![](https://asomiya.krishijagran.com/media/8778/whatsapp-image-2025-02-07-at-103308-pm.jpeg)
উত্তৰ প্ৰদেশৰ বাৰাবাংকি জিলাৰ ৰামনগৰ গাঁৱত বাস কৰা বিমল কুমাৰ এজন প্ৰগতিশীল কৃষক। কৃষকগৰাকীয়ে অত্যধিক শাৰীৰিক শ্ৰমৰ পৰা ৰক্ষা পাবলা, সময় বচাবলৈ, খেতিপথাৰত অধিক উৎপাদন বঢ়াবলৈ আৰু সপোন বাস্তৱায়িত কৰিবলৈ মহিন্দ্ৰা ২৭৫ ডি আই টি ইউ পি পি ট্ৰেক্টৰ বাছি লৈছিল। তেওঁৰ মতে, এই ট্ৰেক্টৰখন কেৱল কামত অহাই নহয়, তেওঁৰ শ্ৰম আৰু সময়ো ৰাহি কৰিছে।
![](https://asomiya.krishijagran.com/media/8777/whatsapp-image-2025-02-07-at-103321-pm.jpeg)
পুৰণি প্ৰত্যাহ্বান আৰু নতুন সমাধান
প্ৰথম অৱস্থাত খেতি কৰাটো বিমলৰ বাবে কঠিন আৰু বহু সময় লাগিছিল আৰু সথিক সময়ত কামবোৰ হৈ নুঠিছিল। পৰম্পৰাগত সা-সৰঞ্জাম আৰু পুৰণি ট্ৰেক্টৰৰ সৈতে প্ৰতিটো কামতে বহু সময় আৰু শ্ৰমৰ প্ৰয়োজন হৈছিল। কিন্তু যেতিয়া তেওঁ মহিন্দ্ৰা ২৭৫ ডি আই টি ইউ পি পি ট্ৰেক্টৰ ক্ৰয় কৰে তেতিয়া তেওঁৰ খেতিলৈ এক পৰিৱৰ্তন আহে। এতিয়া তেওঁ কম সময়, কম খৰচত অধিক কাম কৰিবলৈ সক্ষম হৈছে আৰু শস্য উৎপাদনতো বৃদ্ধি হৈছে।
"এতিয়া খেতি কৰাটো সহজ আৰু লাভজনক হৈ পৰিছে"- বিমল কুমাৰ
কৃষক বিমল কুমাৰে কয়- মহিন্দ্ৰা ২৭৫ ডি আই টি ইউ পি পি ট্ৰেক্টৰখন মাইলেচ খুৱ ভাল। কম ডিজেল ব্যৱহাৰ কৰি বহুখিনি কাম কৰিব পাৰি। আগতে যি কাম ঘণ্টাৰ পিছত ঘণ্টা সময় লাগিছিল, এতিয়া কম সময়ৰ ভিতৰতে সম্পূৰ্ণ হৈছে। হাল বোৱাই হওক, বীজ সিঁচাই হওক বা চপোৱাই হওক, প্ৰতিটো কামেই সহজ হৈ পৰিছে। আছলতে এজন কৃষকৰ প্ৰয়োজনীয় প্ৰতিটো কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই টেক্টৰখন ডিজাইন কৰা হৈছে। বিশেষ কথাটো হ’ল- মহিন্দ্ৰাৰ সেৱা দলটো সকলো সময়মতে সহায়ৰ বাবে সদায় উপলব্ধ, গতিকে কৃষকসকলৰ টেক্টৰখন কোনো সময়ত বেয়া হৈ গ’লেও কেতিয়াও কোনো সমস্যাৰ সন্মুখীন নহয়।
![](https://asomiya.krishijagran.com/media/8776/whatsapp-image-2025-02-07-at-103328-pm.jpeg)
কৃষিৰ প্ৰতি নতুন আস্থা
বিমল কুমাৰ স্বাৱলম্বী। বৰ্তমান তেওঁ খেতি আৰু অধিক সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। তেওঁ কয়, "মহিন্দ্ৰা ২৭৫ ডি আই টি ইউ পি পিয়ে মোৰ খেতিপথাৰত বৈপ্লৱিক পৰিৱৰ্তন আনিছে। মই দিনে-ৰাতি কাম কৰিব পাৰো, কিন্তু তথাপিও ভাগৰ অনুভৱ নকৰো। এই ট্ৰেক্টৰখন কৃষকৰ প্ৰকৃত সংগী।"
উল্লেখ্য যে মহিন্দ্ৰা ট্ৰেক্টৰে বিমল কুমাৰৰ বাবে খেতি কৰাটো সহজ কৰি তোলাই নহয়, খৰছ কমোৱাৰ লগতে লাভ বৃদ্ধি পাইছে। কম সময়ত আৰু সথিক সময়ত কামবোৰ সমাপন হৈছে। তেওঁৰ এই সফলতাৰ কাহিনী প্ৰতিজন কৃষকৰ বাবে এক প্ৰেৰণা যে সঠিক সা-সঁজুলি আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা যিকোনো প্ৰত্যাহ্বান অতিক্ৰম কৰিব পৰা যায়।
Share your comments