
অসমৰ অধিকাংশ কৃষকৰ বাবে খেতি মানেই তেওঁলোকৰ মনলৈ আহে ধান খেতিৰ কথাই। বাকী খেতি কৰক নকৰক অসমৰ কৃষকেই ধান খেতি কৰিবই। ধান খেতিৰ লগত অসমৰ মানুহৰ এনেকুৱা এটা সম্পৰ্ক হৈ গৈছে যে বাৰিষা দিনত চহৰত থাকিলেও পথাৰখনলৈ মনত পৰে বা আঘোণৰ দিনবোৰতো পথাৰখনলৈ মনত পৰে। লাগিলে তেওঁ আমেৰিকাতেই থাকে। এক কথাত ধান খেতিৰ লগত অসমীয়া মানুহৰ এটা তেজৰ সম্পৰ্ক সৃষ্টি হৈছে। বাৰু সেয়া যিকিনহওঁক। আমাৰ সমাজ ব্যৱস্থালৈ বিভিন্ন পৰিৱৰ্তন। কিন্তু আমাৰ কৃষিক্ষেত্ৰখনলৈ সময়ৰ লগে লগে পৰিৱৰ্তন অহা নাই। পৰিৱৰ্তনৰ নামত কেৱল টেক্টৰকেইখন পথাৰে পথাৰে ঘূৰি ফুৰিছে বা দুই এটা ধান কটা মেচিন। পূৰ্বৰ দৰেই আমি এতিয়াও পানীৰ বাবে বৰষুণৰ অপেক্ষাত ৰৈ থাকো, ভেকুলিৰ বিয়া পাতো, পথাৰ সাৰ-নিদিয়ো, বাৰিষা বোকা কৰি ধান ৰোৱাৰ পাছত ধাননী পথাৰত পুনৰ পানী দিয়া নিয়ম নাই আমাৰ সমাজত।
আজিকালি আমাৰ ল’ৰা-ছোৱালীবোৰক স্কুললৈ পঠিওৱাতে টিফিন দি পঠিয়াও, স্কুলৰ পৰা অনা নিয়া কৰো, টিউচন দিয়ো, ভাল ইউনিফৰ্ম এযোৰ পিন্ধাই দিয়ো। কাৰণ এতিয়া আগৰ দিন নাই। কিন্তু আমি ধান খেতি কৰি আহোতে আগৰ দিনবোৰৰ দৰেই কৰি আহিছো।
বছৰ বছৰ ধৰি একোডোখৰ মাটিতে খেতি কৰি অহাৰ ফলত মাটিবোৰৰ ক্ৰমশ সাৰুৱা গুণবোৰ নাইকীয়া হৈছে। ফলত ধান খেতিবোৰ আগৰ দৰেই ভাল নোহোৱা হৈছে। পথাৰবোৰত আমি সাৰ আৰু সময়মতে পানী যোগান ধৰিব লাগিব। অন্যথা কৃষকসকলে ধান খেতিৰ পৰা বিশেষ সফলতা অৰ্জন কৰিব নোৱাৰিব। আজিকালি সময় উপযোগীকৈ কৃষি বিশ্ববিদ্যালয়ৰ লগতে কৃষি বিজ্ঞানীসকলে ধানৰ উন্নতমানৰ জাত উদ্ভাৱন কৰিছে। যিবোৰ ধানৰ উতপাদন আমাৰ পৰম্পৰাগত যিবোৰ ধানৰ জাত তাতকৈ অধিক উতপাদন দিয়ে। তাৰে কেতবোৰ এনেকুৱা যে বানপানীত ১৫ দিন পৰ্যন্ত ডুব গৈ থাকিলেও এই ধানবোৰ নমৰে। আনহাতে, আন কিছুমান আকৌ খৰাং মাটিত ভাল হয়। কৃষকসকলে মাটিৰ গুণাগুণ লক্ষ্য কৰি এই প্ৰজাতিসমূহৰ ধান খেতি কৰিব পাৰে।
আমি দেখিবলৈ পাওঁ আমাৰ বহু কৃষকে ধান খেতি কৰা পথাৰখনত ধান খেতিৰ পৰা উপাৰ্জন ভাল হওঁক বেয়া হওঁক কথাবোৰ লক্ষ্য নকৰে। তেওঁলোকে কৰিব লাগে কাৰণে কৰে আৰু পূৰ্বৰে পৰা কৰি আহিছে বাবে কৰে। কিন্তু ধান ভাল নোহোৱা তেনে পথাৰবোৰত শাক-পাচলিৰ খেতি, ৰবিশস্য বা কল, কুঁহিয়াৰ লগতে আজি কালি অসমৰ প্ৰগতিশীল কৃষকসকলে কৰিবলৈ লোৱা মাল্টা, আপেল বগৰী, আম, লিচু আদিৰ দৰে শস্যৰ খেতিবোৰ কৰিব পাৰে। এই খেতিবোৰৰ সম্বন্ধে তেওঁলোকৰ জ্ঞান নাথাকিল ওচৰৰ যি কৃষি বিজ্ঞানকেন্দ্ৰ বা কৃষি কাৰ্যালয় আছে তেওঁলোকৰ পৰামৰ্শ লৈ তেওঁলোকৰ পৰা পৰামৰ্শলৈ সেই কামবোৰ কৰিব পাৰে।
আমি দেখিবলৈ অসমৰ অধিকাংশ কৃষকে খাবলৈ ভাল, দাম থকা, সুস্বাদু জাতৰ ধানসমূহৰ খেতি খুব পৰিমানে কৰে। বাকী ধানবোৰৰ খেতি অধিক পৰিমাণে কৰে। অসমত জহা, বৰা ধানৰ মূল্য বেছি। অসমীয়া মানুহে সেইবোৰ ধানৰ খেতি প্ৰায় নকৰেই। শেহতীয়াকৈ অসমত লাৱন্য আৰু কল ক’লা ধান নামৰ দুটা উন্নত প্ৰজাতিৰ ধান অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰিছে। এই ধানৰ চাউলৰ মূল্য প্ৰতিকেজি ৩০০ টকাৰো অধিক। কিন্তু অসমৰ কৃষকে এই ধানবোৰৰ খেতি নকৰে। দুই এজনে কৰে কিন্তু বিক্ৰি নহয় বুলি কয়। কিন্তু ধানখিনি বিক্ৰি কৰিবৰ বাবে কোনো প্ৰচেষ্টা গ্ৰহণ নকৰে। তেওঁলোকৰ মতে, গ্ৰাহকে আহি তেওঁলোকৰ পৰা ধানবোৰ অন্তযামীৰ দৰে আহি লৈ যাব। আৰু তেওঁলোকেই আন কৃষকে কৰিবলৈ ললে বজাৰ নাপায় বুলি কৰিবলৈ লোৱা কৃষকজনৰ মূৰত ভৰাই দিয়ে।
তদুপৰি আমাৰ ধান খেতি কৰা কৃষকসকলে খাদ্য সংসাধন আৰু প্ৰক্ৰিয়াকৰণৰ দ্বাৰাও উপকৃত হ’ব পাৰে। চাউলৰ পৰা পিঠা-পনা, সান্দহ, চিৰা, মুড়ি বনাই বিক্ৰি কৰি ভাল উপাৰ্জন কৰিব পাৰিব।
লগতে পঢ়ক-
Share your comments