1. এগ্ৰিপেডিয়া

Garlic cultivation: এবিঘা মাটিৰ পৰা ৪-৫ মাহত ৫০ হাজাৰ টকা উপাৰ্জন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Garlic cultivation time & profit
Garlic cultivation time & profit

অসমৰ মাটিয়ো নহৰু খেতিৰ উপযুক্ত। কিন্তু অসমৰ কৃষক ৰাইজে এই খেতি নকৰাৰ ফলত বহুতে ভাবে নহৰু খেতি অসমত ভাল নহয়। কিন্তু অসমৰ গাতে লাগি থকা পশ্চিম বংগৰ কৃষকে নহৰুৰ খেতি কৰি বছৰকেত এটা ভাল উপাৰ্জন কৰে। অসমৰ দৰে কৃষি প্ৰধান ৰাজ্যলৈ ৰপ্তানি কৰে। অসমৰ নৈপৰীয়া পলস পৰা বালি অহীয়া মাটিসমূহ নহৰু খেতিৰ উপযোগী। এই নৈপৰীয়া মাটিসমূহত পানীৰ ব্যৱস্থা কৰি পচন সাৰ আৰু গোৱৰ দি খেতি কৰিলে নিশ্চিতভাৱে আমাৰ কৃষকসকল লাভান্বিত হ’ব। গতিকে আমাৰ কৃষকসকলে বানপানীৰ পাছতে নৈপৰীয়া বালিঅহীয়া মাটিসমূহত কেনেকৈ ইয়াৰ খেতি কৰি সেই বিষয়ে এই লেখাটোত আপোনালোকক জনাম।

ৰোপণৰ সময় :

নহৰু খেতিৰ উপযুক্ত অক্টোবৰৰ মাজভাগৰ পৰা নৱেম্বৰ মাহলৈ। এই সময়ত বীজবোৰ ৰোপণ কৰিলে আশা কৰা ধৰণে ফল পোৱা যায়। নহৰুৰ বীজবোৰ প্ৰায় ১৫-২০ চেন্টিমিটাৰ অন্তৰে অন্তৰে ৰোপণ কৰা উচিত।

যত্ন :

নহৰু ৰোপন কৰাৰ পাছতে প্ৰথম অৱস্থাত নিয়মিত পানী দিয়া দিব লাগে। পৰৱৰ্তী সময়ত বতৰ চাই সপ্তাহত এবাৰকৈ পানী দিব লাগে। অপতৃণ অৰ্থাত বন-বাত নিৰাই থাকিব লাগে। গছৰ গুৰিৰ কাষৰ মাটিবোৰ টান হৈ যাব দিব নালাগে।

এবিঘা মাটিত প্ৰয়োজন হোৱা বীজৰ পৰিমান :

  1. নহৰু খেতি বাবে এবিঘা মাটিত ৬০-৭০ কিলোগ্ৰাম বীজৰ প্ৰয়োজন।
  2. বীজবোৰ ১০-১৫ চেন্টিমিটাৰ অন্তৰে ৰোপণ কৰিব।

সাৰ প্ৰয়োগ :

পচন সাৰ প্ৰতি হেক্টৰত ২০ টনকৈ, নাইট্ৰোজেন ১০০ কি: গ্ৰাম, ফছফৰাছ ৮০ কি:গ্ৰাম আৰু পটাচ ৬০ কি:গ্ৰাম প্ৰতি হেক্টৰত প্ৰয়োজন ৷ এই অনুমোদিত নাইট্ৰোজেন সাৰৰ আধা অংশ ফছফৰাছ আৰু পটাছৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তুত কৰাৰ সময়তেই প্ৰয়োগ কৰিব লাগে ৷ বাকী থকা নাইট্ৰোজেন সাৰৰ অংশ বীজ সিঁচাৰ ৩০ দিনৰ পিছত গছত প্ৰয়োগ কৰিব লাগে ৷

শস্য চপোৱা আৰু তত্ত্বাৱধান :

নহৰু খেতিৰ কৃষিকাল মাত্ৰ ৪ ৰ পৰা ৫ মাহৰ ভিতৰত শেষ হয় ৷ যেতিয়া পাতবোৰ শুকাবলৈ আৰম্ভ কৰে তেতিয়া নহৰু চপোৱা বা খন্দাৰ ব্যৱস্হা কৰিব লাগে৷ নহৰুবোৰ ৭ ৰ পৰা ১০ দিনমান ভালদৰে তত্ত্বাৱধানত ৰাখিব লাগে ৷

শস্য ৰক্ষা :

১ ৷ থ্ৰিপচ্ : মালাথিয়ন ৫০ ইচি ০.২ শতাংশ (২ মি: লিটাৰ মালাথিয়ন ৫০ ইচি প্ৰতি লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগে৷ এক হেক্টৰত স্প্ৰে’ কৰিবলৈ ৩৭০ লিটাৰ মিশ্ৰণৰ প্ৰয়োজন হব ৷

লাভ :

ভালকৈ কৰিলে এক বিঘা মাটিত প্ৰায় ৮-১০ কুইন্টল নহৰু উৎপাদন হয়। এক কুইন্টল নহৰুৰ বজাৰৰ মুল্য প্ৰায় ৫০০০ টকা। এইদৰে, এক বিঘা মাটিত ৫০,০০০-৭০,০০০ টকা লাভ হোৱা সম্ভাৱনা থাকে।

উপসংহাৰ :

নহৰুৰ খেতি অসমত এক সম্ভাৱনাপূৰ্ণ খেতি। সঠিক সময়ত ৰোপণ, যত্ন আৰু মাৰ্কেটিঙৰ সহায়ত ইয়াৰ পৰা লাভান্বিত হ’ব আমাৰ কৃষকসকল। গতিকে জিলা কৃষি বিষয়া, কৃষি বিজ্ঞানকেন্দ্ৰৰ বিষয়াসকলৰ পৰামৰ্শ লৈ আমাৰ কৃষকসকলে এই খেতি কৰক নিশ্চিতভাৱে লাভান্বিত হ’ব।

লগতে পঢ়ক- 

After Flooding : বানপানীৰ পাছত কৃষক-পশুপালকসকলে ল’ব লগা সাৱধানতা

 

English Summary: Garlic cultivation time & profit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.