1. এগ্ৰিপেডিয়া

bean farming : ৩৫-৪০ দিনত ফুলিব, ৪৫-৫০ দিনত চিঙি নিব পাৰিব বজাৰলৈ

PANKAJ KHANIKAR
PANKAJ KHANIKAR

আমাৰ অসমৰ কৃষকে ব্যৱসায়িকভাৱে নকৰা এবিধ শস্যৰ খেতি ওৰহীৰ নাইবা চিম খেতিৰ বিষয়ে আপোনালোকক জনাম। কিন্তু অসমৰ মাটি এই খেতিবিধৰ বাবে অতি অনুকুল তথা উপযোগী। অকণমান পৰিকল্পিতভাৱে কৰিলেই ৪০-৫০ দিনত এজন কৃষকে লাখ টকা উপাৰ্জন কৰিব পাৰিব। অসমৰ বাহিৰৰ কৃষকে এই চিম খেতি কৰি লাভান্বিত হোৱাৰ উদাহৰণ আছে। বাংলাদেশৰ কৃষকে কম দিনতে চিম খেতিৰে লাখ টকা উপাৰ্জন কৰে। ব্যৱসায়িকভাৱে নকৰাসকলে ঘৰৰ বাৰীতে দুই এজোপা ৰোপন কৰাৰ লগতে চহৰৰ লোকসকলে ঘৰৰ ছাদত কৰিব পাৰে। অৱশ্যে এই আলোচনাত আমি ব্যৱসায়িকভাৱে ইয়াৰ খেতি কৰিলে কিদৰে লাভান্বিত হ’ব সেই বিষয়ে জনাম।

চিম খেতিৰ বাবে বালিঅহীয়া পানী জমা নোহোৱা মাটি উপযোগী। অসমৰ কৃষকসকলে ধান ভাল নোহোৱা বাম মাটিসমূহত পানীৰ ব্যৱস্থা কৰি ইয়াৰ খেতি কৰিব পাৰে। বছৰৰ সকলো সময়তে এই খেতি কৰিব পাৰে। যদিও ইয়াৰ উপযুক্ত সময় মে’ পৰা আগষ্টলৈকে। এই খেতি কৰি অহা কৃষকসকলে জানিবলৈ দিয়া মতে, এজোপা ওৰহীত (আগম চিম প্ৰজাতিটোৰ) ১৫-২০ কেজি বীন লাগে। মাত্ৰ ৩৫-৪০ দিনত ফুল ফুলে, ৪৫-৫০ দিনত চিঙি বজাৰলৈ নিব পৰা হয়। এই বীনবোৰ ৬-৭ ইঞ্চি পৰ্যন্ত দীঘল হয়। ফুলবোৰ বগা, আৰু বীনৰ ৰঙটো বগা ফুল, পাতল চকলেট হয় ৰঙৰ হয়।

লগতে পঢ়ক- 

Soil Health Card কি! কৃষিভূমিৰ বাবে Soil Health Card ৰ প্ৰয়োজনীয়তা কিমান!

আহি আছে সময় আগষ্ট-ছেপ্তেম্বৰতে আমাৰ কৃষকসকলে আগম চিম জাতটোৰ ওৰহী খেতিৰ। যিসকলে কৃষকে এই খেতি কৰিম বুলি ভাবিছে তেওঁলোকে অভিজ্ঞ ব্যক্তি বা কৃষি বিষয়াৰ লগত যোগাযোগ কৰি ওৰহী খেতিৰ বিষয়ে তথ্যসমূহ সংগ্ৰহ কৰি ল’লে কামবোৰ সময়মতে আগবঢ়াই নিবলৈ সুবিধা হয়। আমাৰ কৃষকসকলক জনাও কৃষিক স্বাৱলম্বণৰ পথ হিচাপে বাচি লব বিচৰা কৃষকসকলে কম দিনত কম যত্নত এই খেতি কৰি লাভান্বিত হ’ব। ধান খেতি ভাল নোহোৱা এবিঘা মাটিত পানীৰ ব্যৱস্থা কৰি এই খেতি কৰিলে নিশ্চিতভাৱে লাভান্বিত হ’ব।

আমাৰ বহু কৃষকে এই লেখাটো পঢ়াৰ পাছতে প্ৰশ্ন কৰিব- ইয়াৰ বীজ ক’ত পাম। প্ৰথমে আপোনালোকে ওচৰৰ ভাল বীজ ভাণ্ডাৰলৈ যাওঁক। তাত গৈ বিচাৰক। যদি সেই বীজ ভাণ্ডাৰত নাই। তেওঁ আনি দিব পাৰিব নেকি সোধক। তেওঁ নোৱাৰো বুলি ক’লে  কোনো জনা লোকক আপোনাৰ মবাইলেৰে এমাজন নাইবা ফিলিকাৰ্টত অৰ্ডাৰ কৰক। অৰ্ডাৰ কৰাৰ এসপ্তাহৰ ভিতৰতে আপুনি ঘৰতে লাভ কৰিব।

লগতে পঢ়ক- 

Riverside Farming : বালিয়া মাটিত কি শস্যৰ খেতি কৰি লাভান্বিত হ’ব কৃষকসকল

 

English Summary: Indian bean farming System, time & benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.