1. এগ্ৰিপেডিয়া

বানৰ বাবে ৰুৱ নোৱৰা ধান কটাৰ পাছৰ খালি পথাৰসমূহত কৰক এই খেতি

KJ Staff
KJ Staff
Millet farming time
Millet farming time

মিলেট বা কণীধান হল এবিধ ধানজাতীয় শস্যৰ গোট যত ধান বা ঘেহুতকৈ কেলছিয়াম, আইবন, ফছফৰাছ, আহজাতীয় পদার্থ বেছিকৈ কিন্তু কলেষ্টেৰল আৰু প্লুটেন কমকৈ থাকে। কিন্তু শেহতীয়াকৈ এই মিলেট বা কনীধানে সকলো স্তৰতে অধিক গুৰুত্ব লাভ কৰাৰ কাৰণ হৈছে কণীধানে বৰ্তমানৰ জলবায়ু পৰিবৰ্তনৰ লগত খাপ খোৱাকৈ খৰাং পৰিৱেশত নুন্যতম পানী আৰু পুষ্টিতো খৰতকীয়াকৈ অতি কম আপদানত ভাল উৎপাদন দিব পাৰে। অসমৰ জলবায়ুত উৎপাদন কৰিব পৰা আৰু গ্ৰাহকৰ মাজত জনপ্রিয়তা অর্জন কৰা মিলেট দুবিধ হৈছে

১) ৰাগী অথবা ফিংগাৰ মিলেট অথবা মৰুৱা ধান আৰু

২) কনীধান অথবা ফক্সটেইল মিলেট।

ইয়াৰে ৰাগী অথবা ফিংগাৰ মিলেট অথবা মৰুৱা ধানৰ খেতি খাৰিফ বতৰত আগষ্ট/ ছেপ্টেম্বৰ মাহত কৰা হয় আৰু কণীধান অথবা ফক্সটেইল মিলেটৰ খেতি নৱেম্বৰ ডিচেম্বৰ মাহত কৰা হয়।

জাত : INR 1008, TANU 9, বি.এইচ ইউ ৰ পৰা সংগ্ৰহ কৰা বিভিন্ন জাত আৰু স্থানীয় জাত।

গছৰ প্ৰকাৰ থিয়, মজলীয়া ওখ আৰু স্থানীয় জাততকৈ যথেষ্ট বেছি উৎপাদনকাৰী

শস্যকাল: 80-90 দিন।

শস্যৰ উৎপাদন: 18-20 কুইন্টল/ হেক্টৰ (ৰোৱা)

অন্যান্য বৈশিষ্ট্য: থোকৰ দৈৰ্ঘ্য 6-7.চে.মি

মাটিৰ প্ৰকাৰ: পলসুৱা বালি মাটি

ৰোপণৰ সময়: এম‍হীয়া কঠীয়া ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহভ মূল পথাৰত ৰোপণ কৰিব লাগে।

বীজতলী: বীজ চটিয়াবৰ কাৰনে ৩০ চেমি ব্যৱধানত ১০ মিটাৰ দীঘল ১.২৫ মিটাৰ বহল আৰু ১০-২৫ চেমি ওখকৈ কঠীয়াতলীবোৰ প্ৰস্তুত কৰিব লাগে; কঠীয়াতনীবোৰৰ প্ৰতিখনতে 20-30 কিলোগ্ৰাম গোবৰ মাটিৰ সৈতে ভালদৰে মিহলি কৰি প্ৰয়োগ কৰিব লাগে। প্ৰতিখন কঠীয়াতলীত 150 গ্রাম বীজ সিঁচিব লাগে ।

বীজৰ পৰিমানঃ এক হেক্টৰ মাটি ৰোপণৰ কাৰণে ১২ কিলোগ্রাম বীজৰ প্ৰয়োজন হয়।ব্যৱধান: লাইনত ৰোপণ কৰিলে দুটা শাৰীৰ মাজত ২৫ চেমি আৰু দুজোপা গছৰ মাজত ১৫ চেমি ব্যৱধান থাকিব লাগে।

ৰাসায়নিক সাৰ আৰু পচনসাৰ:

বিঘাই প্রতি ৬ কুইন্টল পচন সাৰ প্ৰয়োগ কৰিব লাগে।

ৰাসায়নিক সাৰ

ৰাসায়নিক সাৰ

পৰিমান/ বিঘা (কেজি)

ইউৰিয়া

১২

একক চুপাৰ ফছফেট

১৬.৫

মিউৰেট অফ পটাছ

৪.২৫

 

ইউৰিয়া ৰ আধা আৰু সম্পূৰ্ণ পৰিমানৰ পচন সাৰ একক চুপাৰ ফছফেট আৰু মিউৰেট অফ পটাছ ৰোৱাৰ সময়ত আৰু বাকীধকা আধাভাগ ইউৰিয়া ৰোপণৰ 30 দিন পিছত প্ৰয়োগ কৰিব লাগে।

বনবাত নিৰোৱা: প্ৰথমবাৰ ৰোপণৰ 20-25 দিন পিছত আৰু পৰৱৰ্তী সময়ত প্রয়োজন অনুসৰি বনবাত নিৰনি কৰাৰ ব্যৱস্হা কৰিব লাগে।

শস্য ৰক্ষা: মাৰুৱা শসাত কোনো ডাঙৰ কীট আৰু ৰোগ নাই। অৱশ্যে প্রয়োজন হলে অসম কৃষি বিশ্ববিদ্যালয় অথবা কৃষি বিভাগৰ পৰামৰ্শ অনুসৰি শস্য ৰক্ষাৰ বাৰ্তা কৰিব লাগে।

শস্য চপোৱা: মোকবিলাকৰ 75-80% হালধীয়া পৰিলে শস্য চপোৱা উচিত ।

ব্যৱহাৰ: সাধাৰনতে ইয়াক কৃষকসকলে চাউলৰ বিকল্প হিচাপে ব্যৱহাৰ কৰে। বিভিন্ন ধৰনৰ খাদ্যসামগ্ৰী যেনে কটী, পৰাঠা, নিমকি, কেক, লাড়ু, পায়স, বীৰ, আইচক্ৰীম ইত্যাদি তৈয়াৰ কৰাৰ বাবেও ৰাগীৰ গুড়ি ব্যৱহাৰ কৰা হয়।

-তৃষ্ণালী শ‍ইকীয়া

বিষয়বস্তু বিশেষজ্ঞা (কৃষি অর্থনীতি)

কৃষি বিজ্ঞান কেন্দ্র, যোৰহাট

-হৰিন্দ্ৰ গগৈ

সহকাৰী অধ্যাপক (কৃষি অর্থনীতি)

অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট

লগতে পঢ়ক-

Green Lady : অমিতাৰ এই জাতটোৰ খেতি কৰক ৩-৪ মাহতে লাগিব ফল

 

English Summary: Millet farming time, Methods & Profit

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.