1. এগ্ৰিপেডিয়া

Flood tolerant Paddy : বানপ্ৰৱণ পথাৰত এই ধানকেইবিধৰ খেতি কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR

আহি আছে ধানৰ বতৰ। বিহু সামৰিয়েই অসমীয়া কৃষক ৰাইজে পথাৰত নামি পৰিব। পথাৰত নমাৰ লগেই লগেই বানপানীৰ লগতে যুঁজিব লাগিব অসমীয়া কৃষক ৰাইজে। গতিকে এই লেখাটোত কৃষক ৰাইজে বানপানীৰ সৈতে যুঁজিব লগা যুঁজখনত ঢালস্বৰূপ হৈ থিয় দিব পৰা বানপানী সহনশীল কেইবিধমান ধানৰ বিষয়ে লৈ আহিছো এই লেখাটোত। বানপ্ৰবণ অঞ্চলৰ কৃষকসকলে বিনাধান ১১, স্বৰ্ণ-চাব ১, বাহাদুৰ -চাব ১, ৰণজিৎ-চাব ১  আদি ধানবোৰৰ খেতি কৰিলে উপকৃত হ’ব। কাৰণ এই ধানবোৰ বানপানী হলেই অন্য ধানত বেছিদিন পানীত জীয়াই থাকিব পাৰে। আনবোৰ ধানৰ খেতি কৰিলে কিন্তু এসপ্তাহতকৈ কমদিন পানীৰ তলত থাকিলে ধানবোৰ মৰি যায়। আকৌ পুনৰ কৰিব লগা হয়। কিন্তু তলত উল্লিখিত এই ধানসমূহ ১৫ দিন পৰ্যন্ত পানীৰ তলত থাকিলেও ধানবোৰ মৰি নাযায়।

বিনাধান ১১

বৈশিষ্ট্য: এই জাতটো ইণ্ডোনেচিয়াৰ চিহেৰাং জাতৰ বানপানী সহনশীল সংস্কৰণ৷ জাতটোৱে ২ সপ্তাহ পৰ্যন্ত পানীৰ তলত থাকিব পাৰে৷

কৃষিকালঃ শালি ধানৰ বতৰত ১১৫-১২০ দিন , বৰো ধানৰ বতৰত ১৩৫ দিন হব পাৰে

খেতিৰ বাবে উপযোগী মাটি : মধ্যমীয়া দ’ মাটি আৰু অগভীৰ দ’ মাটি

ধানৰ গুটিৰ প্ৰকাৰ : মধ্যমীয়া মিহি

উচ্চতা : ১০৭-১১৫ ছেঃমিঃ

উৎপাদন : প্ৰতি ‎ হেক্টৰত ৫.৫-৬.০ টন

লগতে পঢ়ক- 

Seedbed preparation : ধান খেতিৰ বাবে কঠীয়াতলীখন কেনেকৈ প্ৰস্তুত কৰিব!

স্বৰ্ণ-চাব ১

বৈশিষ্ট্য : এই জাতবিধে পানীৰ তলত ২ সপ্তাহ পৰ্যন্ত জীয়াই থাকিব পাৰে৷ এই জাতটো উৰিষ্যা, পশ্চিম বংগ, বিহাৰ আৰু পূৱ ভাৰতৰ অন্য ৰাজ্য আৰু বাংলাদেশৰ বিভিন্ন বানপীড়িত অঞ্চলত বহুলভাৱে খেতি কৰা হয়৷

কৃষিকাল : ১৪০-১৪৫ দিন

খেতিৰ বাবে উপযোগী মাটি : দ’ মাটি

ধানৰ গুটিৰ প্ৰকাৰ : মধ্যমীয়া মোটা

উচ্চতা :১০০ ছেঃমিঃ

উৎপাদন : প্ৰতি ‎ হেক্টৰত ৫.৫-৬.৫ টন

বাহাদুৰ -চাব ১

বৈশিষ্ট্য : পানীৰ তলত দুই সপ্তাহ পৰ্য্যন্ত জীয়াই থাকিব পাৰে৷

পিতৃমুল : বাহাদুৰ /স্বৰ্ণ-চাব ১/ বাহাদুৰ

অধিসূচনা জাৰি কৰা সময় :- ২০১৮

কৃষিকালঃ-১৫০-১৫৫ দিন

খেতিৰ বাবে উপযোগী মাটি : দ’ মাটি

ধানৰ গুটিৰ প্ৰকাৰঃ মধ্যমীয়া মোটা

উচ্চতা : ১১৫ ছেঃমিঃ

উৎপাদন :প্ৰতি হেক্টৰত ৫-৫.৫ টন

ৰণজিৎ-চাব ১

বৈশিষ্ট্য :- পানীৰ তলত দুই সপ্তাহ পৰ্যন্ত জীয়াই থাকিব পাৰে৷

পিতৃ মুল : ৰণজিৎ/ স্বৰ্ণ- চাব ১/ৰণজিৎ

অধিসূচনা জাৰিকৰণৰ সময়ঃ- ২০১৮

কৃষিকাল : ১৫০-১৫৫

খেতিৰ বাবে উপযোগী মাটি :- দ’ মাটি

ধানৰ গুটিৰ প্ৰকাৰ : মধ্যমীয়া মিহি

উচ্চতা : ১১৫ ছেঃমিঃ

উৎপাদন : প্ৰতি ‎ হেক্টৰত ৫.০-৫.৫ টন

লগতে পঢ়ক- 

মেট নাৰ্চাৰি কি! মেট নাৰ্চাৰীৰে কঠিয়া পৰিলে কি কি দিশত লাভান্বিত হ'ব আপুনি!

English Summary: Flood tolerant Paddy varieties

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.