1. এগ্ৰিপেডিয়া

Maize Farming : প্ৰতিবিঘা মাটিত ৩ মাহত ১৮-২০ হাজাৰ টকা উপাৰ্জন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Maize Farming Benefit
Maize Farming Benefit

মাকৈ খেতিয়ো সম্প্ৰতি এক লাভজনক খেতিলৈ ৰূপান্তৰ হৈছে। কিয়নো মানুহে কেঁচাকৈ, পুৰি বা পৰ্ফকৰ্ণ হিচাপে খোৱাৰ লগতে অসমতো এতিয়া মাকৈৰ পৰা ব্ৰয়লা, গাহৰি বা মাছৰ বাবে বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগ গঢ় লৈ উঠিছে। আৰু অসমৰ মাটি মাকৈ খেতিৰ বাবে উপযোগী। তদুপৰি এই খেতিৰ বাবে বিশেষ যত্ন নললেও হৈ যায়। গতিকে মাকৈৰ খেতি কৰিলে বজাৰখন আৰু এতিয়া নোপোৱাকৈ নাথাকে আৰু আৰু কম খৰচ কৰি কমদিনতে ভাল উপাৰ্জন কৰিব পাৰিব। মাকৈ খেতি শীত আৰু বৰ্ষা দুইটা সময়তে কৰিব পাৰি। অৱশ্যে আমি আগন্তুক আহি থকা সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি এই আলোচনাত বৰ্ষাকালীন মাকৈ খেতিৰ বিষয়েহে আলোচনা কৰিম।

বৰ্ষাকালীন মাকৈৰ খেতি

বৰ্ষাকালীন মাকৈ জানুৱাৰীৰ মাজভাগৰপৰা মে’ মাহলৈ সিঁচিব পাৰি। বৰ্ষাকালীন মাকৈৰ জাত আৰু শস্য চপোৱা সময়:

বৰ্ণসংকৰ জাত:

> গংগা-৫(১১০-১২০ দিন),

> হাই ষ্টাৰ্ছ(১৩০-১৪০ দিন),

> বিবেক হাইব্ৰীড-৪৭(৮০-৯০ দিন),

> বিবেক হাইব্ৰীড-৫৩(৭০-৮০ দিন),

> বাইঅ’-৯৫৪৪(৯০-১১০ দিন),

> কম্পোজিট- এন এল ডি(১১০-১২০ দিন),

*ধাৱাল(১১০-১২০ দিন),

> নাভিয়ট(৯০-১০০ দিন),

> ডায়াৰা(৮৫-৯০ দিন)।

বৰ্ষাকালীন মাকৈ খেতি অত্যধিক বৰষুণৰ ফলত নষ্ট নহয়। তাৰ বাবে মাকৈ ডৰাৰ পৰা অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ মাজে মাজে নৰ্দমাৰ ব্যৱস্থা কৰিব লাগে। কৃষকে খেতি কৰাৰ আগেয়ে কৃষি ভূমি পৰীক্ষাগাৰৰ দ্বাৰা মাটি পৰীক্ষা কৰাই ল’ব লাগে। ভূমি পৰীক্ষা কৰাৰ পিছত কোন ডৰা মাটিত কি খেতিত কিমান পৰিমাণৰ পচন সাৰ, জৈৱিক সাৰ, ৰসায়নিক সাৰ, পানী যোগান দিব লাগে ক’ব পৰা যায়।

মাকৈ বজাৰখন বৃদ্ধি পাইছে

মাকৈৰপৰা মুৰ্গিৰ দানা, মাছৰ খাদ্য, পশু খাদ্য, প্ৰস্তুত কৰা হয়। মাকৈ খেতিক কেন্দ্ৰ কৰি অসমত সৰু-সুৰা বহুত উদ্যোগ গঢ় লৈ উঠিছে। এয়া ৰাজ্যখনৰ বাবে শুভ লক্ষণ। উল্লেখ্য যে মাকৈ খেতিত প্ৰতি বিঘাত ২৫০০-৩০০০ টকা খৰচ হোৱাৰ বিপৰীতে উপাৰ্জন হয় ১৮-২০ হাজাৰ টকা। সেয়ে ৰাজ্যখনৰ কৃষকসকলে মাকৈ খেতি কৰিলে তেওঁলোক উপকৃত হোৱাৰ সম্ভাৱনা পূৰামাত্ৰাই আছে।

লগতে পঢ়ক- 

Butternut Squash : কেনেকৈ কৰিব অসমত একেবাৰে নতুন এই পাচলিবিধৰ খেতি!

English Summary: Maize Farming Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.