1. এগ্ৰিপেডিয়া

মাটি এনেই পেলাই নাৰাখিব ধানকটাৰ পাছতে এই জাতটোৰ সৰিয়হ খেতি কৰক

KJ Staff
KJ Staff
Paddy cutting after farming
Paddy cutting after farming

আঘোনৰ পথাৰত শেহতীয়াকৈ খেতি কৰিও ধানতলি মাটিৰ পৰা অধিক উৎপাদন পাবলৈ সক্ষম হোৱা গুণৰ বাবে সৰিয়হৰ ‘টি এছ ৬৭’ (TS 67) জাতটো অনন্য৷ ই এক ৰেপচীড প্ৰজাতিৰ অন্তৰ্গত প্ৰায় তিনিমহীয়া তৈল শস্য ৷ শীতকালত শুকান বতৰত মাটিভাগৰ জলীয় বাস্প কমি গ’লেও, এই জাতৰ খেতি কৰিব পাৰি । আজি ই অসমৰ বহু কৃষকৰ মাজত সমাদৃত ৷ ইয়াৰ কৃষিকাল নব্বৈৰ পৰা পঁচানব্বৈ দিন মাত্ৰ ৷ সাধাৰণ অৱস্থাত উৎপাদন ক্ষমতা দহৰ পৰা বাৰ মোন পৰ্য্যন্ত প্ৰতি বিঘা মাটিত ৷ ইয়াক এপষেক দেৰিকৈ সিঁচিলেও পিচে বিঘাই প্ৰতি কমেও সাত-আঠ মোন কৈ সৰে, সময়মতে, সৰিয়হ সিঁচা বতৰতে খেতি কৰিলে ৷ ভাল যত্ন লব নোৱাৰিলেও ইয়াৰ উৎপাদন বৰ কমি নাযায় ৷ ৰাজ্যৰ কৃষি বিশ্ববিদ্যালয় খনৰ 2015 চনৰ অনুমোদন মৰ্মে, এই জাত সৰিয়হৰ শেহতীয়া কৈ খেতি কৰাৰ উপযোগিতাৰ খবৰ পাই আমাৰ কৃষক সমাজ উৎফুল্লিত ৷ সৰিয়হ খেতিৰ সময় সাৰি গলেও দেৰিকৈ অৰ্থাৎ ডিচেম্বৰ মাহৰ মাজ ভাগত সিঁচি আঘোণমহীয়া প্ৰথম ঠাণ্ডা  গছৰ আপডাল লৈ খেতি কৰা যায় ৷ এনেকি, জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত TS 67 জাতৰ গুটি সিঁচি নগাওঁত কৰা এটা সম্পৰীক্ষাৰ পৰা ৰাজ্যৰ কৃষি বিজ্ঞানীসকলে এই জাত সৰিয়হৰ বৰ দেৰিকৈও পেলাই কৰা খেতিৰ পৰা আমাৰ খেতিয়ক ৰাইজ লাভৱান্বিত হব বুলি ঠাৱৰ কৰিব পৰা হ'ল ৷ আনহাতে, অন্য কেবাটাও পৰীক্ষাৰ পৰা এইটো নিশ্চিত যেসাধাৰণ পৰিচৰ্য্যাৰে পানী নিদিয়াকৈও সহজে এই জাতৰ লাভজনক খেতি কৰাটো সম্ভৱ৷ সৰিয়হৰ অন্যান্য অনুমোদিত জাতৰ ক্ষেত্ৰত এনেবোৰ বৈশিষ্ট্য দেখা নাযায়৷

দুতৰপীয়া খেতি কৰা সকলে গ্ৰীষ্ম কালত কৰা ধান খেতিৰ পিচত সেই মাটিতে শীতকালত সৰিয়হ খেতি কৰে । পিচে বেমেজালিয়ে দেখা দিয়ে প্ৰধানকৈ দীৰ্ঘ ম্যাদী জাতৰ শালি ধান চপোৱাৰ পিচতহে ৷ তলত পানী থাকিলে জেলেকুৱা মাটিৰ পকা ধান চপাবলৈও নহয়, সৰিয়হ সিঁচাৰ সময়ো লাহে লাহেকৈ সাৰি গৈ থাকে । আৰু এনেকৈয়ে শীতকালিৰ বতৰৰ মাজ ভাগ পায়, বহুতৰ খেতি-খোলাত মন থাকিলেও বা সময়ৰ হিচাপ থাকিলেও উন্নত জাতৰ সৰিয়হ খেতিৰ উৱা-দিহ নাপায় । সাধাৰণতে, অসমত শালিধানৰ খেতি কৰা হয় জুন-জুলাই মাহত ধানৰ কঠীয়া সিঁচি লৈ, জুলাই-আগষ্ট মাহত এমহীয়া কঠীয়া ৰোৱা হয় বোকা দিয়া মাটিত ৷ এনে ধান অক্টোবৰ-নৱেম্বৰ মাহত চপাব পৰা হয় ৷ পিচে বেছি ভাগ ক্ষেত্ৰতে শালিধান চপোৱাৰ সময় পিচুৱাই আহে দুটা প্ৰধান কাৰণত -

প্ৰথমতে কব পাৰি দীঘলীয়া সময় লগা ধানৰ জাতৰ কথা ৷ অতীজৰে পৰা অসমৰ খেতিয়ক ৰাইজৰ ঘৰে ঘৰে সৰু-বৰ একোটা অনুস্থান চলি আহিছে ৷ বিহুঁৱে-সবাহে হওঁক বা ভিন ভিন জনগোষ্ঠীৰ বিবিধ ৰীতি-নীতি, ধৰ্মীয় অনুস্থানৰ আয়োজন কৰা সঙ্গতিত আপ্যায়নৰ বাবে স্থানীয়ভাৱে উৎপাদিত থলুৱা জাতৰ সোৱাদলগা চাউলৰ বেছ সমাদৰ আছে ৷ বা দৈনন্দিন প্ৰয়োজন হোৱা পুৱা-গধুলিৰ জলপান ভাগ সৰ্বজন সমাদৃত ৷ গতিকে, অসমৰ কৃষক ৰাইজৰ জলপান প্ৰীতি আৰু অসমৰ থলুৱা ধানৰ জাতৰ প্ৰতি থকা সমাদৰৰ বাবে এই থলুৱা জাত বিলাকৰ সংৰক্ষণ তথা খেতি কৰাৰ প্ৰৱণতা স্বাভাৱিক ৷ পিচে, এই থলুৱা জাত সমূহৰ কৃষিকাল দীঘলীয়া হোৱা হেতুকে শালিধান চপোৱাৰ সময়ো বাঢ়ি বাঢ়ি গৈ শীতকালৰ মাজ পায় আৰু সৰিয়হৰ গুটি পেলোৱাৰ সময় সম্পূৰ্ণ সাৰি যায় ।

দ্বিতীয়তে, বানপীড়িত অঞ্চলৰ কথা আৰু সুকীয়া, পানী যদিহে দেৰিকৈ সোমায় বা হোলা নিচিনাকৈ বৃহত্তৰ কৃষিভূমি কাতিৰ মাজভাগলৈ জলাহৰ দৰে ৰৈ যায়, পানী শুকোৱাত পলম হয়, আৰু প্ৰায়ে আঘোণৰ শেষলৈকে মাটি চহাই উলিয়াবৰ সুচল নহয়, গতিকে শীতকালীন সৰিয়হৰ দিন উকলিবলৈ লয় ।

গতিকে, এই কথাবিলাকে উপযুক্ত সময়ত সৰিয়হ খেতি কৰাৰ আসোঁৱাহ ৰূপে দেখা দিয়ে ।  উপায়ন্তৰ হৈ বহু কৃষকৰ সৰিয়হ খেতি কৰাত আউল লাগে ।

এনেবোৰ অথন্তৰ নেওচি, TS 67 জাতৰ সৰিয়হ খেতি শেহতীয়াকৈ কৰাটো প্ৰামাণিক বিকল্প হিচাপে সম্প্ৰতি বিবেচিত হৈছে । গতিকে মূল্যবান মাটি বিঘা অকাৰণত পেলাই নথৈ অলপ যত্ন ল’লেই এই জাতৰ পৰাই দুমোন সৰে আৰু কম যত্নেৰেই ঘৰখনৰ চাহিদা কিঞ্চিত পূৰণ হয় । মন কৰিব লগীয়া এয়ে যে, আগতীয়াকৈ গোৱৰ তথা পচন সাৰ ব্যৱহাৰ কৰি ভালদৰে মাটি চহাৱাৰ লগতে উপযুক্ত পৰিমাণৰ সাৰ-পানীৰ যোগান ধৰিব পাৰিলে বাকৰ মাটিৰ পৰাই যঠেষ্ট আৰ্জন থল আছে ।  মনত ৰাখিব লাগে যে কোনো পৰিস্থিতিতে গুটি সিঁচোতে পৰিমান বাঢ়ি ঘনকৈ পুলি গজিবৰ থল নাথাকে । ঘনকৈ গুটি পেলাই গজাৰ পিচত মাজে মধ্যে পুলি উঠাই দিম বুলি যেন ভাবিব লগীয়া নহয় ।  এই ব্যৱস্থাৰে বতৰ সাৰি গ’লেও শেহতীয়াকৈ হ’লেও TS 38 জাতৰ বিজ্ঞান-সন্মত খেতি কৰি সাচ্ছন্দৰে সৰিয়হ উৎপাদন কৰি ভঁৰাল ভৰাব পৰাৰ থল থাকে ।

লগতে পঢ়ক- 

সেউজসাৰ কি! কৃষকসকলে কেনেকৈ প্ৰস্তুত কৰিব সেউজ সাৰ

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ তথা সৰ্ব ভাৰতীয় মানদণ্ডৰ সৰিয়হ সমূহৰ তৰহ তৰহৰ প্ৰজাতিৰ ভিন্নতা দেখিলে অবাক লাগে । ইয়াৰে পৰাই উপযুক্ত জাতৰ নিৰ্বাচন কৰি ৰাজ্যখনৰ ঘৰুৱা উৎপাদন বঢ়োৱাৰ অৱকাশ আছে । আমাৰ ঘৰুৱা সৰিয়হৰ জাতবোৰৰ তৈল গুণ সমূহৰ উপকাৰিতা তথা অন্তৰ্নিহীত গুণকাৰী মান উন্নত হ’লেও, উৎপাদনৰ লক্ষ্য মানবিশিষ্ট নহয় । গছৰ বাঢ়ন সঠিক নহয়, চেঁই ধৰাৰ ক্ষমতাও কম, লাগোন পাতল, গুটিও লঘু, সৰেও কম । সেয়ে, এনে প্ৰজাতি সমূহ আজিৰ কৃষি বিজ্ঞানৰ দৃষ্টিৰে কম আকৰ্ষনীয়  ৷ ইফালে দেৰিকৈ পেলাই খেতি কৰিবলৈও এনেবোৰ ঘৰুৱা জাত অনুপযোগী, লগতে তেল উৎপাদন ক্ষমতাও বহুলাংশে কম ৷ পকা ধানত কাঁচিখন লগোৱাৰ পৰা পথাৰ সামৰি আজৰি হবলৈ যাৰেই বেছিকৈ সময় লাগে তেওঁক খৰতকীয়াকৈ পেলাই খেতি কৰিব পৰা কমদিনীয়া সৰিয়হ এজাতিৰ প্ৰয়োজন ৷ ইফালে বেছি দেৰিকৈ পেলাবলৈ গৈ দীৰ্ঘ দিন লগা জাতৰ মাষ্টৰ্ড জাত পেলালে চপাবৰ বেলিকা প্ৰাক-মৌচুমীৰ বৰষুণে পালে চেঁই পকা সৰিয়হৰ  অথন্তৰ বাঢ়ে । আনফালে, এলাহৰ খুন্দাত ৰৈ থাকি পলমকৈ সৰিয়হৰ উন্নত জাত বিচাৰি হাবাথুৰি খোৱা মানুহো এই সংসাৰত যঠেষ্ট । বহুতৰে আকৌ ভাবোতে চিন্তোতে সময় উকলি গৈ থাকে, তেনে মানুহৰ বাবে TS 67 জাতটো বৰকৈ খাপ খোৱা।

অসমৰ প্ৰাকৃতিক পৰিবেশৰ লগত খাপ খোৱাকৈ সৰিয়হৰ উন্নতমানৰ খেতি কৰাৰ প্ৰচেষ্টা আজি সকলোতে বিদ্যমান৷ বিজ্ঞানভিত্তিক কৌশলৰ প্ৰতি আজি খেতিয়ক ৰাইজৰ আগ্ৰহ তথা মনোযোগ ক্ৰমাৎ যেন প্ৰৱল হৈ পৰিছে ৷ বিশেষকৈ, 2019-20 চনত হঠাতে উদ্ভৱ হোৱা ক'ভিদৰ সময়চোৱা আছিল বৰ কঠিন ৷ এক মৃত্যু বিভীষিকাই দৈনন্দিন যেন মানুহৰ মনত ভয়-শংকা-ত্ৰাসৰ সৃষ্টি কৰিব ধৰিলে৷ পৃথিৱী জুৰি আৰম্ভ হোৱা খাদ্য সংকটে যেন আন সকলো বিষয় গ্ৰাস কৰি পেলালে ৷ ভাৰতৰ লগতে অসমেও বহু ভুগিলে, আনকি জনগনৰ বহুতৰে জীৱন-জীৱিকাৰ পৰিচয় পৰ্য্যন্ত সলনি হ'ল ৷ এনে বিষম পৰিস্থিতিত তথাপি মূৰ দাঙি ঠিয় হ'ল অসমৰ কৃসক সমাজ৷ হাল-নাঙল-যুৱলিৰ দিন উকলিল এতিয়া; তথাপি পথাৰত ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, 'টাভেটৰ চলাই নতুন উদ্যমেৰে আধুনিক কৃষিৰ বাবে পথাৰ চহাবলৈ সকলো পুনৰ সাজু হ'ল ৷ ক'ভিদ কালৰ পিচত মানুহক ভিতৰি যঠেষ্ট সচেতন হোৱাও দেখা গ'ল ৷ গতিকেই কৃষকৰ যন্ত্ৰণা আঁতৰাবলৈ নতুন আঁচনি প্ৰস্তুত হব ধৰিলে৷

অসমৰ সৰিয়হৰ উন্নতি প্ৰকল্পে কৃষিবিজ্ঞানী সমাজৰ প্ৰচেষ্টাত, ন-ন প্ৰকৰণৰ সৰিয়হৰ উন্নত জাতেৰে শস্য পথাৰ প্ৰদৰ্শনীৰ থলি কৈ গঢ়ি তুলিলে ৷ এনে এখন আঁচনিৰ নামেই হ'Mega Project on Rapeseed Mustard - Value Chain Development through Promotion of Cultivation in Assam (চমুকৈ MPRM) ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অনুমোদন তথা আৰ্থ-সহযোগিতাত অসমৰ 20-খন জিলা সামৰি তৰিৎ গতিৰে সৰিয়হ খেতিৰ এলানি প্ৰযুক্তি-কৌশলৰ আঁচনি যুগুত কৰি উলিয়াই যোৱা বিত্তীয় বৰ্ষ (2023-24)-তে কৃষিবিজ্ঞানী তথা অসমৰ কৃষক সমাজৰ সুন্দৰ প্ৰচেষ্টাৰে ৰূপায়ন কৰা হ'ল ৷ বহল ভিত্তিত কৰা সৰিয়হৰ জাতৰ ভিতৰত Rapeseed-ৰ নব্বৈ দিনীয়া AAU TS 38 আৰু Mustard-ৰ এশ-বিশ দিনীয়া PM 28 জাতৰ অন্তৰ্ভূক্তিৰ আকৰ্ষণ আছিল লক্ষ্যনীয় ৷ অঞ্চলে অঞ্চলে পথাৰ দিৱস তথা সমাবেশৰ আয়োজন কৰি আমাৰ বৃহত্তৰ কৃষক ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰা হ'ল ৷ লগতে এই আঁচনিৰ সফল সমাপ্তিত উৎপাদিত প্ৰায় 5000 মোন TS 38 ৰ গুটি উৎপাদন কৰি নগাওঁৰ চিলঙনীত প্ৰথমবাৰৰ বাবে বিজ্ঞানী তথা কৃষকৰ উপস্থিতিত ক্ৰেতা-বিক্ৰেতাৰ এক বৃহৎ সমাৱেশ যোগে তৈল-সামগ্ৰীৰ বীজ তথা গুটি আৰু মিঠাতেল উৎপাদনৰ ক্ষেত্ৰখনত ৰাজ্যখনক স্বাৱলম্বী কৰি তোলাৰ এক সুপৰিকল্পিত আঁচনি যুগুত কৰা হ'ল৷ স্বাভাৱিক ভাৱেই মানুহৰ দৈনন্দিন খোৱাতেলৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি, পছন্দৰ সৰিয়হৰ ভিন ভিন প্ৰজাতি বিলাকৰ ন-ন প্ৰকৰণৰ জাত নিৰ্মাণৰ বাবে কৃষি বিশ্ববিদ্যালয়ৰ মজিয়াত অহৰহ প্ৰচেষ্টা চলিব লাগিছে৷ কৃষিৰ কাৰিকৰি জ্ঞানৰ প্ৰয়োগেৰে খেতি কৰিলেহে যে সৰিয়হৰ উৎপাদন আশানুৰূপ ভাবে লাভ কৰিব পৰা যাব, খেতিয়ক-ৰাইজে লাহে লাহে বুজি উঠাটো শুভলক্ষণ বুলি পৰিগনিত হ'ল ৷

-ড॰ পংকজ কুমাৰ দেৱ চৌধুৰী,

-ড॰ পবিত্ৰ কুমাৰ বৰদলৈ,

-ড॰ বিনোদ কলিতা 

-মেৰী সাধনা শৰ্মা

লগতে পঢ়ক-

Soil Health Test : খেতি কৰাৰ পূৰ্বে মাটি পৰীক্ষা আৰু ইয়াৰ গুৰুত্ব

English Summary: Paddy cutting after farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.