1. এগ্ৰিপেডিয়া

Regenerative Agriculture System : কৃষিৰ উজ্জীবিত কৰণ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Regenerative Agriculture System
Regenerative Agriculture System

কৃষি জগত খনৰ ক্ষেত্ৰত বিস্তৃতভাবে বিজ্ঞান ভিত্তিক উৎপাদনৰ অত্যাধুনিক কৃষি প্ৰযুক্তি কৌশল, কৃষি যান্ত্ৰিকীকৰণৰ প্ৰসাৰতা, আৰু বানিজ্যিক ক্ষেত্ৰত কৃষিজাত উৎপাদিত সামগ্ৰী সমূহৰ চাহিদা তথা প্ৰয়োজনীয়তাই কৃষকৰ আত্মবিশ্বাস গঢ়ি উঠাৰ সমানুপাতিক ভাবে উৎপাদন বৃদ্ধি কৰি আৰ্থসামাজিক জীৱন যাত্ৰাৰ সূচল পথ অনুগামী হোৱাত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে । উৎপাদন বৃদ্ধি কৰিবলৈ যাওঁতে উন্নত তথা সংকৰ জাতৰ বীজ, ৰাসায়নিক সাৰ, ৰাসায়নিক ভাবে কীট-পতঙ্গ তথা শস্যৰ ৰোগ নিয়ন্ত্ৰণ, অপতৃণ নিয়ন্ত্ৰণ ইত্যাদিৰ প্ৰয়োগ কৰিবলগা হৈছে । এইখিনিতে মন কৰিবলগীয়া কিছুমান দৃষ্টান্ত পৰিলক্ষিত হৈছে যেনে অনিয়মিত ভাবে ৰাসায়নিক সাৰৰ ব্যৱহাৰে মাটিৰ গঠন তথা সাৰুৱা গুণ বিনষ্ট কৰে ফলত মাটিৰ উৰ্বৰা শক্তি লাহে লাহে হ্ৰাস পায় সমান্তৰালকৈ শস্যৰ উৎপাদনো কমি যায় । ঠিক তেনেকৈ অনিয়মিত ভাবে শস্যৰ কীট-পতঙ্গ, ৰোগ তথা অপতৃণ নাশক হিচাবে ৰাসায়নিক ঔষধ ব্যৱহাৰৰ ফলত এই ৰাসায়নিক ঔষধবোৰৰ অৱশিষ্ট অংশ গছৰ ডাল, পাত, ফল তথা মূলত ৰৈ যায় । আৰু যেতিয়া আমি এইদৰে ৰাসায়নিক দ্ৰ্ৱ্য প্ৰয়োগ কৰা গছৰ ডাল, পাত, ফল ও মূল খাদ্যত খাওঁ , তেতিয়া এইবোৰৰ অৱশিষ্ট বিশাক্ত গুণে আমাৰ দেহত লাহে লাহে বেয়া ধৰণে প্ৰভাৱ পেলায় আৰু আমি বেমাৰত ভূগিবলগা হয় । কেতিয়াবা কেঞ্চাৰৰ নিচিনা কঠিন ৰোগৰো আক্ৰমণৰ কাৰণ হয় ।

গতিকে মাটিৰ হ্ৰাস প্ৰাপ্ত উৰ্বৰা শক্তি বৃদ্ধিকৰণ আৰু জনগণৰ সুস্বাস্থ্য অটুট ৰখাৰ প্ৰতি লক্ষ্য ৰাখি কৃষিৰ উজ্জীবিত কৰণ কৃষি পদ্ধতি ৰ ব্যৱস্থাপনা গ্ৰহণ কৰি শস্যৰ উৎপাদন বৃদ্ধিৰ কৌশল অৱলম্বণ কৰাটো একান্ত বাঞ্চনীয় ।

    কৃষিৰ উৎপাদনশীলতাৰ ধাৰাবাহিক উন্নতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সম্মূখিন হৈ থকা পৰিলক্ষিত হৈ আছে । সেইবোৰৰ ভিতৰত বিশেষকৈ হল –

(১) কৃষি ভূমি ক্ষয় আৰু জলবায়ু বা বতৰৰ তাৰতম্যতাৰ ফল স্বৰূপে উৎপাদনশীলতা কমি অহা ।

(২) কৃষিজাত সামগ্ৰী উৎপাদকৰ সংখ্যা কমি অহা ।

(৩) অনিয়মিত ভাবে কৃষকৰ কৃষি ঋণ বহণ কৰা ।

(৪) জনসংখ্যা বৃদ্ধিৰ অনুপাতে খাদ্য সামগ্ৰীৰ প্ৰয়োজনীয়তা বৃদ্ধি হোৱা ।

উজ্জীবিত কৰণ বা পুনৰ সৃষ্টি কৰণ  :

 কৃষি ভূমি ও শস্য ক্ষেত্ৰ খনৰ উজ্জীবিত কৰণ কৃষি পদ্ধতি ব্যক্তি বিশেষৰ চিন্তা-চৰ্চা অথবা মানুহ এজনৰ স্বাভাবিক চিন্তা পদ্ধতি (Regenerative Agriculture is a mindset ) I

              কৃষিৰ উজ্জীবিত কৰণ পদ্ধতিয়ে কোনো নিৰ্দিষ্ট ধৰণৰ কৃষি কাৰ্যক নুবুজায়, ই হ’ল কৃষিৰ উজ্জীবিত কৰণ আৰু কৃষি পদ্ধতিৰ ব্যৱস্থাপনা অৱলম্বনকাৰী প্ৰচেষ্টা যিটো কোনো এটা নিৰ্দিষ্ট কাৰ্যসূচী ৰূপায়ণৰ কাৰণে সঠিক হয় ।

    গতিকে সচেতন কৃষকৰ  তথা কৃষি দৰ্ষণৰ উদ্ভাৱকমূলক চিন্তাধাৰাৰ ওপৰত ভিত্তি কৰি উপৰোক্ত জলন্ত সমস্যাৰ পৰা হাত সাৰিবলৈ কৃষিৰ উজ্জীবিত কৰণ পদ্ধতিয়েই হ’ল পুনৰুদ্ধাৰৰ উত্তম উপায় ।

    কৃষিৰ উজ্জীবিত কৰণ হ’ল ব্যৱস্থাপনাৰ সুসংগত দৃষ্টিভঙ্গী যাৰ দ্বাৰা সুকলমে মাটিৰ স্বাস্থ্য তথা গুণগুণৰ উন্নতি সাধনৰ সূগম উপায়ৰ পথ অনুগমণ কৰিব পৰা যায় ।

    গতিকে একেষাৰে কবলৈ গলে পাৰিপাৰ্ষিক পৰিস্থিতিৰ ওপৰত সমন্নয় ৰক্ষা কৰি কৃষিৰ উজ্জীবিত কৰণ পদ্ধতিয়ে অনু্ৰ্ৱৰ বা প্ৰকৃত উৎপাদনৰ বাবে অনোপযুক্ত হৈ পৰা মাটিৰ কিছু পদ্ধতিৰ দ্বাৰা পুনৰ উজ্জীবিত কৰণ ।

কৃষকৰ উৎপাদন তথা মাটিৰ পুনৰ উজ্জীবিত কৰণৰ পদ্ধতিবোৰ

(ক) পৰিৱেশৰ তথা মাটিৰ পকৃতিৰ ওপৰত নিৰ্ভৰ কৰি খাপ খোৱাই লব পৰাকৈ চৰনীয়া পথাৰ (Adaptive Grazing) হিচাবে ব্যৱহাৰ কৰা ।

(খ) বিনাচহাই (No Tillage) পদ্ধতি অবলম্বন কৰি শস্য উৎপাদনৰ ব্যৱস্থাকৰণ।

(গ) সুষম হাৰত কীটনাশক দৰৱ তথা ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ব্যৱস্থাপনা ।

(ঘ) প্ৰকৃতিৰ লগত খাপ খোৱাই লোপ পোৱা মাটিৰ গুণাগুণৰ পুনৰুদ্ধাৰ কৰি কৃষিৰ বাবে বৰ্তমানত কৈ বেছি সুস্বাস্থ্যকৰ কৃষিভূমি হিচাবে পৰিনিত কৰণ ।

 

   কৃষি ভূমিৰ উজ্জীবিত কৰিবলৈ কোনো ধৰণৰ বিশেষ পদ্ধতি নাই কিন্তু পৰিৱেশ আৰু মাটিৰ উপযুক্ততাক ভিত্তি কৰি ওপৰত উল্লেখিত কৃষি ব্যৱস্থাপনাসমূহ অবলম্বন কৰি কৃষিভূমিৰ উন্নতি আৰু উৎপাদন বৃদ্ধি কৰিব পাৰি। এই উজ্জীবিত কৰণ ব্যক্তি বিশেষৰ চিন্তা-চৰ্চাই সামৰি লোৱা পদ্ধতি সমূহৰ প্ৰয়োগ কৰি কৃষিভূমি তথা উৎপাদনৰ মানদণ্ডৰ উন্নতি সাধনৰ সুগম পথ। 

   উজ্জীবিত কৰণ কৃষি পদ্ধতিত পৰোক্ষভাবে অৰিহণা যুগুৱা তলৰ বিষয় বস্তুবোৰ কিন্তু এইবোৰৰ ওপৰত নিৰ্ভৰ নকৰে ঃ-

   (ক) কৃষি বানিজ্যিক কৰণত : ক্ৰয়-বিক্ৰয় পদ্ধতি নিৰ্ভৰ কৰে উৎপাদক কৃষকে উৎপাদন কৰা কৃষি সমগ্ৰী সমূহৰ গুণাগুণৰ মানদণ্ডৰ ওপৰত । এই ক্ষেত্ৰত মূল্য আৰু গুণাগুণ দুয়োটাই বজাৰ তথা ক্ৰেতাৰ চাহিদা বজাই ৰাখে । গতিকে উজ্জীবিত কৰণ কৃষি পদ্ধতিবোৰে উল্লেখযোগ্য ভূমিকা পালন কৰে ।

   (খ) উজ্জীবিত কৰণ কৃষি পদ্ধতিবোৰ নতুন নহয় : শতিকাৰ পিছত শতিকাধৰি মানুহে কৃষি ক্ষেত্ৰত কৃষিভূমিৰ উন্নতি আৰু উৎপাদন বৃদ্ধিৰ পদ্ধতিবোৰ ব্যৱহাৰ কৰি আহিছে । প্ৰকৃতিয়ে আমাক কৃষি জগত খনৰ ভিত্তি হিচাবে বায়ু, মাটি , পানী আৰু সূৰ্য্যৰ ৰদৰ যোগান ধৰি আহিছে যিবোৰ গছ-গছনি আৰু তৃণৰ শালোকসংশ্লেষণ ক্ৰিয়া হয় য’ত খাদ্য প্ৰস্তুত কৰা হয় তথা গছৰ বৃদ্ধিৰ কাৰণে অপৰিহাৰ্য্য হয় ।   

(গ) উজ্জীবিত কৰণ কৃষি পদ্ধতিবোৰ প্ৰয়োগৰ বিধান দিয়া কাৰ্য্য নহয় । দৰাচালতে প্ৰকৃতি বৰ জটীল আৰু পৰিবৰ্তনশীল, সেয়ে প্ৰয়োগ পদ্ধতিবোৰ সময় সাপেক্ষে প্ৰয়োজনীয়তাৰ অভাৱ পূৰণ কৰে ।

লগতে পঢ়ক- 

Green fertilisers : সেউজসাৰ কি! আপোনালোকে কেনেকৈ প্ৰস্তুত কৰিব সেউজ সাৰ

উজ্জীবিত কৰণ কৃষি পদ্ধতিবোৰৰ উপকাৰীতা সমূহ ঃ-

               উজ্জীবিত কৰণ কৃষি পদ্ধতিয়ে কেবল আগৰ অৱস্থিতি ধাৰণ কৰি ৰখাই নহয় ইয়ে  মাটি স্বাস্থ্য আৰু গুণাগুণৰ উন্নতি সাধন কৰে ঃ

(১) ইয়ে মাটিৰ জৈৱ পদাৰ্থৰ উদ্ভাৱণ তথা জৈৱ বৈচিত্ৰ বজাই ৰাখে –

   মাটিত জৈৱ পদাৰ্থৰ পৰিমাণ বৃদ্ধিয়ে এটি প্ৰধান উল্লেখনীয় উপকাৰীতা । এই জৈৱ পদাৰ্থবোৰ হল জাৱৰ-জোথৰ, জীৱ-জন্তু আৰু গছ-গছনিৰ অৱশিষ্ট অংশবোৰৰ মাটিত বিয়োজন ঘটাই বা পচন ক্ৰীয়া হৈ মাটিত জৈৱ পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰে । আৰু মাটিৰ উৰ্বৰা শক্তিৰ বৃদ্ধিৰ লগে লগে কৃষকৰ কাৰণে বননি, শস্য আৰু পশুপালন এক উল্লেখযোগ্য আয়ৰ ভূমিকা পালন কৰে ।

    জৈৱ-বৈচিত্ৰতাই জৈৱ পদাৰ্থৰ যোগানত অৰিহণা যোগায় তাৰোপৰি স্থল তথা অনুজীৱৰ হৈতে বিভিন্ন গছ-গছনি আৰু জীৱ-জন্তুয়ে সুস্থিৰ পাৰিপাৰ্শিকতাৰ বিভিন্ন দিশত আৰু  প্ৰয়োজনীয় বিষয় বস্তুৰ ওপৰত উল্লেখযোগ্য ভূমিকা পালন কৰে ।

২) উজ্জীবিত কৰণ কৃষি  পদ্ধতিয়ে ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰৰ পৰিমাণ কমাই দিয়ে ফলস্বৰূপে পৰিবেশ প্ৰদূষণো কিছু হ্ৰাস কৰি দি এটি স্বাস্থ্যকৰ পৰিবেশৰ ফালে আগবাঢ়াই লৈ যায় ।

৩) উজ্জীবিত কৰণ কৃষি  পদ্ধতিয়ে খৰাং আৰু বানপিৰিত অঞ্চলৰ মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰি দিয়ে তথা উৎপাদনো আশানুৰুপ ভাবে বৃদ্ধি প্ৰাপ্ত হয় । এই পদ্ধতিৰ ফল স্বৰুপে পানী ধাৰণ ক্ষমতা বৃদ্ধি পোৱাৰ কাৰণে পানী কমকৈ বৈ যায় লগতে ভূমি স্খলনো কমকৈ ঘটে । আৰু খৰাং বতৰত উদ্ভিদে বেছিকৈ পানী গ্ৰহণ কৰিব পৰা অবস্থা হয় ।

উজ্জীবিত কৰণ কৃষিৰ পদ্ধতিসমূহৰ ব্যৱস্থাপনা ঃ

(1)

নো টিল ফাৰ্মিং (No Till Farming)

 

(2)

জৈৱিক কৃষি

(Organic Farming)

 

(3)

কভাৰ ক্ৰপ

 (Cover Crop)

(4)

শস্যাবৰ্তন

(Crop Rotation)

(5)

এগ্ৰোফৰেস্ট্ৰি (Agroforestry)

(6)

সুসংগত ভাবে কৃষি কাৰ্য্য

(Integrated Farming System)

(7)

বহু বছৰ ধৰি জীৱাই থকা ফল-মূলৰ গছ, নাৰিকল-তামোলৰ গছ আদিৰ খেতি

( Plantation Tree )

উজ্জীবিত কৰণ কৃষি ব্যৱস্থাপনা

(১) নো টিল ফাৰ্মিং (No Till Farming) ঃ এই পদ্ধতিত চহাই মাটি প্ৰস্তুত নকৰাকৈ খেতি কৰিব পৰা এবিধ উল্লেখযোগ্য কাৰ্য য’ত কৃষকে হাতেৰে ছটিয়াই বীজ সিঁচে কিম্বা বীজ সিঁচা যন্ত্ৰৰে বীজ সিঁচা হয় । এনেকি মাটি প্ৰস্তুত নকৰাকৈ কঠিয়া বা গছপুলি ৰুই খেতি কৰা হয় । ফলত মাটিক কোনো ধৰণৰ  লৰচৰ নকৰাকৈ মাটি ডৰাক আৱৰি ৰাখিব পৰা ধৰণৰ শস্যৰ খেতি (কভাৰ ক্ৰপ) কৰা হয় আৰু সেই অনুপাতে সাৰ তথা ৰোগ আৰু কীটনাশক ব্যৱহাৰ কৰা হয় ।

(২) জৈৱিক কৃষি  (Organic Farming) ঃ এই পদ্ধতিত কোনো ধৰণৰ ৰাসায়নিক সাৰ তথা ৰোগ আৰু কীটনাশক ব্যৱহাৰ কৰা নহয়। বহণশীল কৃষি পদ্ধতিৰ জৰিয়তে জীৱিত পদাৰ্থৰ পৰা প্ৰস্তুত কৰা ৰোগ আৰু কীটনাশক যেনে বায়োপেস্টিছাইড (বিউভেৰিয়া বেছিয়ানা, ছিউডোমোনাছ ফ্লুৰোছেন্স) তথা সাৰ যেনে বায়োফাৰ্টিলাইজাৰ (ৰাইজোবিয়াম কাল্চাৰ, এজোস্পিৰিলিয়াম, এজোটোবেক্টাৰ, পিএইচবি), জৈৱসাৰ (পচন সাৰ, গোৱৰ সাৰ, কেঁচু সাৰ, গছ-গছনিৰ অৱশিষ্ট অংশ , সেউজ সাৰ) ইত্যাদিৰ ব্যৱহাৰে আৱশ্যকীয় উদ্ভিদ মৌলবোৰ মাটিৰ তললৈ গৈ ভূগৰ্ভৰ পানীৰ লগত মিহলি হোৱা কাৰ্যক প্ৰচুৰ পৰিমাণে হ্ৰাস কৰে ।

(৩) কভাৰ ক্ৰপ (Cover Crop) ঃ কভাৰ শস্যবোৰ অকল সিঁচা বা ৰূৱা হয় মাটিক আৱৰি অথবা ঢাকি ৰখাৰ কাৰণে । কিন্তু বেছিভাগ ক্ষেত্ৰত শস্য চপোৱা নহয় । আৰু সাধাৰণতে যিবোৰ মাটিত বানিজ্যিক ভাবে শস্য উৎপাদনৰ বাবে খেতি কৰা নহয় । কভাৰ শস্য হিচাবে ৰাই, ঢেমছি, ভেটিভাৰ গ্ৰাছ, ওটছ, ধইঞ্চা ইত্যাদিৰ খেতি কৰি মাটিৰ গঠন, মাটিৰ পানী ধাৰণ ক্ষমতা আদি বঢ়োৱাৰ লগতে মাটিৰ উৰ্বৰা শক্তিও যথেষ্ট পৰিমাণে বৃদ্ধিপ্ৰাপ্ত হয় । তলত প্ৰদৰ্শণী মূলক ভেটিভাৰ গ্ৰাছৰ খেতিৰ ফটো দাঙি ধৰা হ’ল ।

ভেটিভাৰ গ্ৰাছ

(৪)শস্যাবৰ্তন (Crop Rotation) ঃ এটি সঠিক ধৰণেৰে শস্যাবৰ্তন অৱলম্বন কৰিলে, উল্লেখনীয় ভাবে একে ধৰণৰ পোষক মৌলবোৰ প্ৰয়োজনীয়তা পূৰ কৰিব কিয়নো শিপাৰ গঠনবোৰ শস্যানুসৰি বিভিন্ন হোৱাৰ বাবে এবাৰ শস্যকালত ব্যৱহাৰ নোহোৱা পোষক মৌলসমূহ পিচৰ বাৰ ভিন্ন জাত আৰু শিপাৰ গঠনৰ শস্যবোৰে গ্ৰহণ কৰিব পাৰে, কীট-পতঙ্গ, ৰোগ আৰু অপতৃণৰ আক্ৰমণ হ্ৰাস কৰিব, আৰু মাটিৰ গঠণৰ উন্নতিসাধন ঘটিব ।

(৫) এগ্ৰোফৰেস্ট্ৰি (Agroforestry) ঃ শস্যভূমিত বা কৃষি ক্ষেত্ৰখনত গছ-গছনিৰ অন্তৰ্ভূক্তি কৰণেই গছৰ শিপাবোৰ মাটিৰ তললৈ যায় আৰু কাৰ্বন নিসৃত কৰি মাটিৰ গুণাগুণ বৃদ্ধি কৰে । বহনশীল কৃষি পদ্ধতি, তথা সৰু জোপোহা গছ আৰু ডাঙৰ গছৰ লেণ্ডস্কেপ আদিত অন্তৰ্ভূক্তিয়ে নান্দনিক দৃশ্য সৃষ্টি কৰাৰ উপৰিও পৰিবেশিক, আৰ্থিক তথা সামাজিক মূল্যবোধৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায় ।

(৬) সুসংগত ভাবে কৃষি কাৰ্য্যৰ (Integrated Farming System) সৈতে গৰু ছাগলী, হাঁহ, চৰাই আদিৰ পালন কৰিলে, গোৱৰ-মূত্ৰ আদি খেতিত ব্যৱহাৰ কৰিব পৰা হয় ফলত ৰাসায়নিক সাৰৰ প্ৰয়োগৰ পৰিমান বহুত পৰিমানে হ্ৰাস হয়। তাৰোপৰি কৃষকে উৎপাদন কৰা মাকৈ, দাইল এনেকি সৰিয়হৰ খলিৱৈ, আৰু পথাৰত থকা ঘাঁহ-বন আদি পশু খাদ্য হিচাবত ব্যৱহাৰ কৰি অৰ্থনৈতিক ভাবে উন্নতি লাভ কৰিব পাৰে । লগতে খেতিৰ অনু-উপযোগী মাটি চৰনীয়া পথাৰ হিচাবে ব্যৱহাৰ কৰি কাল-ক্ৰমত সাৰুৱা মাটিলৈ ৰূপান্তৰ কৰি খেতি মাটিৰ বাবে উপযোগী কৰাৰ পথো সুফল হৈ পৰে । লগতে অপতৃণ নিয়ন্ত্ৰণ কৰিব লগীয়া ৰাসায়নিক ঔষধৰ প্ৰয়োগো হ্ৰাস পাব।  

(৭) বহু বছৰ ধৰি জীৱাই থকা ফল-মূলৰ গছ, নাৰিকল-তামোলৰ গছ আদিৰ খেতি  ( Plantation Tree )ঃ এই ধৰণৰ গছ গছনিয়ে বিশেষকৈ ফলৰ গছ, নাৰিকল-তামোলৰ গছ আদিয়ে বতাহ আৰু পানীৰে ঘটা ভূমিস্খলনক বহুত পৰিমাণে হ্ৰাস কৰি দিয়ে । ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ আৰু মাটি প্ৰস্তুত কৰণ পদ্ধতিও বহুত পৰিমাণে হ্ৰাস পায়। ফলস্বৰুপে মাটি স্বাস্থ্য উন্নতিকৰণ, জৈৱ বৈচিত্ৰতাৰ বৃদ্ধিকৰণ, ভূমি স্খলন হ্ৰাস, আৰু কাৰ্বন ডাই অক্সাইডৰ তথা অক্সিজেনৰ ভাৰসাম্য ৰক্ষা কৰি এখন প্ৰদুষণ মুক্ত পাৰিপাৰ্শিক পৰিবেশ বজাই ৰাখে বা নিয়ন্ত্ৰণ কৰি মানৱ তথা জীৱ-জন্তুৰ কল্যান সাধনত উল্লেখযোগ্য ভূমিকা পালন কৰে। আৰু কৃষকৰ কাৰণে এটি কম খৰচতে স্থায়ী আয়ৰ সন্ধান প্ৰদান কৰে ।

    " ক্ৰপিন টেক্নোলোজী ছলুছন প্ৰাভেট লিমিটেড “, " ক্ৰপিন ক্লাউড “হ’ল উজ্জীবিত কৰণ কৃষিৰ কাৰণে প্ৰসস্থ আহিলা য’ত কৃষক উৎপাদক কোম্পানী তথা কৃষি বানিজ্যৰ পটভূমিত কৃষকৰ মাজত বহল ভাবে প্ৰসাৰিত হোৱাৰ পথ সূচল কৰি দিয়ে । এই ব্যৱস্থাই কৌশলগত কৃষি পদ্ধতিৰ আৰু গুণগত উৎপাদনৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থাপনাৰ সুনিশ্চিত কৰি অৰ্থনৈতিক আৰু সামাজিক উন্নতিৰ ক্ষেত্ৰত কৃষকক তথা কৃষি জগত খনক আগবঢ়াই লৈ যায়।

-তাপস কুমাৰ সাহা, অৱসৰপ্ৰাপ্ত মহকুমা কৃষি বিষয়া

-নিৰ্ম্মল চন্দ্ৰ ঘোষ, অৱসৰপ্ৰাপ্ত সহকাৰী কৃষি সঞ্চালক

ধুবুৰী, অসম

লগতে পঢ়ক- 

মাটি এনেই পেলাই নাৰাখিব ধানকটাৰ পাছতে এই জাতটোৰ সৰিয়হ খেতি কৰক

 

English Summary: Regenerative Agriculture System

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.