1. এগ্ৰিপেডিয়া

Pumpkin Farming : ৰঙালাও খেতি সন্দৰ্ভত কেইটামান তথ্য

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Some Information on Pumpkin Farming
Some Information on Pumpkin Farming

লাওজাতীয় পাচলিৰ ভিতৰত ৰঙালাও এবিধ উৎকৃষ্ট পাচলি। ইয়াৰ বিশেষত্ব এয়ে যে পূৰঠ ৰঙালাও ঠাৰিৰ সৈতে চিঙি আনি বহুদিনলৈ সাঁচি ৰাখিব পাৰি। ৰঙালাওৰ উন্নত জাত যেনে- আর্কা সূর্যমুখী, আর্কা চন্দন; বৰ্ণসংকৰ জাত যেনে অর্জুনা, ভিমা, ৰাণাৰ লগতে উন্নত থলুৱা সঁচবোৰ ব্যৱহাৰ কৰি খেতি কৰিলে যথেষ্ট লাভবান হ'ব পাৰি।

বীজ ৰোপণ

ভাদ-কাতি (আগষ্ট-অক্টোবৰ) মাহত বীজ সিঁচা হয়। ভাদ মাহত বৰষুণৰ বাবে বীজ সিঁচিবলৈ অসুবিধা হ'লে বীজবোৰ পলিথিনৰ বেগত সিঁচি, ৪-৫ পতীয়া হ'লে মূল পথাৰত নিৰ্দ্ধাৰিত দূৰত্বত (৩মিটাৰ × ১ মিটাৰ) টীপ বনাই অথবা ওখ মাটিত শুকান গোবৰ, কেঁচুসাৰ আৰু নিৰ্দ্ধাৰিত পৰিমাণৰ ৰাসায়নিক সাৰ মিহলাই ৰোপণ কৰিব লাগে। ইয়াৰ বাবে বিঘাই প্রতি ৰঙালাওৰ বীজ প্রায় ৭০-৮০ গ্ৰামৰ প্রয়োজন হয়।

সাৰ প্ৰয়োগ

ৰঙালাও খেতিৰ বাবে বিঘাই প্রতি অনুমোদিত সাৰৰ পৰিমাণ হ'ল: ইউৰীয়া ২২ কিঃগ্রাঃ, একক চুপাৰ ফচফেট ৬৭ কিঃগ্রাঃ, মিউৰেট অৱ পটাছ ১৮ কিঃগ্রাঃ, গোবৰ বা পচনসাৰ ৩ কুইণ্টল। উক্ত সাৰখিনি বীজ সিঁচিবৰ বাবে সাজি থোৱা টীপবোৰত বীজ সিঁচাৰ এসপ্তাহৰ আগতে কোৰ মাৰি মাটিত মিহলাই ল'ব লাগে।

শস্য পৰিচৰ্যা

ৰঙালাওৰ ফলবোৰ ভাল আকৃতিৰ আৰু অধিক উৎপাদনৰ বাবে অতি খৰাং বতৰত মাটিত জেক ৰাখিবৰ বাবে পানী যোগানৰ ব্যৱস্থা কৰিব লাগে।

ছেপ্তেম্বৰ-অক্টোবৰ মাহত গছবোৰৰ গুৰি চিকুণাই মাটি চপাই দিব লাগে।

প্রয়োজন সাপেক্ষে গছবোৰ বগাবৰ বাবে সুবিধা কৰি দিব লাগে।

(লেখাটো ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰই প্ৰস্তুত কৰা 'উদ্যান শস্যৰ কৃষি প্ৰণালী' নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে।)

লগতে পঢ়ক- 

নেমু আৰু অন্যান্য টেঙাজাতীয় ফলৰ কৃষিপদ্ধতি, বেমাৰ-আজাৰৰ সমাধান

English Summary: Some Information on Pumpkin Farming

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.