1. এগ্ৰিপেডিয়া

Gadda 140 F1 : কৃষকসকলে আগতীয়াকৈ জাতিলাওৰ এই জাতটোৰ খেতি কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Gadda 140 F1  Bottle gourd Farming Tips & Profit
Gadda 140 F1 Bottle gourd Farming Tips & Profit

শেহতীয়াকৈ অসমৰ কৃষকে কৰি লাভান্বিত হ’ব পৰা এবিধ পাচলিৰ খেতি হল জাতিলাও। কিন্তু আজি এই লেখাটোত আমি জাতিলাও খেতিৰ সামগ্ৰিক দিশটো আলোচনা নকৰি জাতিলাওৰ এটা উন্নত জাত- Gadda 140 F1 প্ৰজাতিটোৰ বিষয়ে আলোচনা কৰিম। জাতিলাও এই জাতটো হাইব্ৰীড। এই জাতটোৰ জাতিলাওবোৰ সৰু সৰু দিঘল দুই লিটাৰ ধৰা পানী বটল এটাৰ সমান। থলুৱা জাততকৈ এই জাতটোৰ জাতিলাও কম দিনত লাগে আৰু অধিক পৰিমানে লাগে। সথিক পদ্ধতি অৱলম্বণ কৰি এই জাতটোৰ জাতিলাও খেতি কৰি আমাৰ কৃষকসকল কমদিনতে অধিক উপাৰ্জন কৰি লাভান্বিত হ’ব। তলত এই জাতটোৰ জাতিলাওঁৰ কৃষি পদ্ধতি আৰু ইয়াৰ লাভালাভসমূহৰ বিষয়ে আলোচনা কৰিম।

মাটি

  • পানী জমা নোহোৱা বালিঅহীয়া সাৰুৱা মাটি এই জাতটোৰ খেতিৰ বাবে উত্তম।

বীজ সিঁচাৰ সময়

  • ফেব্ৰুৱাৰী-মাৰ্চ আৰু জুন-ছেপ্তেম্বৰৰ লগতে মাৰ্চ-এপ্ৰিলত ইয়াৰ খেতি কৰিব পাৰে। এক কথাত এই খেতি আমাৰ কৃষকসকলে ১২ মাহেই কৰিব পাৰে।

বীজ প্ৰস্তুতি:

  • বীজবোৰ পচোৱাৰ আগতে ২৪ ঘণ্টা পানীত তিয়াই থব। তাৰপিছত নাৰ্চাৰিত সিঁচিব।

ৰোপণ পদ্ধতি

  • এটা পুলিৰ পৰা এটা পুলিৰ ২-৩ মিটাৰ দূৰত্ব আৰু এটা শাৰীৰ পৰা এটা শাৰীৰ দূৰত্ব ৩ মিটাৰ মান কৰিব।

লগতে পঢ়ক- 

Hybrid variety of battle gourd : জুলাই আগষ্টতে কৰি আগতীয়াকৈ বজাৰত উলিয়াওঁক

 

যত্ন আৰু পৰিচৰ্যা

  • লাউৰ গছৰ বাবে নিয়মিত পানীৰ প্ৰয়োজন । শীতল জলবায়ুত সপ্তাহত এবাৰ আৰু গৰম জলবায়ুত সপ্তাহত ২-৩ বাৰ দিব।
  • অপতৃণ উঠিব নিদিব

হেন্দালি

  • পাঁচ-ছয ফুট উচ্চতাত হেন্দালি দিব। আগতে আমাৰ কৃষকসকলে জেং দিছিল। কিন্তু আজিকালি জেঙৰ সলনি প্লাষ্টিকৰ ৰচি ব্যৱহাৰ কৰে। প্লাষ্টিকৰ ৰচি ব্যৱহাৰ কৰিলে খৰচ আৰু কষ্ট কম হয়। জেঙৰ সলনি প্লাষ্টিক ব্যৱহাৰো কৰিব পাৰে।

কেতিয়া জাতিলাও চিঙিব পৰা হয়-

  • এই প্ৰজাতিৰ জাতিলাওবোৰ ৪০-৪৫ দিনত লাগে। ৫০ আৰু দিনত চিঙিব পৰা হয়।

লাভালাভ

  • এবিঘা মাটিত Gadda 140 F1 জাতিলাউৰ প্ৰায় ১০০ কুইণ্টল উৎপাদন হ'ব পাৰে।
  • লাউৰ বজাৰ মূল্য ১০ টকা কেজি ধৰি ল'লে, মুঠ আয় হ'ব: ₹১,০০০০০
  • ইফালে এবিঘা মাটিত এই খেতি কৰোতে অতি বেছি ২০ হাজাৰ টকা খৰচ কৰিলে আপোনাৰ হাতত ৰ’ব প্ৰায় ৮০,০০০ হাজাৰ টকা

উপসংহাৰ

Gadda 140 F1 জাতিলাউৰ খেতি অসমৰ কৃষকসকলৰ বাবে এক লাভজনক খেতি। সঠিক সময়ত ৰোপন, নিয়মিত পানী যোগান, যত্ন আৰু পৰিচৰ্যা কৰিলে আশা কৰাধৰণে ভাল ফল লাভ কৰিব। জৈৱিকভাৱে কৰিলে লাউৰ গুণগত মান ভাল হ’লে বজাৰত অধিক দাম পাব।

লগতে পঢ়ক- 

Swapna F1 : ৮-৯ মাহত গুৰিৰ পৰাই লাগিব ফল, এবিঘা মাটিত আৰম্ভ কৰক

English Summary: Gadda 140 F1 Bottle gourd Farming Tips & Profit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.