 
            প্ৰায় ১৭ বছৰ ধৰি গাঁৱৰ ভেন্সাৰ হাইস্কুল এখনত বিজ্ঞান শিক্ষক হিচাপে বিনা বেতনে শিক্ষাদান কৰা হৰিপ্ৰসাদ কলিতা নামৰ এজন কৃষক এতিয়া বহুতৰ বাবে আদৰ্শ হৈ পৰিছে৷ বিনা বেতনে শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰি হতাশ নোহোৱা কলিতাই কৃষিকৰ্মৰে জীৱন নিৰ্বাহ কৰি নতুন পুৰুষক আত্মনিৰ্ভৰশীল হ’বলৈ প্ৰেৰণা দিছে৷ ভেন্সাৰ হাইস্কুলত বিজ্ঞান শিকোৱা আদৰ্শ খেতিয়কজনে কৃষিকৰ্মৰে ভাল উপাৰ্জন কৰে৷ বেতন নাপালেও শৈক্ষিক দিশৰ কাম-কাজ কৰি থকা হৰিপ্ৰসাদ কলিতাই ছয়গাঁও অঞ্চলৰ এজন আদৰ্শ কৃষক হিচাপে সুনাম অৰ্জন কৰিছে৷ কৰ্মক আমি মৰ্যাদা দিব জানিলে কোনোদিনে নিজকে নিবনুৱা বুলি ভাবি হতাশাত ভুগিব লগা নহয়৷ এয়াই যেন প্ৰমাণ কৰি দেখুৱাইছে কামৰূপ জিলাৰ ছয়গাঁও চম্পক নগৰৰ পাহামতোলা গাঁৱৰ যুৱক হৰিপ্ৰসাদ কলিতাই৷
আদৰ্শ কৃষক প্ৰয়াত কালুৰাম কলিতা আৰু চন্দ্ৰাৱতী কলিতাৰ সন্তান হৰিপ্ৰসাদ কলিতা৷ স্বাধীনচিতীয়া মনৰ অধিকাৰী হৰিপ্ৰসাদ কলিতাই সৰুৰেপৰা কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী আছিল৷ দেউতাকৰ দিনৰপৰাই তেওঁ আহুধান, শালিধান, বাওধান, বড়োধান, কুঁহিয়াৰ, মৰাপাট, তামোল, বাঁহ, আদা, হালধি, সৰিয়হ আদি বিভিন্ন খেতি কৰি অভিজ্ঞতা অৰ্জন কৰিছিল৷ কিন্তু ২০১৪ চনত দেউতাকৰ মৃত্যু হোৱাত কৃষিকৰ্মৰে লাভ কৰিবলৈ বহু কষ্ট কৰিবলগীয়া হৈছিল কলিতাই৷ একেৰাহে দুবাৰ খৰাঙত ধানখেতি নষ্ট হোৱাৰ বাবে মূলধনৰ অভাৱত কৃষিকৰ্ম অব্যাহত ৰখাত প্ৰত্যাহ৩ানৰ সন্মুখীন হৈছিল৷ ছয়গাঁৱৰ পঞ্জাব নেচনেল বেংকৰ শাখাত কে চি চি ঋণ বিচাৰি নথি-পত্ৰও জমা দিছিল৷ কিন্তু বেংকে ঋণ নিদিলে৷ সেয়ে অকলশৰে খেতিৰে স্বাৱলম্বী হ’বলৈ যুঁজ কৰাৰ মানসৰে হৰিপ্ৰসাদ কলিতাই দুবিঘা মাটি বন্ধকত থৈ নতুনকৈ সংগ্ৰাম আৰম্ভ কৰিলে৷ অৱশেষত কলিতাই প্ৰতিষ্ঠিত কৃষক হিচাপে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে৷
লগতে পঢ়ক-
Assam Vs Israel-Palestine war : অসম বনাম ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ
উল্লেখ্য যে হৰিপ্ৰসাদ কলিতাই ধান খেতিৰ লগতে উদ্যান শস্যত গুৰুত্ব দিছে৷ মীন পালন আৰু গো-পালনৰ জৰিয়তে তেওঁ উপাৰ্জন বঢ়াইছে৷ আদা, হালধি, জলকীয়া, বেঙেনা, লাও, কোমোৰা আদি সকলো খেতি কৰে কলিতাই৷ হৰিপ্ৰসাদ কলিতাই কয়– ‘১৫ বিঘা মাটিত ৰনজিৎ আৰু জহা ধানৰ খেতি, ৬ বিঘা মাটিত তামোল, এবিঘা মাটিত তামোলৰ পুলি উৎপাদন কৰাৰ লগতে কল পাণ, জালুক, নেমুৰ খেতি কৰি যথেষ্ট লাভান্বিত হৈছোঁ৷ চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত ধান বিক্ৰী কৰি উচিত দাম পাবলৈ সক্ষম হৈছোঁ৷ বছৰি ধান বিক্ৰী কৰি সকলো খৰচ বাদ দি ডেৰ লাখ টকা, তামোল বিক্ৰী কৰি এক লাখ টকা, মাছ আৰু গাখীৰ বিক্ৰী কৰি প্ৰায় ডেৰ লাখ টকা, বাঁহ আৰু তামোল পুলি বিক্ৰী কৰিও প্ৰায় ৫০ হাজাৰ টকা বছৰি উপাৰ্জন হয়৷ কৃষিকৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰ হোৱাৰ উপৰি ওচৰৰ তিনিটা পৰিয়ালেও আৰ্থিকভাৱে আমাৰ পৰা সকাহ পাইছে৷ কলিতাই আৰু কয় যে ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ৰপৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিলোঁ৷
ছাত্ৰ অৱস্থাত ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ডেফ’ডিল নাৰ্ছাৰীৰ স্বত্বাধিকাৰী ধ্ৰুৱজ্যোতি শৰ্মা আৰু মীন পালনৰ জৰিয়তে আলোড়নৰ সৃষ্টি কৰা ‘কলং-কপিলী’ৰ সচিব জ্যোতিষ তালুকদাৰৰদ্বাৰা অনুপ্ৰাণিত হৈ কৃষিকৰ্মৰ প্ৰতি অধিক আগ্ৰহী হৈছিলোঁ৷ ছাত্ৰ অৱস্থাতে ক্ষেত্ৰীৰ মালয়বাৰীৰৰ আদৰ্শ কৃষক প্ৰয়াত সোণেশ্বৰ কোঁৱৰৰ সান্নিধ্যই আমাক পথ দেখুৱাইছিল৷ লক্ষণীয় যে কলিতাৰ আদৰ্শ অসংখ্য যুৱকে গ্ৰহণ কৰিছে৷ আদৰ্শ খেতিয়ক কলিতাই আৰু কয়– ‘কৃষি বিভাগৰ কাৰ্যালয় এটা আমাৰ গাঁৱৰ ওচৰত থকাৰ লগতে জলসিঞ্চন বিভাগৰো কাৰ্যালয় আছে৷ কিন্তু তাৰপৰা কৃষকৰ বিশেষ লাভ হোৱা নাই৷ কৃষি বিভাগৰ গ্ৰামসেৱকক পোৱা নাযায়৷ কৃষি, পশু চিকিৎসক, মীন বিষয়াক কৃষকে লগ নাপায়৷ কৃষক বিষয়াৰ ওচৰলৈ নহয়, বিষয়া যদি কৃষকৰ ওচৰলৈ যোৱাৰ নীতি গ্ৰহণ নকৰে, চৰকাৰে আঁচনি গ্ৰহণ কৰিলেও কোনো লাভ নহ’ব৷ যদি বিষয়া কৃষকৰ ওচৰলৈ গৈ সহায় কৰে, অসমত নিবনুৱা নোহোৱা হ’ব৷ কৃষিৰে আত্মনিৰ্ভৰশীল হোৱাৰ হেঙাৰ নোহোৱা হ’ব৷ চৰকাৰে তেনে পৰিৱেশ সৃষ্টি কৰিব পাৰিবনে?
লেখক- জিতেন্দ্ৰ কুমাৰ চৌধুৰী, উৎস- ফেচবুক, আত্মনিৰ্ভৰশীল অসম
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments