 
            পাঠকসকল, আজি আমি আলোচনা কৰিম ধান কটাৰ পাছতে ধাননী পথাৰসমূহত কৃষকসকলে কি কৰিব! আমি দেখিবলৈ পাওঁ আঘোণ-পুহ মাহৰ পাছৰ বহাগ-জেঠলৈ অসমৰ কৃষকে শ শ বিঘা মাটি পেলাই ৰাখে। বিস্তৃত বিস্তৃত এলেকা ছন পৰি থাকে। এনেদৰে ছন পৰা মাটিসমূহত আমাৰ কৃষকসকলে খেতি কৰি আৰ্থিকভাৱে শক্তিশালী হ’ব পাৰে। অসমৰ অধিকাংশ কৃষকেই এটা শস্য খেতিৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকে বাৰিষা দিনত ধান খেতি কৰে। আঘোণত ধান খেতি চপোৱাৰ পাছত সেই মাটিসমূহতো কিছুমান খেতি কৰিব পাৰে।
ধান কটাৰ পাছত কি কি শস্যৰ খেতি কৰিব পাৰে-
TS 67- সৰিয়হ (TS-67 Mustard)
আঘোণ মাহত ধান খেতি চপোৱাৰ পাছতে অসমৰ কৃষকসকলে কৰিব পাৰে সৰিয়হৰ খেতি। সাধাৰণতে অসমত সৰিয়হ খেতি অক্টোৱৰ-নৱেম্বৰত কৰা হয়। কিন্তু শেহতীয়াকৈ অসমত কৃষি বিশ্ববিদ্যালয়ে এবিধ সৰিয়হ উদ্ভাৱন কৰিছে যিটো সৰিয়হৰ খেতি কৃষকসকলে জানুৱাৰী মাহতো কৰিব পাৰে। সৰিয়হৰ এই জাতটোৰ নাম- টি এছ- ৬৭। কৃষি গৱেষকসকলে জনাইছে যে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত TS 67 জাতৰ সৰিয়হ খেতি কৰি আমাৰ খেতিয়ক ৰাইজ লাভৱান্বিত হ’ব।
ঘেঁহু (Wheat Farming)
ধান খেতি কৰাৰ পাছতে আমাৰ কৃষকসকলে ঘেঁহু খেতি কৰিব পাৰে। ধান খেতি চপোৱাৰ পাছতে কৃষকসকলে ঘেঁহু খেতি কৰিব পাৰে। অসমৰ বহুকেইজন কৃষকে ধান চপোৱাৰ পাছতে ঘেঁহু খেতি কৰিবলৈ আৰম্ভ কৰিছে। আৰু তেওঁলোক লাভান্বিতও হৈছে।
বৰো ধান (BORO PADDY)
অসমত বহু কৃষকে বৰোধানৰ খেতিয়ো কৰে। ধান ছপোৱাৰ পাছতে আমাৰ কৃষকসকলে বৰোধানৰ খেতিয়ো কৰিব পাৰে। বৰোধান চপোৱাৰ পাছতে পুনৰ সেই ঠাইত আহাৰ-শাওন মাহত পুনৰ ধান খেতি কৰিব পাৰিব আমাৰ কৃষকসকলে।
ওপৰত উল্লেখ কৰা এই শস্যসমূহৰ ওপৰি ধান চপোৱা পথাৰসমূহত শেহতীয়াকৈ কবি, মূলা, লাই, তিয়হ, জাতিলাও, ৰঙালাও আদি ৰবিশস্যসমূহৰ খেতি কৰিব পাৰে।
আঘোণৰ পাছত অসমত এনেদৰে খেতি কৰিবলৈ কিছুমান অসুবিধাও আছে যেনে- উদঙীয়া গৰু, পানীৰ সমস্য। লগতে আধুনিক কৃষিযন্ত্ৰসমূহৰো অভাৱ। পাঞ্জাৱ-হাৰিয়ানাত অৱশ্যেই উদঙীয়া গৰু সমস্যা নাই। তেওঁলোকেও গৰু পোহে কিন্তু আমাৰ দৰে উদং নিদিয়ে, পানীৰ সমস্যাও নাই বুলিব পাৰি! কাৰণ প্ৰতিখন পথাৰতে বিজুলি সংযোগ আছে। লাগ বুলিলেই পানীৰ মেচিন চলাই পথাৰত পানী যোগান ধৰে। আধুনিক কৃষি সঁজুলি আছে। মেচিনে ধান কাটি গল লগে লগে হালোবালে, মেচিন পানী দিলে। ধান কটা বা কোনো এটা শস্য চপোৱাৰ এটা সপ্তাহৰ পাছতে পুনৰ খেতিৰ বাবে সম্ভৱ হৈ উঠে। ইয়াৰ মূলতে তেওঁলোকে কৃষিপথাৰত মেচিনৰ ব্যৱহাৰ। অসমত তেনে সুবিধাবোৰ নাই। কিন্তু খেতি কৰাৰ মানসিকতা এটা থাকিলে এই সমস্যাবোৰক প্ৰত্যাহ্বান জনাই খেতি কৰিব পাৰে। আৰু বহুজনে এনেদৰে কৰি আছে।
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments