1. এগ্ৰিপেডিয়া

Wild plant : ধাননী পথাৰত গজা অপতৃণবোৰ কেনেকৈ নগজা কৰিব!

PANKAJ KHANIKAR
PANKAJ KHANIKAR

সাধাৰণতে খেতি পথাৰত ধানৰ বাহিৰে যি অনাবশ্যকীয় আৰু অলাগতীয়াল গছ দেখা যায় তাকে অপতৃণ বুলি কোৱা হয়। সচৰাচৰ আমাৰ খেতি পথাৰত দেখা পোৱা অপতৃণ সমূহ হ'ল ঘাহ জাতীয় বন, মহফুলা বন, বিনৈ, বিহলঙণি, মেটেকা আদি। এই অপতৃণ সমূহে আমাৰ শস্য পথাৰত হোৱাৰ ফলত উৎপাদনৰ যথেষ্ট প্রভাৱ পৰা দেখা যায়। এই অপতৃণ সমূহ ৰোধ কৰিবৰ বাবে কিছুমান পদ্ধতি আমি প্রয়োগ কৰো।

মূল পথাৰৰ প্ৰস্তুতিঃ-

১) সাধাৰণতে পতিত মাটিত অপতৃণ পৰিমান বেছি হোৱা দেখা যায়। সেইবাবে অন্ততঃ ১০ ৰ পৰা ১২ দিনৰ ব্যৱধানত মাটিখিনি ভালদৰে চহাব লাগে আৰু মৈ প্রয়োগ কৰিব

২) ভালদৰে সমান কৰা মাটিত অপতৃণৰ পৰিমান হ্রাস পায়। বেছি সংখ্যক অপতৃণ পানীৰ তলত গজালি মেলিব নোৱাৰে। সেইবাবে মূল পথাৰ খন পানীৰে ভৰাই থ'ব লাগে।

৩) অপতৃণৰ বীজ মিহলি নথকা সুবীজ ব্যৱহাৰ কৰিব লাগে।

8)  সংৰোপনৰ ২০ ৰ পৰা ২৫ দিনৰ প্ৰথম বাৰ নিৰণি কৰিব লাগে আৰু দ্বিতীয় বাৰ ৪০-৪৫ দিন আৰু সাৰ প্ৰয়োগৰ পূৰ্বে নিৰণি কৰিব লাগে।

অপতৃণ নাশক প্রয়োগঃ-

১) অপতৃণ নাশকবোৰ ফ্লেট ফেন নজল থকা মাল্টি নজলেৰে প্ৰয়োগ কৰিব লাগে। প্রয়োগ কৰা সময়ত সমবিতৰণ হ'বলৈ প্ৰয়োগ কৰা দৰৱখিনিয়ে আগৰবাৰৰ আগুৰা ঠাইখিনিৰ ৩০ শতাংশ আগুৰিব লাগে।

২) অপতৃণ গজাৰ আগতে প্রয়োগ কৰা এই অপতৃণনাশক (Pre-emergence Herbicide) বোৰ প্ৰয়োগ কৰোঁতে মাটিখিনি ভিজিব লাগে।

৩) কঠীয়া ৰোৱাৰ পিছত আৰু অপতৃণ গজাৰ আগতে অপতৃণ নাশক প্রয়োগ কৰিব লাগে। অপতৃণ নাশকবোৰ ৰোৱাৰ ০-৩ দিন পিছত ৩-৫ ছেঃমে: পথাৰত পানী থকা অৱস্থাত প্রয়োগ কৰিব লাগে। এই অপতৃণ নাশক প্ৰয়োগ কৰাৰ পিছত এবাৰ হাতেৰে নিৰণি কৰিলে সুফল পোৱা যায়।

8) অপতৃণ গজাৰ পিছত প্রয়োগ কৰা অপতৃণ নাশক (Post-emergence Herbicide) ধান সিঁচা বা বোৱাৰ ১৫-২৫ দিনৰ পিছত যেতিয়া অপতৃণৰ ৩-৪ পাত থাকে তেতিয়া এই অপতৃণ নাশক প্রয়োগ কৰিব লাগে। সেই সময়ত পথাৰত বন্ধ পানী থাকিব নালাগে।

কেইবিধ মান ধান খেতিৰ অপতৃণ:-

মহফুলা বন:- সাধাৰণতে কৃষকৰ পথাৰত সকলোতকৈ বেছি দেখা পোৱা অপতৃণ জাত হ'ল মহফুলা বন। এই বহল পাতৰ বনজাতত সাধাৰণতে শিৰলু আকৃতি দেখা যায়। ধানখেতিৰ পথাৰত এই অপতৃণ জাতে মূল শস্যৰ ২০ ২৫ শতাংশ তানিষ্ট কৰা দেখা যায়।

কলমৌঃ- ধানখেতিৰ অন্য এটা অপতৃণ হ'ল কলমৌ। লতাজাতীয় এই অপতৃণ জাতে মূল খেতি পথাৰ খন চাণি ধৰে বাবে শস্যৰ বৃদ্ধিত ই যথেষ্ট অনিষ্ট সাধন কৰে। এই অপতৃণ জাত দেখাত সৰু পাণৰ দৰে। ই বগা আৰু পাতল গুলপীয়া আকৃতিৰ ফুল ফুলা দেখা যায়।

পানীমেটেকা/ভাত মেটেকা:- এই অপতৃণ জাত দেখাত পানখিলাৰ দৰে। ইয়াৰ পাতল গুলপীয়া ৰঙৰ ফুল ফুলে। এই অপতৃণ জাতে শস্যৰ বৃদ্ধি আৰু উৎপাদনত ২-৩ শতাংশ অনিষ্ট সাধন কৰে।

গাখীৰতি বন:- সৰুপতীয়া এই অপতৃণ জাত ধানখেতিৰ মাজত প্রায় দেখা যায়। এই অপতৃণ জাতে মূল শস্যৰ ২-৩ শতাংশ ক্ষতি সাধন কৰে। এই অপতৃণ জাতত বগা ফুল ফুলা দেখা যায়।

কেহাৰাজ:- সাধাৰণতে দেখা তান্য এক অপতৃণ হ'ল কেহাৰাজ সৰু পতীয়া এই অপতৃণ জাত বগা ফুল ফুলা দেখা যায়।

বিনৈঃ- শস্যৰ পথাৰত দেখা অন্য এক মিহি পতীয়া অপতৃণ হ'ল বিনৈ। ইয়াৰ সৰু মিহি গুটিবোৰ বীজৰ সৈতে মিলি বীজ সমূহৰ বিশুদ্ধতা কমাই পেলায়। এই অপতৃণ জাতত চিৰা আকৃতিৰ কিছুমান বীজ লগা দেখা যায়।

বৰছাঃ- ধানৰ পথাৰত দেখা এক অপতৃণ হ'ল ববছা বন। এই অপতৃণ জাতৰ আগভাগ দেখাত হাতৰ আঙুলি সদৃশ এই দীঘল অপতৃণ জাতে শস্যৰ ৩৪ শতাংশ বৃদ্ধি আৰু উৎপাদনত প্রভাৱ পেলাই।

পানী মাটিকান্দুৰী:- সৰুপতীয়া এই অপতৃণ জাতে মূল পথাৰখন ছানি ধৰা ফলত শস্যৰ ৪-৫ শতাংশ বৃদ্ধি আৰু উৎপাদনত প্রভাৱ পেলাই।

ইয়াৰ উপৰিও ধানখেতি পথাৰত বহুটো অপতৃণ দেখা যায়। যিনেকি শস্যৰ বৃদ্ধি আৰু উৎপাদনটো যথেষ্ট প্রভাৱ পেলাই।

স্প্রে দ্ৰৱৰ পৰিমাণ:- এক হেক্টৰ (৭.৫ বিঘা) মাটিত প্রয়োগ কৰিবলৈ ৩০০ লিটাৰ (১ বিঘাত ৪০ লিটাৰ) স্প্রে দ্ৰৱৰ প্ৰয়োজন হয়। অপতৃণ নাশক প্রয়োগ কৰা সময়ত লৱলগীয়া সাৱধানতা।

১) প্রয়োগ কৰাৰ আগতে অপতৃণ নাশকৰ বটলটোৰ লেবেলখন ভালদৰে পড়ি চাই ই কিমান বিষাক্ত আৰু ইয়াৰ প্ৰয়োগৰ সময়ত ল'ব লগা সাৱধানতা সমূহ ভালদৰে জানি ল'ব লাগে।

২) অপতৃণ নাশক প্রয়োগ কৰা সময়ত সম্পূর্ণ শৰীৰটো কাপোৰে ঢাকি ল'ব লাগে। মুখত মাস্ক আৰু চশমা পিন্ধি ল'ব লাগে।

৩) অপতৃণ নাশক প্রয়োগ কৰা সময়ত পিন্ধা কাপোৰবোৰ ভালদৰে একাশৰীয়াকৈ খুব লাগে।

অপতৃণ নাশকৰ নাম আৰু তালিকা:-

 

ক্ৰ. নং

 

 

অপতৃণ নাশৰ প্ৰকাৰ

 

ৰাসায়নিক নাম

 

পৰিমাণ

 

অপতৃণ প্ৰকাৰ

 

প্ৰয়োগ কৰা সময়

 

পৰিমাণ/বিঘাত

 

 

 

অপতৃণ গজাৰ আগত

 

প্ৰেটিশাক্লৰ ৫০% ইচি

 

৭৫০ হেক্টৰ

 

সৰুপতীয়া বন আৰু বহল পতীয়া বন

 

ৰোৱা ০-৩ দিনৰ ভিতৰত

 

২০০ মিঃলিঃ

 

 

 

 

পাইৰামোছাল ফিউৰণ ১০% w.p

 

১৮.৮

 

মুঠা জাতীয় বন আৰু সৰু বহল পতীয়া বন

 

০-৩ দিনৰ ভিতৰত

 

২৫ মিঃলিঃ

 

 

 

 

 

অক্সাদাইৰজিম ৮০% wp

 

২৫

 

 

ৰোৱা ০-৩ দিনৰ দিনৰ ভিতৰত

 

 

১৬.৬ গ্ৰাম

 

 

 

 

 

 

ক্লৰিমিউৰণ ইথাইল ১০% wp আৰু মেটাছালফিউৰণ ১০% wp

 

৪ (২+২)

 

 

 

বহল পতীয়া বন

 

ৰোৱা ১৫-২৫ দিনৰ পাছত

 

 

০৩ গ্ৰাম

 

 

 

অপতৃণ গজাৰ পাছত

 

বিছ পাইৰিবেক ছডিয়াম ১০% EC

 

 

২৫

 

ঘাঁহ বন আৰু মুঠা জাতীয়

 

ৰোৱা ১৫-২৫ দিনৰ পাছত

 

 

৩৩ গ্ৰাম

 

 

 

 

 

পাইৰামোছাল ফিউৰণ ইথাইল ১০% w.p

 

 

 

২৫

 

 

 

৩৩ গ্ৰাম

-বিপ্লব বৰুৱা

গবেষণা প্রযুক্তি বিদ

-ড° ভবেশ চন্দ্র ডেকা

জ্যেষ্ঠ আৰু প্রধান বিজ্ঞানী

গোলাঘাট কৃমি বিজ্ঞান কেন্দ্রে

 

লগতে পঢ়ক- 

Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ

English Summary: How to remove wild plant form Crop Field

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.