নিৰ্ভৰ কৰি মে' মাহৰ ভিতৰত (১৫ জেঠৰ পৰা ১৫ আহাৰ) মাটিত দুডাহ হাল মাৰি বীজ সিঁচিব লাগে।

বীজৰ পৰিমাণ:

সকলো ধৰণৰ মাটিত ইয়াৰ খেতি কৰা যায়। বাম মাটিত বিঘাই প্রতি ৪ ৰ পৰা ৬ কিলোগ্রাম পর্যন্ত ধইনচাৰ বীজৰ প্রয়োজন হয়। যদি কোনোবা মাটিত প্রথম বাৰৰ বাবে ধইনচাৰ খেতি কৰা হৈছে তেনেহ'লে ইয়াৰ লগত ৰাইজ 'বিয়াম জাতীয় জীৱাণু সাৰ মিহলাই দিলে নাইট্রাজেন অধিক পৰিমাণে মাটিত জমা হয়। এনে ক্ষেত্রত প্রতি কিলোগ্রাম ধইনচাৰ বীজৰ লগত ২০-৩০ গ্রাম ৰাইজ'বিয়াম জীৱাণু সাৰ মিহলাই দিয়া হয়। বীজ সিঁচাৰ পিছত মাটিত পাতলকৈ হালবাই মৈয়াই বীজবোৰ ঢাকি দিব লাগে। সেউজীয়া সাৰ অর্থাৎ বইনচা গছৰ বৃদ্ধি সাধাৰণতে নিৰ্ভৰ কৰে বৃষ্টিপাতৰ পৰিমাণৰ ওপৰত। সময়মতে যদি বৰষুণ নহয় তেনেহ'লে ১০-১৫ দিনৰ অন্তৰে অন্তৰে মাটিত পাতলকৈ পানী যোগানৰ ব্যৱস্থা কৰিব লাগে। বীজ সিঁচাৰ ৬-৮ সপ্তাহৰ পিছত অর্থাৎ গা-গছ টান হোৱাৰ আগত হালবাই গছবোৰ মাটিত মিহলাই দিব লাগে। বিশেষকৈ ধানৰোৱা মাটিত সেউজীয়া সাৰ জাতীয় উদ্ভিদ মিহলাওতে মাটিত ২ৰ পৰা ২.৫ ইঞ্চি পানী থকা দৰকাৰ। আপেক্ষিকভাবে ওখ মাটিত নাঙলেৰে তিনি চাৰিবাৰ হালবাই গছবোৰ ভালকৈ মাটিত মিহলাই দিব লাগে আৰু দ' মাটিত ১-২ বাৰ হাল বালেই হয়। মিহলোৱাৰ পিছত মাটিৰ ভিত্তিত ১০ ৰ পৰা ১৫ দিনৰ ভিতৰত গছবোৰ পচি অতি উন্নতমানৰ সাৰলৈ পৰিণত হয়।

লগতে পঢ়ক- 

Winter Crop : কম দিনতে উপাৰ্জন কৰিব পৰা খেতি হিচাপে ৰবি শস্য

সেউজীয়া সাৰৰ উপকাৰিতাঃ

সেউজসাৰ ব্যৱহাৰৰ মূল উদ্দেশ্য হৈছে জৈৱিক পদাৰ্থৰ দ্বাৰা মাটিত নাইট্ৰ'জেন, পুষ্টিকৰ আৰু গুৰুত্বপূৰ্ণ উপাদান যোগান ধৰা। সেউজসাৰ হৈছে পৰিবেশ অনুকূল ব্যৱস্থাপনা যিয়ে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। সেউজসাৰৰ ব্যৱহাৰৰ ফলস্বৰূপে মাটিৰ ভৌতিক গঠন আৰু উৰ্বৰতা উন্নত হয়। সেউজীয়া উদ্ভিদৰ খেতি কৰি বা অন্য ঠাইৰ পৰা সূক্ষ্ম ডাল পাত আনি হালবাই পথাৰত মিলাই দিব লাগে। অজৈৱিক সাৰ, জৈৱিক সাৰ লগত সেউজসাৰ হৈছে সংহত নীতিৰ অন্যতম মূলনীতি।

  • পানীৰ অভাৱ থকা অঞ্চলত আৰু নিবিড় শস্যসূচীত মাটিৰ উৰ্বৰতা অর্থাৎ উৎপাদিকা শক্তি বজাই ৰখাত এই সাৰে উল্লেখযোগ্য ভূমিকা পালন কৰে।
  • জৈৱ আৰু সেউজীয়া সাৰ হিচাবে ধইনচা খেতি কৰি মাটিত নাইট'জেন আৰু জৈৱ পদার্থ যোগান ধৰাৰ ই এক সহজ পদ্ধতি।
  • ইয়াৰ দ্বাৰা মাটিৰ ভৌত ৰাসায়নিক গুণাগুণ বৃদ্ধি আৰু মাটিৰ উৎপাদিকা শক্তি দীর্ঘস্থায়ী হয়।
  • মাটিত ৰাসায়নিক সাৰ ধাৰাবাহিক আৰু মাত্রাহীনভাবে প্রয়োগ কৰাৰ ফলত যি অম্লতা বা ক্ষাৰকীয় পৰিস্থিতিৰ উদ্ভৱ হয়, সেই অম্লতা বা ক্ষাৰকীয়তা কিছু পৰিমাণে কমি যায়।
  • অণুৱৰ্তী বা পৰৱৰ্তী খেতিৰ বাবে ফচফেট আৰু পটাছৰ মাত্ৰা গ্ৰহণযোগ্য অৱস্হাত থাকে।
  • গছবোৰ ঘনকৈ লগালে ৰ’দ, বতাহ আৰু বৰষুণৰ আঘাতত ভূমি ক্ষক্ষয়ৰ আশঙ্কা কমি যায়।
  • মাটিত ঘাঁহ বনৰ উপদ্ৰৱে সুযোগ নাপায়।

সেউজসাৰৰ প্ৰকাৰ-

খেতিত দুই ধৰণে সেউজসাৰ প্ৰয়োগ কৰিব পৰা যায়।

  1. ইন-চিটু সেউজসাৰ- এই পদ্ধতিত পোনপটীয়াকৈ সেউজ সাৰৰ খেতি মূল পথাৰত কৰা হয়। ইয়াত সেউজসাৰ স্বতন্ত্র শস্য হিচাপে নহলেও প্রাথমিক শস্যৰ সৈতে আন্তঃ শস্য হিচাপে কৰিব পৰা যায়। পিছত সেই পথাৰতে পুতি দিয়া হয়। যেনে- চানহেম্প, ধইনচা, মাহজাতীয় শস্য।
  2. সেউজীয়া পাতৰ সাৰ- এই পদ্ধতিত সেউজীয়া ডাল, পাত, জোপোহা গছৰ পাত আদি মাটিত সুমুৱাই দিয়া হয়। যেনে কৰঞ্জ, গ্লিৰিচিডিয়া, বনৰীয়া ধইনচা।

সেউজ সাৰৰ জৈৱ বস্তু উৎপাদনৰ পৰিমাণ আৰু নাইট্রাজেন সঞ্চয়ৰ ক্ষমতা আমি তুলনামূলকভাৱে অধ্যয়ণ কৰিব পাৰো এইদৰ-

 

শস্য

বয়স (দিন)

জৈৱ বস্তু উৎপাদন (টন/হে)

নাইট্ৰ'জেন সঞ্চয়

ছেচবেনিয়া একুলেটা

 

৬০

২৩.২

১৩৩

চানহেম্প

 

৬০

৩০.৬

১৩৪

কাউপি

 

৬০

২৩.২

৭৪

ক্লাষ্টাৰ বিন

 

৫০

৩.২

৯১

চাচবেনিয়া ৰাষ্ট্রাটা

 

৫০

৫.০

৯৬

আদর্শ সেউজসাৰ গছৰ বৈশিষ্ট্য সমূহ-

  1. কম সময়ত যথেষ্ট পৰিমাণৰ সেউজীয়া সামগ্রী উৎপাদন কৰিব পাৰিব লাগে।
  1. গৰম, ছাঁ আৰু খৰাং অৱস্থাৰ প্ৰতি প্ৰতিৰোধ ক্ষমতা থাকিব লাগে।
  1. অপতৃণ নাশ কৰিব পৰাকৈ দ্রুত ভাৱে বৃদ্ধি হ'ব লাগে।
  1. গছবোৰ ৰসাল আৰু অধিক পাত থকা হ'ব লাগে যাতে ইয়াৰ পচন দ্রুত হয়।
  1. মাহজাতীয় শস্য হলে ভাল কাৰণ ই নাইট্রজেন সংগ্রহ কৰিব পাবে।
  1. মাটিৰ তলৰ পৰা পুষ্টিকৰ উপাদান সংগ্ৰহ কৰিবৰ কাৰণে উদ্ভিদৰ শিপা গভীৰ আৰু আঁহ যুক্ত ব্যৱস্থাৰ হ'ব লাগে।

সেউজসাৰৰ ক্ষেত্ৰত বাধা সমূহ-

যদিও সেউজসাৰৰ বহুতো সুবিধা আছে তথাপিও কৃষক সকলে কিছু সীমাবদ্ধতাৰ কাৰণে এই পদ্ধতি অবলম্বন কৰিব নিবিচাৰে।

  1. উচ্চ তীব্রতাসম্পন্ন শস্য ব্যবস্থাত কৃষক সকলে ৬ ৰ পৰা ৭ সপ্তাহ সময় অন্য খেতিৰ পৰা আঁতৰি একান্ত ভাৱে সেউজ সাৰৰ খেতি কৰিবলৈ বাধ্য নহয়। যিহেতু তাৰপৰা কোনো আর্থিক সহায় পোরা নাযায়।
  1. মাটিৰ প্ৰকাৰৰ পাৰ্থক্যৰ বাবে সেউজসাৰৰ প্ৰয়োগৰ ফলাফল সকলো শস্যতে সামঞ্জস্য পূর্ণ নহ'বও পাৰে।
  1. বৰষুণ কম হোৱা পৰিস্থিতিত পৰৱৰ্তী শস্যৰ অংকুৰণ আক বৃদ্ধি আর্দ্রতাৰ অভাৱত বাধাগ্রস্ত হ'ব পাৰে।
  2. সেউজ সাৰৰ খেতি কৰিলে অতি কমেও 75-80 দিন পথাৰ খন দখল কৰে, যিয়ে এটা শস্য কৰাৰ সময় ক্ষতি কৰে।

 

নীলাক্ষি ভূঞা

বিষয়বস্তু বিশেসজ্ঞ

কৃষি বিজ্ঞান কেন্দ্র,  ধেমাজি

লগতে পঢ়ক- 

Soil Health Test : খেতি কৰাৰ পূৰ্বে মাটি পৰীক্ষা আৰু ইয়াৰ গুৰুত্ব

English Summary: What are green fertilisers

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.