1. এগ্ৰিপেডিয়া

French bean : অধিক উৎপাদনৰ বাবে ফ্ৰেন্সবিনৰ খেতি কেনেকৈ কৰিব!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
French bean Farming
French bean Farming

এই সময়ছোৱাতে অসমৰ কৃষকে কৰি উপাৰ্জন কৰিব পৰা এবিধ শস্যৰ খেতি হ’ল- ফ্রেন্সবিন। কম সময়তে কৰি খৰচত দুগুণ উপাৰ্জন কৰিব পাৰিব আমাৰ কৃষকসকলে। ইফালে, ফ্ৰেন্সবিনৰ বজাৰখনো ভাল। চিঙাৰ পাছত কেইবাদিনলৈ ভাল হৈ থাকে। দামো আছে। তদুপৰি ই সকলো শ্ৰেণী মানুহৰ প্ৰিয় খাদ্য। গতিকে ইয়াৰ খেতি কৰিলে লোকচানৰ কথাই নাহে আমাৰ কৃষকসকলৰ।

জাত আৰু বীজ সিঁচা

ফ্রেন্সবীনৰ উন্নতমানৰ সঁচবোৰ হৈছে পুছা পাৰ্বতী, কণ্টেনডাৰ, বৈষ্ণবী, আর্কা অনুপ আদি। অসমত সাধাৰণতে ছেপ্তেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ ফ্রেন্সবীনৰ খেতি কৰা হয়। বিঘাই প্রতি প্রায় ৫.৩ কিঃগ্রাঃ গুটিৰ প্ৰয়োজন হয়।

বীজ ৰোপণ পদ্ধতি

মৈয়াই লোৱা মাটিত বীজবোৰ শাৰী শাৰীকৈ ৪৫ ছেঃমিঃ ব্যৱধানত আৰু প্ৰতিটো শাৰীত বীজবিলাক ৩০ ছেঃমিঃ ব্যৱধানত দিব লাগে। বীজ সিঁচাৰ সময়ত মাটিত অলপ জীপ থকাটো প্রয়োজন।

 

সাৰ প্ৰয়োগ

বীজ সিঁচাৰ ৬-৭ দিনৰ আগতে ৪.৪ কিঃগ্রাঃ ইউৰীয়া, ৩৩.৬ কিঃগ্রাঃ একক চুপাৰ ফচফেট, ৪.৫ কিঃগ্রাঃ মিউৰেট অৱ পটাছ আৰু এক কিঃগ্ৰা বৰাক্স সাৰ প্ৰতি বিঘা হিচাপত প্রায় ২৫ কুইণ্টল গোবৰ/পচনসাৰৰ লগত মিহলাই মাটিত প্রয়োগ কৰিব লাগে। একদৰে ফুল ফুলাৰ সময়ত ৪.৪ কিঃগ্রাঃ ইউৰীয়া দুটা শাৰীৰ মাজত প্ৰয়োগ কৰি মাটি চপাই দিব লাগে।

 

শস্য পৰিচৰ্যা

শস্য ডৰাত প্ৰয়োজন অনুসাৰে পাতলীয়াকৈ পানী যোগান ধৰিব লাগে। লতা জাতীয় শস্যৰ গছবোৰ বগাই যাবলৈ বাঁহৰ খুঁটি বান্ধি দিব লাগে। প্রয়োজন অনুসৰি শস্যডৰাৰ পৰা বন-বাতবোৰ নিৰাব লাগে আৰু গছৰ গুৰিত মাটি চপাই দিব লাগে।

শস্য ৰক্ষা

মোৱাপোক, জেচিদ আদি পোকে আক্ৰমণ কৰিলে মালাথিয়ন ৫০ ইচি ঔষধৰ এচামোচ আঢ়ৈ লিটাৰ পানী হিচাপত নাইবা ইমামেকটিন বেনজয়েট ৫% এচ.জি. (১.৫ গ্রাম প্রতি লিটাৰ পানীত) মিহলাই স্প্রে কৰিব লাগে।

গুৰিপচা বা মৰহি যোৱা বেমাৰে দেখা দিলে কার্বেনডেজিম (০.২%) নামৰ ঔষধ স্প্রে কৰিব লাগে অথবা ৰোৱাৰ আগতে গুটিবোৰ কেপটান নামৰ ঔষধেৰে বীজবোৰ ৩ গ্রাম ঔষধ প্রতি কিঃগ্রাঃ গুটিৰ হিচাপত শোধন কৰি ল'ব লাগে। কার্বেনডেজিম আৰু কেপটান ঔষধৰ বিকল্প হিচাপে ক্রমে এজ'ক্সিষ্ট্রবিন ২৩% এচ.চি. (০.১%) আৰু মানেব ডব্লিউ.পি. (২ গ্রাম/লিটাৰ পানীত) প্রয়োগ কৰিব পাৰি।

পাতপোৰা বেমাৰে দেখা দিলে মেনক'জৈৱ ৭৫ ডব্লিউ পি শক্তিৰ ঔষধেৰে ২ গ্রাম প্রতি লিটাৰ পানী হিচাপত মিহলাই স্প্রে কৰিব লাগে। অথবা ক্লৰ'থাল'নিল (২ গ্রাম প্রতি লিটাৰ পানীত) ব্যৱহাৰ কৰিব পাৰি।

মোজেইক বেমাৰৰ পৰা গছবোৰ ৰক্ষা কৰিবলৈ পাতৰ ৰস শুহি খোৱা পোক নিবাৰণ কৰিব লাগে।

(লেখাটো ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰই প্ৰস্তুত কৰা 'উদ্যান শস্যৰ কৃষি প্ৰণালী' নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে।)

লগতে পঢ়ক- 

নেমু আৰু অন্যান্য টেঙাজাতীয় ফলৰ কৃষিপদ্ধতি, বেমাৰ-আজাৰৰ সমাধান

English Summary: French bean Farming benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.