1. এগ্ৰিপেডিয়া

Green Gram Farming : গ্ৰীষ্মকালীন মগুমাহৰ বিজ্ঞানসন্মত কৃষি প্ৰণালী

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Green Gram Farming Benefit & Farming Time
Green Gram Farming Benefit & Farming Time

অসমত মগুমাহ আৰু মাটিমাহৰ খেতি বছৰি দুবাৰ কৰিব পাৰি। বছৰৰ ফাগুন চ'ত মাহত সিঁচা খেতিক খাবিফ বা বর্ষাকালীন মণ্ডমাহ বুলি কোৱা হয়। আনহাতে ভাদ মাহত সিঁচা মগুমাহৰ খেতিক গ্রীষ্মকালীন মণ্ডমাহৰ খেতি বুলি কোৱা হয়। অসমৰ ধান ভিত্তিক শস্যক্ৰমত অন্তর্ভুক্ত কৰিবৰ বাবে গ্রীষ্মকালীন মণ্ডমাহ অতি উপযোগী শস্য কিয়নো মণ্ডমাহৰ কৃষিকাল অতি কম বাবে গ্রীষ্মকালীন মগুমাহ চপাই উঠি সেই মাটিত শালিধানৰ খেতি কৰিব পৰা যায়। আনহাতে মণ্ডমাহ যিহেত এবিধ মাহজাতীয় শস্য, এই শস্যই বায়ুমণ্ডলৰ পৰা নাইট'জেন আহৰণৰ দ্বাৰা শিপাত নাইট্রজেন আবদ্ধ কৰি টেমুনাৰ সৃষ্টি কৰে। এই নাইট'জেন আবদ্ধ টেমুনাবোৰে মাটি সাৰুৱা কৰে বাবে মগুমাহৰ খেতিৰ পাছত একেডবা মাটিত কৰা সকলো প্ৰকাৰৰ শস্যব উৎপাদন ভাল হয় আৰু খেতিৰ মাটিৰ গুণগত মান উন্নত হৈ পৰে।

গ্রীষ্মকালীন মণ্ডমাহৰ অনুমোদিত জাতঃ

ক) কে ৮৫১ (K-851): এই জাতৰ কৃষিকাল ৭০-৭৫ দিন মাত্র। গড় উৎপাদন বিঘাই প্রতি তিনিৰ পৰা চাৰি মোন পর্যন্ত (হেক্টৰে প্রতি ১০-১২ কুইন্টল)। বীজ সিঁচাৰ ৬০ৰ পৰা ৬৫ দিনত প্ৰথম বাৰ ছেঁই চিঙিব পাৰি। এই জাত ভাইৰাছজনিত হালধীয়া মোজাইক ৰোগ আৰু চাৰকল্পৰা পাতত দাগ পৰা ৰোগৰ প্রতি সহনশীল।

খ) প্রতাপ (SG-1): এই জাতৰ কৃষিকাল ৬৫ৰ পৰা ৭৫ দিন মাত্র। গড় উৎপাদন হেক্টৰে প্ৰতি ১০ৰ পৰা ১৪ কুইন্টল পোৱা যায় (বিঘাই প্রতি তিনিৰ পৰা চাৰে চাৰি মোন)। বীজ সিঁচাৰ ৬০ৰ পৰা ৬৫ দিনৰ পিছত প্ৰথমবাৰ চেই চিঙিব পাৰি। এইবিধ জাত চাৰকচপৰা পাতত দাগ পৰা ৰোগৰ প্ৰতি সহনশীল যদিও ভাইৰাছজনিত হালধীয়া মোজাইক ৰোগত সহজে আক্রান্ত হোৱা দেখা যায়।

মাটি প্রস্তুতি:

মগুমাহৰ খেতিৰ বাবে পানী জমা নোহোৱা পলসুৱা বা বালিচহীয়া বাম মাটি উপযুক্ত। মাটিডৰা চাৰি পাঁচবাৰ চহ কৰি ভালদৰে মৈয়াই মাটিৰ চপৰাবোৰ ভাঙি সমান কৰি পেলাব লাগে। বৰষুণৰ পানী যাতে জমা নহয় তাৰ বাৰে নলাৰ ব্যৱস্থা কৰিব লাগে।

সিঁচাৰ সময়:

ফেব্ৰুৱাৰীৰ মধ্যভাগৰ পৰা মাৰ্চ মাহৰ মধ্যভাগলৈ বীজ সিঁচাৰ উপযুক্ত সময়।

মাটিত চূণ প্রয়োগ:

অসমৰ আম্লিক মাটিত চুণ প্রয়োগ প্রয়োজনীয়। বীজ সিঁচাৰ প্ৰায় ১৫ দিন মানৰ আগতে বিঘাই প্রতি ৬৫ কিঃগ্রাঃ চুণ (কেলচিয়াম কার্বনেট বা ডলমাইট) মাটিৰ লগত ভালদৰে মিহলাই প্রয়োগ কৰিব লাগে।

সাৰ প্ৰয়োগ:

বিঘাই প্রতি ১.৩ কুইন্টল পচনসাৰ মাটি প্রস্তুত কৰাৰ সময়ত প্রয়োগ কৰিব লাগে। মাহজাতীয় শস্যৰ বাবে মণ্ডমাহত নাইট্র'জেনযুক্ত সাৰ কমকৈ প্ৰয়োগ কৰিব লাগে। মগুমাহৰ বাবে ৰাসায়নিক সাৰৰ অনুমোদন দুই প্ৰকাৰৰ -

ক) জীনাণুসাৰৰে বীজ শোধন কৰিলে বিঘাই প্রতি তিনি (৩) কিঃগ্রাঃ ইউৰীয়া, ত্রিশ (৩০) কিঃগ্রাঃ একক চুপাৰ ফছফেট আৰু চাৰে তিনি (৩.৫) কিঃ গ্রাঃ মিউৰেটঅব পটাছ সাৰ প্রয়োগ কৰিব লাগে।

খ) জীৱাণুসাৰৰ প্ৰয়োগ নকৰিলে বিঘাই প্রতি চাৰে চাৰি (৪.৫) কিঃ গ্রাঃ ইউৰীয়া, ত্রিশ (৩০) কিঃ গ্রাঃ একক চুপাৰ ফছফেট আৰু চাৰে চাৰি (৪.৫) কিঃ গ্রাঃ মিউৰেটঅব পটাছ সাৰ প্রয়োগ কৰিব লাগে। জীবাণুসাৰ প্ৰয়োগ নকৰিলে ইউৰীয়া আৰু একক চুপাৰ ফছফেট সাৰৰ পৰিবর্তে বিঘাই প্রতি দহ (১০) কিঃগ্রাঃ ডি.এ.পি. (DAP) সাৰ প্ৰয়োগ কৰিব পাৰি। সমুদায় ৰাসায়নিক সাৰ শেষৰবাৰ মাটি চহোৱাৰ সময়ত প্রয়োগ কৰিব লাগে।

ৰাইজ 'বিয়াম জীৱাণুসাৰৰ প্ৰয়োগ প্ৰণালীঃ

মণ্ড মাহৰ খেতিত ৰাইজ বিয়াম জীৱাণুসাৰ প্ৰয়োগ কৰিলে অধিক শস্য উৎপাদন আৰু মাটিৰ উৰ্বৰতা অধিক বৃদ্ধি পায়। ইয়াৰ বাবে সিঁচিবলৈ বুলি যোগাৰ কৰা বীজখিনি ৰাইজ বিয়ামৰ দ্বাৰা শোধন কৰিব লাগে। মগুমাহৰ বীজখিনি প্রথমে বিশুদ্ধ পানী ছটিয়াই সেমেকাই ল'ব লাগে। প্রতি কিঃগ্রাঃ বীজত ৫০ গ্রাম পৰিমাণৰ জীৱাণুসাৰ বীজখিনিত সমভাবে মিহলাই দিব লাগে যাতে প্রতিটো বীজতে জীৱাণুসাৰৰ এটা পাতল প্রলেপ পৰে।

এতিয়া এই বীজখিনি ছাঁ পৰা ঠাইত ২৪ ঘন্টা সময় ৰাখি সিঁচিবলৈ ব্যৱহাৰ কৰিব পাৰিব।

বীজৰ পৰিমাণ:

শাৰী শাৰীকে সিঁচিলে এবিঘা মাটি ২.৫ৰ পৰা ৩ কিঃগ্রাঃ বীজৰ আৱশ্যক হয়। যদিহে ছটিয়াই সিঁচা পদ্ধতি অবলম্বন কৰা হয় তেনে বিঘাই প্রতি ৩ৰ পৰা ৩.৫ কিঃগ্রাঃ বীজৰ প্রয়োজন হয়।

শাৰী ব্যৱধান:

শাৰী শাৰীকে সিঁচিলে দুটা শাৰীৰ মাজত ৩০ ছেঃমিঃ ব্যৱধান আৰু একে শাৰীৰ দুটা পুলিৰ মাজত ১০ ছেঃমিঃ ব্যবধান ৰাখিব লাগে।

শস্য পৰিচৰ্যা

ক) বন বাত নিয়ন্ত্রণ: বীজ সিঁচাৰ ২০-২৫ দিনৰ পাছত খেতিডৰাত থকা অদৰকাৰী বন বাতবোৰ নিৰণি কৰি দিব লাগে।

খ) পানী যোগান: গ্রীষ্মকালীন খেতিত পানী যোগানৰ আৱশ্যক যদিহে পানী যোগানৰ ব্যবস্থা থাকে তেনে ফুল ফুলা আৰু হেঁই ধৰা সময়ত পাতলীয়াকৈ জলসিঞ্চন কৰিব পাৰি।

শস্য চপোৱা আৰু বীজ সংৰক্ষণ:

শস্যডৰাৰ ৭০ শতাংশ ছেঁই যেতিয়া ক'লাবৰণীয়া হৈ পৰে আৰু আঙুলিৰে হেচি দিলে ফাটি যায়, তেতিয়াই শস্যডৰা চপাবৰ উপযোগী হৈ পৰে। পৰাপক্ষত মণ্ডমাহৰ গা-গছ গুৰিতে কাটি চপাব লাগে যাতে শিপা অংশ থলীকে ৰৈ যায়। উঘালি চপোৱা পদ্ধতিবে শস্য চপাব পাৰি।

গুটিবোৰ ছেঁইৰ পৰা মৰণা মাৰি উলিওৱাৰ পাছত ৰ'দত ভালদৰে শুকুৱাব লাগে। বীজ হিচাপে সংৰক্ষণ কৰিবৰ বাবে বীজখিনি জাৰি-জোকাৰি চাফা কৰাৰ পাছত প্রতি ১ কিলোগ্রাম বীজত ৩ গ্রাম জালুকৰ গুড়ি মিহলাই দিলে পোক-পৰুৱাৰ আক্ৰমণ কম হয়।

মনকৰিবলগীয়া

(ক) ৰাইজ'বিয়াম জীৱাণুসাৰ সংগ্ৰহ কৰোঁতে কি শস্যৰ বাবে আৱশ্যক সেই কথা জনাব। কিয়নো একেবিধ ৰাইজ'বিয়াম সকলোবোৰ মাহজাতীয় শস্যত প্রয়োগ কৰিব নোৱাৰি।

(খ) ৰাইজ' বিয়ামৰ পেকেটৰ ম্যাদ উকলাৰ তাৰিখ চাই ল'ব

(গ) ৰাইজ 'বিয়ামৰে বীজ শোধনৰ সময়ত বীজখিনি পানীৰে সেমেকাই ল'ব। অধিক পানীৰে তিয়াই নেপেলাব।

মাহজাতীয় শস্য কৃষি ভূমিৰ স্বাস্থ্যৰ বাবে অতি প্রয়োজনীয়। শস্যক্রমত মাহজাতীয় শস্য অন্তৰ্ভূক্ত কৰি মাটিডৰাৰ আপডাল কৰক।

লেখক-  ড০ ভাৰত চন্দ্ৰ নাথ

ড০ অভিলিচা মুদৈ

ড০ অঞ্জন কৃষ্ণ শৰ্মা

ড০ মৃণাল শইকীয়া

ড০ শৰ্মিলা দত্ত ডেকা

ড০ প্ৰকাশ বৰা

 

English Summary: Green Gram Farming Benefit & Farming Time

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.