1. এগ্ৰিপেডিয়া

Green Gram : ৩ বিঘা মাটিত খেতি কৰি ৩ মাহত ৫০ হাজাৰ টকা উপাৰ্জন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Green Gram Farming A to Z
Green Gram Farming A to Z

আহি আছে মগু মাহৰ খেতিৰ বতৰ। বাৰিষাৰ পাছত পথাৰসমূহ শুকোৱাৰ পাছতেই অৰ্থাত আগষ্টৰ শেষৰ পৰা ছেপ্তেম্বৰৰ আৰম্ভণিৰ পৰা আমাৰ কৃষকসকলে মগু মাহৰ খেতি কৰিব পাৰে। আমাৰ কৃষকসকলে এই খেতি কৰি কম দিনতে উপাৰ্জন কৰিব পাৰিব। আমি সকলোৱে জানো গ্ৰীন মগু চাহিদা, স্বাস্থ্য উপকাৰিতা, সু-স্বাদু আৰু ইয়াৰ দামৰ কথা। বালিঅহীয়া মাটি দুই-তিনি বিঘা মাটিত পানীৰ সুব্যস্থা কৰি ইয়াৰ খেতি কৰিলে ৩ মাহত এটা ভাল উপাৰ্জন কৰিব পাৰিব। এবিঘা মাটিত বিজ্ঞানসন্মতভাবে খেতি কৰিলে ৬-৭ কুইন্টল মগু মাহ উতপাদন হ’ব।  এক কেজি মগুমাহৰ দাম যদি ৬০ টকা হয়। তেতিয়া অনুমান কৰক এবিঘা মাটিৰ পৰা আঢ়ৈ-তিনি মাহত কিমান উপাৰ্জন হ’ব। মগু মাহৰ খেতিৰ এই লাভজনক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি মগুমাহ খেতিৰ সকলো কথা এই লেখাটোত আপোনালোকক জনাম।

মাটিৰ প্ৰস্তুতি:

  • মাটি নিৰ্বাচন: মগু মাহৰ খেতিৰ বাবে বালিঅহীয়া পানী জমা নোহোৱা মাটি উপযোগী।
  • মাটি প্ৰস্তুতি: মাটিখিনি ভালদৰে চহাই বন-জাৱৰবোৰ মৰিবলৈ দি চাফা কৰি বীজ সিঁচিব লাগে।
  •  
  • বীজ সিঁচাৰ সময়: মগু মাহৰ বীজ সিঁচাৰ উপযুক্ত সময় আগষ্টৰ শেষৰ পৰা ছেপ্তম্বৰৰ আৰম্ভণি।
  • বীজৰ পৰিমাণ: এবিঘা মাটিত প্ৰায় ১৫-২০ কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়।
  • বীজ নিৰ্বাচন: ভাল গুণমানৰ আৰু ৰোগ-মুক্ত বীজ সিঁচিব ।
  • ৰোপণ দূৰত্ব: বীজবোৰ অৰ্থাত পুলিবোৰ ৪-৫ চে: মি. দূৰত্ব লাগে।

যত্ন আৰু পৰিচৰ্যা:

  • ৰোপণৰ পিছত নিয়মিত পানী যোগান ধৰিব লাগে দিব। বিশেষকৈ অঙ্কুৰিত হোৱাৰ সময় আৰু ফুল ধৰা সময়ত প্ৰচুৰ পৰিমাণে পানী প্ৰয়োজন।
  • অপতৃণ নিয়ন্ত্ৰণ:  অপতৃণবোৰ মগুমাহৰ গছৰ লগত উঠিব দিব নালাগে। অপতৃণবোৰ থাকিলে মগু মাহৰ গছ ভালকৈ বৃদ্ধি হ’ব নোৱাৰে।

লগতে পঢ়ক- 

Robi Crop: ধানতকৈ দুগুণ উপাৰ্জন কৰিবলৈ এই শস্যসমূহৰ খেতি কৰক

শস্য চপোৱাৰ সময় :

  • মগু মাহ সাধাৰণতে ৮০-১০০ দিনৰ ভিতৰত পৰিপক্ক হয়।
  • গছৰ শুঁটি সেউজীয়া হৈ আহিলে চিঙিব লাগে। চিঙাৰ সময়ত সাৱধানতা অবলম্বন কৰিব, যাতে বীজৰ ক্ষতি নহয়।

এবিঘা মগু মাহৰ খেতিৰ আনুমানিক খৰচ আৰু উপাৰ্জন

খৰচৰ বিশদ:

  1. বীজ: প্ৰায় ১৫-২০ কেজি বীজ এবিঘা মাটিত প্ৰয়োজন হয়, যাৰ মূল্য প্ৰায় ₹১৫০-₹২০০/কেজি হ’লে, মুঠ খৰচ প্ৰায় ₹৩,০০০-₹৪,০০০।
  2. অন্যান্য : হালবোৱা, সাৰ-পানী যোগান ধৰা, কীটনাশক প্ৰয়োগ, শ্ৰমিকৰ প্ৰয়োজন আদিবোৰ যোগ কৰিলে বীজৰ সৈতে ৬-৭ হাজাৰ খৰচ হ’ব।

উৎপাদনৰ পৰিমাণ:

  • বিজ্ঞানসন্মতভাৱে কৰিলে এবিঘা মাটিত সাধাৰণতে ৬-৮ কুইণ্টল মগু মাহ উৎপাদন হয়।

বজাৰ মূল্য:

  • মগু মাহৰ বজাৰ মূল্য প্ৰায় ₹৪০-₹৬০/কেজি ধৰি ল’লে, মুঠ আয় হ’ব:
    • ৬ কুইণ্টল (৬০০ কেজি) × ₹৪০ = ₹২৪,০০০
    • ৮ কুইণ্টল (৮০০ কেজি) × ₹৪০ = ₹৩২,০০০

লাভ:

  • মুঠ আয় - মুঠ খৰচ = লাভ
  • ৬ কুইণ্টলৰ ক্ষেত্ৰত লাভ:
    • ₹২৪,০০০ - ₹৮,০০০ = ₹১৬,০০০
    • ₹২৪,০০০ - ₹১২,০০০ = ₹১২,০০০
  • ৮ কুইণ্টলৰ ক্ষেত্ৰত লাভ:
    • ₹৩২,০০০ - ₹৮,০০০ = ₹২৪,০০০
    • ₹৩২,০০০ - ₹১২,০০০ = ₹২০,০০০

এবিঘা মগু মাহৰ খেতিৰ পৰা আনুমানিক লাভ প্ৰায় ₹১২,০০০-₹২৪,০০০ হ'ব পাৰে। সঠিক যত্ন, ভাল খেতি ব্যৱস্থা, আৰু বজাৰৰ সঠিক মূল্য পালে লাভৰ পৰিমাণ বাঢ়িব পাৰে।

উপসংহাৰ

মগু মাহৰ খেতি অসমত লাভজনক হোৱাৰ লগতে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। সঠিক সময়ত বীজ সিঁচিলে, যত্ন যত্ন ল’লে, আৰু সাৰ-পানী যোগান ধৰিলে ভাল ফল পোৱা যায়।

লগতে পঢ়ক- 

Garlic cultivation: এবিঘা মাটিৰ পৰা ৪-৫ মাহত ৫০ হাজাৰ টকা উপাৰ্জন কৰক

English Summary: Green Gram Farming A to Z

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.