1. এগ্ৰিপেডিয়া

শালি ধানৰ জাত নিৰ্বাচন আৰু কঠীয়াতলি প্ৰস্তুতকৰণ

KJ Staff
KJ Staff
কঠীয়াতলি প্ৰস্তুতকৰণ
কঠীয়াতলি প্ৰস্তুতকৰণ

আমাৰ ৰাজ্যখনৰ প্ৰধান খেতি হল ধান খেতি আৰু ইয়াৰ ভিতৰত অকল শালিধানেই মুঠ ধানখেতিৰ প্ৰায় ৭০ ভাগ দখল কৰি আছে । প্ৰতি বছৰে অসমত মে মাহৰ পৰা ছেপ্তম্বৰ মাহলৈকে যথেষ্ট পৰিমাণে বৰষুণ হয় আৰু ইয়াৰ ফলত অঞ্চল বিশেষে বানপানীয়ে সমস্যাৰ সৃষ্টি কৰে । গতিকে তেনেকুৱা প্ৰতিকুল পৰিবেশৰ সৈতে খাপ খোৱাই শালিধানৰ বতৰত যথোপযুক্ত ব্যৱস্থাপনাৰ জৰিয়তে শালিধানৰ আশানুৰূপ উদ্পাদন কৰিব লগীয়া হয়।

কৃষি ক্ষেত্ৰত যথেষ্ট উন্নতি লাভ কৰাৰ পৰিপেক্ষিতত কঠীয়া দুই ধৰণে উদ্পাদন কৰা হয়।এবিধ পৰম্পৰাগত মাটিত কঠীয়াতলি বনাই কঠীয়া সিঁচি কঠীয়া উদ্পাদন কৰা আৰু আনবিধ মেট নাৰ্ছাৰীত কঠীয়া উদ্পাদন। ইয়াত দুয়োবিধৰে কঠীয়া উদ্পাদন প্ৰক্ৰিয়া দাঙি ধৰা হল।

উপযুক্ত জাত নিৰ্বাচন আৰু কঠীয়া সিঁচাৰ পৰা কঠীয়াতলিৰ লব লগা যত্নই উদ্পাদনৰ ওপৰত যথেষ্ট অৰিহণা যোগায়। শালিধানৰ বতৰত কৰিব পৰা প্ৰধান জাত সমুহৰ ভিতৰত তলত উল্লেখ কৰা হল-

ক) চাপৰ জাতৰ : (১) আই আৰ ৩৬ (২)বাহাদুৰ (৩)ৰঞ্জীত (৪)পিয়লি (৫)কুশল (৬) মনীৰাম ।

খ) বৰাধানৰ জাত : (১) ভোগালী (২) আঘোণী

গ) সময়মতে শালিধানৰ পিচত ৰবি শস্যৰ বতৰত পথাৰডৰা ব্যৱহাৰ কৰিব পৰা কৈ শালিধানৰ জাত : (১) সত্যৰঞ্জন (২) বসুন্ধৰা

ঘ) জহা ধানৰ জাত  : কেতেকী জহা

ঙ) বানপানীৰ পিচত কৰিব পৰা উপযোগী জাত   :(১)মনোহৰ শালি (২)প্ৰসাদ ভোগ (৩) গবিন্দভোগ ।

চ) কমদিনীয়া সিঁচা অথবা ৰোৱা পদ্ধতিত কৰিব পৰা জাত : (১) লুইত (২) কপিলি (৩) দিচাং

ছ)বন্যাক্ৰান্ত অঞ্চল তথা খৰাং সদৃশ পৰিস্থিতিৰ বাবে : (১)প্ৰফুল্ল আৰু (২)গীতেশ যথাক্ৰমে ৩০-৭৫ দিনীয়া আৰু ৩০-৬০ দিনীয়া কঠীয়া ৰুব পৰা জাত।

জ) বন্যাক্ৰান্ত অঞ্চলৰ বাবে উপযোগী প্ৰায় ১৫-১৮ দিন পৰ্যন্ত পানীৰ তলত ডুব সহ্য কৰিব পৰা উন্নত জাত : (১) জলশ্ৰী (২) জলকুঁৱৰী ।

ঝ) বিভিন্ন পৰিস্থিত কৰিব পৰা নতুন জাত সমূহ:

(১) (ক) শ্ৰাৱণী, (খ)নুমলী

(২) ৫০ ছেমি লৈকে পানী জমা হৈ থকা অঞ্চলৰ বাবে (মূলাগাভৰু গোটেই কেইটা জোনৰ বাবে আৰু বাকী কেইটা UBVZ, NBVZ, LBVZ আৰু BVZ জোনৰ বাবে) –(ক) মূলাগাভৰু (খ)চক্ৰ লাহী (গ)দিফালু (ঘ) ধনশীৰী (ঙ)মানস ।

(৩) ১০ ৰ পৰা ১২ দিন লৈকে পানীৰ তলত ডুব সহ্য কৰিব পৰা জাত সমূহ- (ক)স্বৰ্ণছাব-১ (খ)ৰঞ্জীত ছাব-১ (গ)বাহাদুৰ ছাব-১ (ঘ)বিনা-১১ ।

(ঞ) বৰ্ণ সংকৰ জাত সমূহৰ : (UBVZ, NBVZ, LBVZ –এই জোন কেইটাৰ বাবে)

 (১) এন কে ৫২৫১ (২)ছিআৰএইচআৰ ৫ (৩)ইউএছ ৩১২

  (৪)পি এ ৬৪৪৪ গোল্ড ।

নিৰ্দিষ্ট এডৰা মাটিৰ বাবে বতৰ জলবায়ু আৰু পৰিবেশৰ ওপৰত ভিত্তি কৰি উপযুক্ত জাত নিৰ্বাচন কৰিব লাগে ।

জাত নিৰ্বানৰ পিচত ধানৰ বীজখিনি পৰিস্কাৰ পানীত দি ঘুটি দিব লাগে । এইদৰে পানীৰ ওপৰত ভাঁহি থকা বীজখিনিক আতৰাই পানীত ডুব যোৱা বীজখিনি নিৰ্বাচন কৰিব লাগে ।

বীজ শোধন : নিৰ্বাচিত বীজখিনি তলৰ যিকোনো এবিধ ভেঁকুৰ নাশকত ২৪ ঘন্টা ডুবাই ৰাখিব লাগে –

(১) মেনকোজেব প্ৰতি কেজি বীজৰ কাৰণে ২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই

(২) কেপ্টান প্ৰতি কেজি বীজৰ কাৰণে ২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই

(৩) কাৰ্বেণ্ডেজিম প্ৰতি কেজি বীজৰ কাৰণে ২.০ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই ।

এনেদৰে শোধন কৰা বীজ খিনি ৪৮ ঘন্টা গজালি মেলিব পৰা অৱস্থাত ৰাখিব লাগে ।

সাধাৰণভাবে কঠীয়াতলি প্ৰস্ত্তত কৰণ আৰু কঠীয়তলিত নিব লগা সুৰক্ষা ব্যৱস্তাপনা :

(ক) কঠীয়াতলি প্ৰস্ত্ততি  : পানী জমা হৈ নথকা অথবা জমা হোৱা পানী সহজতে ওলাই যাব পৰা ব্যৱস্থা থকা ৰদ পৰা মাটি নিৰ্বাচন কৰা মাটি ভালদৰে হালবাই চহাই লৈ সমান কৰি লোৱাৰ পিছত ১০ মিটাৰ দৈৰ্ঘ্য আৰু ১.২৫ মিটাৰ প্ৰস্থৰ আৰু ১০ ছেমি উচ্চতাৰ জোখেৰে কঠীয়াতলি বনাই লব লাগে । এখন কঠীয়াতলিৰ পৰা আনখন কঠীয়তলিৰ মাজৰ ব্যৱধান ৩০ ছেমি কৈ ৰাখিব লাগে ।

(খ) কঠীয়তলিত সাৰ প্ৰয়োগ : প্ৰতিটো কঠীয়াতলিতেই মাটিত ভালকৰি মিহলি কৰি দিব লাগে -

(১) গোবৰ বা পচন সাৰ – ২০-৩০ কেজি ।

(২) ইউৰিয়া – ৮০ গ্ৰাম

(৩) এছএছপি – ৮০ গ্ৰাম

(৪) এম ও পি – ৪০ গ্ৰাম ।

 (গ) বীজৰ পৰিমাণ : ভালকৈ গজালি মেলা প্ৰতিটো বীজতলিৰ বাবে

৬৫০ গ্ৰামৰ পৰা ১ কেজি সিঁচিব লাগে ।

(ঘ)পানীৰ ব্যৱস্থা কৰণ : কঠীয়া তলিবোৰৰ মাজত থকা ৩০ ছেমি ব্যৱধানবোৰত ১০ ছেমি ওপৰলৈকে জলসিঞ্চন কৰি কঠীয়া তলিখন সম্পূৰ্ণভাবে সিক্ত অৱস্থাত ৰাখিব লাগে। অৱশ্যে কঠীয়া তোলাৰ ২-৩ দিন আগলৈকে ২-৩ ছেমি দ লৈকে পানী জমা অৱস্থাত ৰাখিব লাগে ।

(ঙ) বীজতলিত শস্যৰক্ষা :  

(১) ব্লাষ্ট ৰোগ : কঠীয়াৰ পাতত এটা বা দুটা ব্লাষ্ট ৰোগৰ দাগ দেখা মাত্ৰই কাৰ্বেণ্ডেজিম (উদাহৰণ স্বৰুপে বেভিষ্টিন) ১ গ্ৰাম অথবা ট্ৰাইছাইক্লাজোল ০.৫ গ্ৰাম প্ৰতিলিটাৰ পানীত স্প্ৰে কৰি দিব লাগে ।

(২) ৰুট নট নেমাটোড : কাৰ্বফুৰান ৩ জি ৩ গ্ৰাম প্ৰতি বৰ্গ মিটাৰত অথবা ছিউডোমোনাছ ফ্লুওৰেছেন্স ২০ গ্ৰাম প্ৰতি বৰ্গ মিটাৰত বীজ সিঁচাৰ সময়ত মাটিত প্ৰয়োগ কৰিব লাগে ।

(৩)থ্ৰীপ্চ পোক : কেতিয়াবা কঠীয়াৰ আগবোৰ শুকাই ৰঙা পৰা পৰিলক্ষিত হয়। তেনে অৱস্থাত হাতৰ তলুৱাত পানী সানি হাতখন কঠীয়াৰ ওপৰত চলাই দিলে কিছুমান ওকণিৰ দৰে সৰু পোক দেখা পোৱা যায় আৰু পানী শুকুৱাৰ লগে লগে তলুৱাৰ পৰা উৰি গুছি যায় । এই পোক বোৰকে থ্ৰীপ্চ বুলি কোৱা হয় ।

 থ্ৰীপ্চ তথা কঠীয়াৰ অন্যান্য পোক নিবাৰণৰ বাবে ক্লোৰপাইৰিফচ ২০ ইছি ২ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে ।

(৪) কঠীয়া তোলাৰ ৫-৭ দিন আগত কাৰ্বফুৰান ৩ জি ৩ গ্ৰাম প্ৰতি বৰ্গমিটাৰ হিচাবত কঠীয়া তলিখনত ছটিয়াই দিলে কঠীয়া ৰোৱাৰ কিছুদিন পিছলৈকে শস্য পোকৰ পৰা নিৰাপদে থাকে ।

কঠীয়া তোলাৰ ২৪ ঘন্টাৰ ভিতৰত ৰোৱাৰ ব্যৱস্থা কৰিলেহে সোনকালে প্ৰতিষ্ঠা লাভ কৰে ।

কৃষি যান্ত্ৰিকীকৰণৰ লগে লগে কৃষি ক্ষেত্ৰখনত কৃষি কৌশলৰো বহুত উন্নতি সাধন ঘটিছে । কঠীয়া ৰুৱা যন্ত্ৰ (ৰাইছ ট্ৰান্সপ্লান্টাৰ) উলিওৱাৰ লগে লগে ইয়াৰ ব্যৱহাৰৰ উপযোগীকৈ কঠীয়া তলিখনো উন্নত ধৰণৰ মেট নাৰ্চাৰী পদ্ধতিত প্ৰস্তুত কৰিবলগীয়া হয় । গতিকে স্বয়ংচালীত ৰাইচ ট্ৰান্সপ্লান্টাৰ বা হস্তচালীত ট্ৰান্সপ্লান্টাৰ যন্ত্ৰৰ সফলতা নিৰ্ভৰ কৰে উন্নত গুণৰ কঠীয়াৰ ওপৰত।

কঠিটা সিঁচা প্ৰক্ৰিয়া
কঠিটা সিঁচা প্ৰক্ৰিয়া

এই উদ্দেশ্য আগত ৰাখি তলত উল্লেখ কৰা ধৰণে মেট নাৰ্চাৰী প্ৰস্তুত কৰিব লাগে।

(ক) প্ৰয়োজনীয় সামগ্ৰী : (১)পলিথিন সীট, (২)কাঠৰ বা লোৰ ফ্ৰেইম, (৩)ভালকৈ গুৰি কৰা আৰু চালনি মাৰি লোৱা মাটি, (৪)পচন সাৰ (৫)শোধন কৰা আৰু গজালি মেলা ধানৰ বীজ।

(খ) বীজ প্ৰস্তুতকৰণ : অনুমোদন অনুসৰি শোধন কৰা বীজখিনি মৰাপাটৰ বস্তাত ভৰাই লৈ এৰাতি পানীত ডুবাই ৰাখিব লাগে। তাৰ পিচত পানীৰ পৰা বস্তাবোৰ উলিয়াই আনি মুক্ত বায়ু চলাচল কৰিব পৰা ঠাইত গজালিৰ দৈৰ্ঘ ১-২ মিমি হোৱাকৈ ৰাখিব লাগে। গজালিমেলা বীজখিনি ধুনীয়াকৈ এটাৰ পৰা আনটো এৰাই ৰাখিব লাগে যাতে মেটত সমানভাবে সিঁচিব পৰা যায়।

(গ) কঠীয়া পাৰিব পৰা মাটিডৰাৰ আকাৰ : কঠীয়াতলিৰ কাৰণে ঘাঁহবন নোহোৱা সমান মাটি এডৰা বাচি লৈ ১৬ মিটাৰ দৈৰ্ঘ্য আৰু ১ মিটাৰ প্ৰস্থৰ তিনিখন বীজতলি বনাই লব লাগে। অৱশ্যে কঠীয়াৰ প্ৰয়োজনীয় পৰিমানৰ ওপৰত নিৰ্ভৰ কৰি মাটি এডৰাৰ আকাৰৰ দৈৰ্ঘ্য কম বেছি হব পাৰে।

(ঘ) ফ্ৰেইম : সমমানৰ মেটৰ আকাৰৰ বাবে আতৰাই নিব পৰা ফ্ৰেইম ব্যৱহাৰ কৰা হয়। ঠিক মেচিনৰ ট্ৰেৰ আকাৰৰ লগত মিলাই সমান আকাৰৰ মেট ফ্ৰেইম হব লাগে। আৰু ফ্ৰেইমৰ চাৰিওফালে ২.৫ ছেমি X ০.৩ ছেমি কাঠৰ বা স্টীলৰ বাৰ ব্যৱহাৰ কৰিব লাগে।

(ঙ)মাটি আৰু গোবৰৰ সংমিশ্ৰণ তৈয়াৰী : ব্যৱহাৰ কৰিবলগীয়া মাটিখিনি ৪-৫ মিমি তকৈ সৰু সৰু কৈ ভাঙি পচন বা গোবৰ সাৰৰ ২ : ১ অনুপাতত সংমিশ্ৰণ কৰি লব লাগে।এই মিশ্ৰণ টো সৰু পাথৰ বা বাহিৰা পদাৰ্থৰ পৰা মুক্ত হব লাগে।

(চ)কঠীয়াতলি প্ৰস্তুতকৰণ : নিৰ্বাচিত মাটি ডৰা ১৩০ ছেমি X ১৬৫০ ছেমি আকাৰৰ পলিথিন সীথ পাতি দিব লাগিব। তাৰ পিচত পলিথিন সীটৰ ওপৰত ফ্ৰেইমবোৰ বহলে ১০০ ছেমি হোৱাকৈ পাতিব লাগে।ইয়াৰ পিচত গুৰি কৰা নিৰ্দিষ্ট অনুপাতত মিহলোৱা মাটি আৰু পচন সাৰৰ মিশ্ৰণ খিনি পলিথিনৰ ওপৰত পাতি লোৱা ফ্ৰেইমবোৰত এনেকৈ ভৰ্তি কৰিব লাগে যাতে তলিখনৰ আকাৰ ১০০ ছেমি X ১৬০০ ছেমি  X ১.৫ ছেমি হয়। মাটি-পচন সাৰৰ মিশ্ৰণখিনি সমান আৰু নিছিদ্ৰ কৰিবলৈ কাঠৰ মাৰি দণ্ড এডাল ব্যৱহাৰ কৰিব পাৰি ।

(ছ) গজালি মেলা বীজ সিঁচা কাৰ্য্য : ১ কেজি গজালি মেলা বীজ প্ৰতি বৰ্গ মিটাৰ হিচাবত মাটি-পচন সাৰৰ তলিখনত সিঁচিব লাগে। বীজ সিঁচাৰ পিচত স্প্ৰিংক্লাৰ পদ্ধতিৰ দ্বাৰা পানী দিব লাগে।

(জ) বীজ সিঁচাৰ পিচত পাতল মৰাপাটৰ বস্তা বা ধানৰ নৰাৰে ঢাকি ৰাখি তাত ৪ দিন লৈ পানীৰ স্প্ৰিংক্লাৰ কৰিব লাগে। ৪ দিনৰ মূৰত ঢাকি ৰখা বস্তা বা নৰা আতৰাই পেলাব লাগে। কিন্তু এসপ্তাহ ধৰি স্প্ৰিংক্লাৰ পানী দি থাকিব লাগে। এসপ্তাহ পিচত কঠীয়া যেতিয়া অলপ ওখ হয় ফ্লাডিং পদ্ধতিত কঠীয়াৰ উচ্চতাৰ আধা অংশলৈ পানীৰ যোগান ধৰিব লাগে।

(ঝ) কঠীয়া যেতিয়া ১৫ ছেমি ওখ হয় তথা ৩-৪ পতীয়া হয় তেতিয়া মূল পথাৰত ৰুৱাৰ বাবে উপযুক্ত হয়। আৰু ট্ৰান্সপ্লান্টাৰত ব্যৱহাৰৰ উপযোগীকৈ টুকুৰাকৈ কাটি নি ট্ৰান্সপ্লান্টৰ মেচিনৰ দ্বাৰা মূল পথাৰ তৈয়াৰ কৰি মূল পথাৰত ৰুৱা হয়।

এইদৰে কঠীয়া উদ্পাদন কৰি মূল পথাৰত হাতেৰে ৰুলে বা হস্তচালিত ট্ৰান্সপ্লান্টাৰৰ অথবা স্বয়ংক্ৰিয় ট্ৰান্সপ্লান্টাৰৰ সহায়ত ৰোৱা কাৰ্য্য সম্পূৰ্ণ কৰিলে আশানুৰুপ উদ্পাদন লাভ কৰিব পৰা যায়।

শ্ৰী নিৰ্ম্মল চন্দ্ৰ ঘোষ

মহকুমা কৃষি বিষয়া, ধুবুৰী।

English Summary: Shali rice varieties and preparation of kathiatali Process

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.