 
            শস্যৰ উৎপাদন সাধাৰণতে নিৰ্ভৰ কৰে মাটিৰ গুণাগুণৰ ওপৰত। গতিকে এগৰাকী কৃষকৰ লাভজনক উৎপাদনৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰে মাটিৰ পৰীক্ষা কৰাতো। মাটিৰ পৰীক্ষা কৰাৰ পাছত যি গুণাগুণ লাভ কৰা যায়, সেই গুণাগুণৰ ভিত্তিতে কৃষি কাৰ্যত প্ৰয়োজন অনুসৰি ৰাসায়নিক বা জৈৱিক সাৰ ব্যৱহাৰ কৰে কৃষক সকলে। তদুপৰি মাটিৰ পৰীক্ষাই কৃষকৰ ব্যয় হ্ৰাস আৰু উৎপাদন বৃদ্ধি কৰিব পাৰে।
কৃষক সকলক মাটি পৰীক্ষাৰ বাবে চৰকাৰৰ ফালৰ পৰাও বহু সময়ত সহায়ৰ হাত আগবঢ়াই অহা হৈছে। ইতিমধ্যে কৃষক সকল লাভান্বিত হ'ব পৰাকৈ প্ৰধানমন্ত্ৰীৰ মৃত্তিকা স্বাস্থ্য কাৰ্ড আঁচনি গ্ৰহণ কৰিছে চৰকাৰে। সেয়েহে এই প্ৰৱন্ধটিত মাটিৰ পৰীক্ষাৰ সন্দৰ্ভত কেইটাও প্ৰাথমিক তথ্য কৃষক সকলৰ বাবে আগবঢ়োৱা হৈছে।
পৰীক্ষাৰ বাবে মাটিৰ নমুনা কেনেদৰে ল'ব লাগেঃ
- 
খেতিয়কসকলে শস্য ৰোৱা বা সংৰোপণ কৰাৰ এমাহ আগতে খেতি মাটিৰ নমুনা লোৱা উচিত। ইয়াৰ বাবে, আপুনি আপোনাৰ ফাৰ্মত 8 ৰ পৰা 10 টা বিভিন্ন স্থান চিহ্নিত কৰিব পাৰে। আপোনাৰ চিহ্ন দি থোৱা ঠাইবোৰত, আপুনি প্ৰায় 15 চে.মি গভীৰতাৰ পৰা পৰীক্ষা কৰিবলৈ নমুনা ল'ব লাগে। 
- 
বাল্টি বা পাত্ৰত নমুনা হিচাপে লোৱা মাটি সংগ্ৰহ কৰক। একেদৰে, আন ঠাইৰ পৰাও মাটিৰ নমুনা লওঁক। 
- 
সকলো মাটি একেলগে ভালদৰে মিহলি কৰক আৰু মাত্ৰ 500 গ্ৰাম মাটি আপোনাৰ ওচৰত ৰাখিব আৰু বাকী মাটি পেলাই দিয়ক। এতিয়া এই মাটিখিনি পৰিষ্কাৰ পাত্ৰ এটাত ৰাখক। 
- 
অৱশেষত, মাটি পৰীক্ষাৰ বাবে স্থানীয় কৃষি চুপাৰভাইজাৰ বা নিকটতম কৃষি বিভাগলৈ প্ৰেৰণ কৰক। আপুনি ইয়াক আপোনাৰ নিকটতম মাটি পৰীক্ষাগাৰলৈও প্ৰেৰণ কৰিব পাৰে। এটা কথা মনত ৰাখিব যে, সকলো ঠাইতে মাটিৰ পৰীক্ষা বিনামূলীয়াকৈ কৰা হয়। 
মাটিৰ নমুনা লোৱাৰ সময়ত সাৱধানতাঃ
- 
মাটিৰ পৰীক্ষাৰ বাবে পথাৰৰ তলৰ এলেকাৰ পৰা কেতিয়াও মাটি নল'ব। 
- 
পানী আৰু পচন সাৰৰ স্তূপৰ পৰা মাটি নল'ব। 
- 
গছ থকা ঠাইৰ মাটিও পৰীক্ষাৰ বাবে ল'ব নালাগে। 
- 
কেতিয়াও পৰীক্ষাৰ বাবে লোৱা মাটি মোনা বা বস্তাত নাৰাখিব। 
- 
শস্য থকা ঠাইৰ পৰাও পৰীক্ষাৰ বাবে মাটি নল'ব। 
- 
পথাৰত সাৰ ব্যৱহাৰ কৰা ঠাইৰ পৰাও মাটি ল'ব নালাগে। 
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments