1. এগ্ৰিপেডিয়া

Toria Farming Tips & benefit : টৰিয়া খেতিৰ বিজ্ঞানসন্মত কৃষি প্ৰণালী

KJ Staff
KJ Staff
Toria Farming Tips, time & benefit
Toria Farming Tips, time & benefit

ভাৰতত উৎপন্ন হোৱা বিভিন্ন প্ৰকাৰৰ তৈলবীজৰ ভিতৰত টৰিয়া উল্লেখযোগ্য। প্রায় ৪০-৪৫ শতাংশ তেল থকা এই শস্য অসমৰ খেতিয়কৰ মাজতো জনপ্রিয়। তেল নিষ্কাষন কৰাৰ পাছত উৎপাদিত খলিহৈ গৰু মহৰ বাবে খাদ্য আৰু জৈৱ সাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি। কিছু পৰিমাণৰ কীটপতংগ আৰু শস্য কৃমি নিয়ন্ত্রণতো এই খলিহৈ ব্যৱহাৰ কৰিব পাৰি।

মাটি নির্বাচন:

টৰিয়া খেতিৰ বাবে ৰ'দঘাই, বালিচহীয়া, পলসুৱা, জীপাল আৰু অধিক জৈৱ সাৰযুক্ত মাটি নির্বাচন কৰিব লাগে।

অনুমোদিত জাত:

অসমৰ গোটেইকেইটা কৃষি জলবায়ু ক্ষেত্ৰৰ বাবে উপযোগী হোৱা টৰিয়াৰ উৎপাদনক্ষম জাতসমূহ হ'ল- টি এছ-৩৬, টি এছ-৩৮, এম-২৭ আদি। এই জাতসমূহৰ কৃষিকাল ৯০-৯৫ দিন। ইয়াৰ উপৰিও জেটি ৯০-১ (জেউতী), টি এছ-৪৬, টি এছ-৬৭ আদি জাত পলমকৈ বীজ সিঁচাৰ বাবে উপযুক্ত।

বীজ সিঁচাৰ সময়:

বীজ সিঁচাৰ উপুক্ত সময় অক্টোবৰ মাহৰ মাজ ভাগৰ পৰা নবেম্বৰ মাহৰ মাজ ভাগলৈ।

বীজৰ পৰিমাণ:

প্রতি হেক্টৰ (৭.৫ বিঘা) মাটিত ১০ কিলোগ্রাম বীজৰ প্ৰয়োজন।

বীজ শোধন:

বীজ শোধনৰ বাবে মেটালেক্সিল ৩৫ ডব্লিউ এচ (Metalaxyl 35 WS) নামৰ ঔষধ ৬ গ্রাম প্রতি কিলোগ্রাম বীজৰ হিচাবত শোধন কৰি ডাউনি মিলডিউ (Downy Mildew) আৰু বগা ৰাষ্ট (White rust) ৰোগ নিষ্কাষণ কৰিব পাৰি।

সাৰ প্রয়োগ:

প্রতি হেক্টৰত ২-৩ টন গোবৰ বা পচন সাৰ প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰিও প্রতি প্রতি হেক্টৰ মাটিত নাইট্ৰ'জেন, ফচফৰাচ আৰু পটাছিয়াম ক্রমে ৬০,৪০ আৰু ৮০ কিলোগ্রামকৈ বীজ সিঁচাৰ ২-৩ দিনৰ আগত প্রয়োগ কৰিব লাগে। তদুপৰি বীজ সিঁচাৰ কিছুদিন আগতে ৫-১০ কিলোগ্রাম বৰাক্স আৰু ৪-৫ কুইণ্টল চূণ প্রতি হেক্টৰত প্ৰয়োগ কৰা উচিত।

মধ্যকালীন পৰিচৰ্যা :

বীজ সিঁচাৰ ১৫-২০ দিনৰ অন্তৰালত অপতৃণ নিয়ন্ত্রণ কৰাটো প্রয়োজনীয়।

তদুপৰি বেমাৰত আক্ৰান্ত হোৱা পুলি আৰু বীজতৰীয়া সঁচৰ পুলি দেখিলে উভালি পেলাব লাগে। তদুপৰি খেতিডৰা ৫০% ফুল ফুলোতে আৰু বীজ ধৰাৰ সময়ত পানীৰ যোগান ধৰা উচিত।

টৰিয়া খেতিৰ ৰোগঃ

অল্টাৰনেৰিা ব্লাইট: এই ৰোগৰ প্ৰধান লক্ষণ হৈছে পাতত কেন্দ্রমুখী কলা

দাগ আৰু এই দাগবোৰ কেন্দ্ৰত আৰম্ভ হৈ বাহিৰলৈ ঘূৰি ঘুৰি বৃদ্ধি হৈ আঙঠিৰ দৰে হয়। পিছলৈ এই দাগবোৰ কেন্দ্ৰত আৰম্ভ হৈ বাহিৰলৈ ঘূৰি ঘূৰি বৃদ্ধি হৈ আঙঠিৰ দৰে হয়। পিছলৈ এই দাগ কাণ্ড আৰু ছেঁইলৈও বিস্তাবিত হয়। নিয়ন্ত্ৰণৰ বাবে বায়গ্রীণ নামৰ জৈৱ কীটনাশক (অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা উৎপাদিত) ঔষধেবে বীজ শোধন (৫%) + মাটি শোধন (২.৫ কিলোগ্রাম প্রতি প্রতি হেক্টৰত, ইয়াৰ বাবে ১ কিলোগ্রাম বায়গ্রীণ ৫০ কিলোগ্রাম গোবৰ বা পচন সাৰৰ লগত মিহলাই আর্দ্রতা বজাই ৭ দিন মান ৰাখি মাটিত প্রয়োগ কৰিব লাগে) + ৫% বায়গ্রীণ বীজ সিঁচাৰ ৪৫ দিনৰ পিছত স্প্রে কৰিব লাগে।

সেমেকা পছা (Wet rot) ৰোগঃ এই ৰোগৰ প্ৰতকাৰৰ বাবে আক্রান্ত গছবোৰ উঘালি খেতিডৰাৰ পৰা আঁতৰত পুৰি পেলাব লাগে। ইয়াৰ উপৰিও হেক্সাকনাজন ৫ ই চি ঔষধৰ ২ মিঃলিঃ প্রতি ১০ লিটাৰ পানীৰ হিচাবত মিহলাই স্প্রে কৰিব লাগে।

টৰিয়া খেতিৰ অপকাৰী কীট পতংগঃ

১) মোৱা পোক: ই হৈছে এবিধ অতি অনিষ্টকাৰী পতংগ। এই পোকৰ পৈণত আৰু অপৈণত উভয়েই ৰস শুহি খায়। ইয়াৰ ফলত গছৰ পাতবোৰ মেটুৰা মেটুৰ হৈ হালধীয়া পৰি যায়। মোৱা পেকে এবিধ জুলীয়া পদার্থ নিঃসৰণ কৰে য'ত পাছলৈ ছুটি ম'ল্ড (Sooty mould) নামৰ এবিধ ক'লা ভেঁকুৰে গঢ় লৈ উঠে। ইয়াৰ ফলত গছৰ বাঢ়ন কমি আহে আৰু উৎপাদন কম হয়।

২) স্বফ্লাই: এই পোকৰ পূৰ্ণাংগ

পতংগই পাতৰ তলফালে কণী পাবে। এসপ্তাহৰ ভিতৰত কণী ফুটি পলুবোৰ ওলাই আহে। পলুবোৰে পাতবোৰ কুটি কুটি খায় আৰু শেষলৈ মাত্ৰ মাজৰ শিৰাডালহে বাকী থাকেগৈ। ইয়াৰ ফলত গছবোৰত গুটি নধৰা হয়। পোক পতংগ নিয়ন্ত্রণ কৰিবলৈ ৰাসায়নিক কীটনাশক যেনে থিয়মিথ'ক্সেম (প্রতি লিটাৰ পানীত ০.৩ গ্রাম) বা অক্সিডেমেটন মিথাইল ২৫ ই চি (প্রতি হেক্টৰত ০.৫ লিটাৰ ব্যৱহাৰ কৰি স্প্রে কৰিব লাগে।

শস্য চপোৱাঃ

যেতিয়া খেতিডৰাৰ ৭৫-৮০% ছেঁই হালধীয়া হ'ব আৰম্ভ কৰে, ই চপোৱাৰ বাবে উপযুক্ত হৈ পৰে।

লগতে পঢ়ক- 

Green Gram Farming : গ্ৰীষ্মকালীন মগুমাহৰ বিজ্ঞানসন্মত কৃষি প্ৰণালী

English Summary: Toria Farming Tips, time & benefit

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.